Logo
image

পাকিস্তানত ৩০ টকাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

শ্বেহবাজ চৰকাৰক কঠোৰ সমালোচনা ইমৰান খানৰ

আমাৰ অসম, ২৮ মে’: আৰ্থিক সংকটত ভোগা পাকিস্তানৰ বহু চহৰৰ পাম্পত পেট্ৰ’ল-ডিজেল আৰু এটিএমত ধনৰ নাটনি হোৱাৰ সময়তে বৃহস্পতিবাৰে নিশাৰে পৰা শ্বেহবাজ শ্বৰীফ চৰকাৰে পেট্ৰ’ল-ডিজেল আৰু কেৰাচিনৰ দাম বৃদ্ধি কৰে৷ বৃহস্পতিবাৰে মাজনিশাৰে পৰা বলৱৎ হয় এই নতুন দাম৷ ইয়াৰ ফলত পাকিস্তানত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১৭৯.৮৫ টকা, ডিজেলৰ দাম ১৭৪.১৫ টকা, কেৰাচিনৰ দাম ১৫৫.৯৫ টকা আৰু লাইট ডিজেলৰ দাম ১৪৮.৪১ টকা হয়গৈ৷ এনেয়ে মূল্যবৃদ্ধিত জুৰুলা হৈ আছে পাকিস্তানৰ জনতা৷ দেশৰ ৰাজকোষত নাই ধন৷ আৰ তাৰ ওচৰত হাত পাতিবলগীয়া হৈছে পাকিস্তানৰ চৰকাৰে৷ তেনে সময়তে পাকিস্তান চৰকাৰে পেট্ৰ’ল-ডিজেল, কেৰাচিনৰ দাম একেবাৰে যথেষ্ট বৃদ্ধি কৰাত জনতা আৰু বিৰোধী দলবোৰ ক্ষুব্ধ হৈ পৰিছে৷ বৃহস্পতিবাৰে পাকিস্তানৰ বিত্তমন্ত্ৰী মিফতান ইছমাইলে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ প্ৰগ্ৰাম পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত লয়৷ ইয়াৰ বাহিৰে চৰকাৰৰ ওচৰত আন উপায় নাছিল বুলিও ইছমাইলে স্বীকাৰ কৰে৷ এদিন পূৰ্বে কাটাৰত পাকিস্তান চৰকাৰৰ প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে হোৱা আলোচনাৰ পাছতে এই সিদ্ধান্ত লয় পাকিস্তান চৰকাৰে৷ জনতাৰ সমালোচনাৰ সন্মুখীন হ’লেও উপায় নাই বুলি বিত্তমন্ত্ৰীয়ে স্বীকাৰ কৰে৷ ইপিনে, চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে৷ বিদেশী শক্তিৰ সহায়ত চৰকাৰ গঠন কৰা দলে শাসনভাৰ লৈয়েই পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ শোধোৱা বুলি তেওঁ কয়৷ কিন্তু ভাৰতে আমেৰিকাৰ সৈতে মিত্ৰতা কৰিও ৰাছিয়াৰ পৰা সস্তাত তেল কিনি দেশৰ জনতাক সকাহ দিয়া বুলি কৈ ইমৰান খানে ভাৰতৰ প্ৰশংসা কৰে৷