Logo
image

গুণোৎসৱ

এতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ২০০৯ চনত গুজৰাটত প্ৰাথমিক স্কুলৰ শিক্ষাৰ গুণগত দিশটো উন্নত কৰাৰ উদ্দেশ্যে ‘গুণোৎসৱ’ৰ আয়োজন কৰা হৈছিল৷ সেই বছৰতেই শিক্ষাৰ অধিকাৰ আইনখনো প্ৰণয়ন কৰা হৈছিল৷ ২০১৭ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমতো প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰপৰ্যন্ত গুণোৎসৱ পতাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ বিগত দুটা বছৰ ক’ভিড অতিমাৰীৰ বাবে গুণোৎসৱ পতা নহ’ল যদিও ২০২২ চনৰ ১১ মে’ৰ পৰা ২৬ জুনলৈকে গুণোৎসৱ পতাৰ ব্যৱস্থা অসম চৰকাৰে হাতত ল’লে৷ এইবেলি ৰাজ্যৰ ৩৩খন জিলাৰ ৪৬,০০০খন স্কুলৰ সৰ্বমুঠ ৪২,৫০,২২৪জন ছাত্ৰ-ছাত্ৰীক গুণোৎসৱে সামৰি লৈছে৷ সকলো চৰকাৰী, প্ৰাদেশীকৃত তথা চাহ বাগিচা কতৃৰ্পক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত স্কুলত এই গুণোৎসৱ চলিব৷ অৱশ্যে, প্ৰতিকূল পৰিস্থিতিৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দক্ষিণ শালমাৰা, হোজাই আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়ৰ গুণোৎসৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি ঘোষণা কৰিছে৷ সি যিয়েই নহওক কিয়, প্ৰাথমিক-মাধ্যমিক স্তৰৰ শিক্ষাৰ গুণগত দিশটোৰ গুৰুত্ব উপলব্ধি কৰি চৰকাৰী ব্যৱস্থাটোকো সাঙুৰি লৈ চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক অপ্ৰয়োজনীয় বুলি কোৱাৰ কোনো যুক্তি নাই৷ এই প্ৰচেষ্টাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ ফলাফল নিৰীক্ষণ কৰি প্ৰয়োজন অনুসাৰে সংশোধনী ব্যৱস্থাৰ পৰামৰ্শাৱলী গ্ৰহণ আৰু পৰৱৰ্তী সময়ত তাক কাৰ্যকৰী কৰিব বিচৰা হৈছে৷ নিৰীক্ষণৰ বাবে চৰকাৰৰ উচ্ছপদস্থ বিষয়াকে ধৰি উচ্ছশিক্ষাৰ সৈতে জড়িত অধ্যাপক বা বিষয়াসকলক দায়িত্বভাৰ দিয়া হৈছে৷ মুঠতে, সমগ্ৰ প্ৰচেষ্টাটোত এটা মহৎ উদ্দেশ্য নিহিত হৈ আছে আৰু ইয়াক ফলৱতী কৰিব পৰাকৈ কাগজে-পত্ৰই সুন্দৰ এক আঁচনি প্ৰস্তুত কৰি লোৱা হৈছে৷ সেয়ে হ’লেও এই প্ৰচেষ্টা স্থানান্তৰত সমালোচিত নোহোৱাকৈ থকা নাই৷ সবাতোকৈ গুৰুত্বপূৰ্ণ সমালোচনা হৈছে এয়ে যে আন চৰকাৰী আঁচনিৰ দৰে এইখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো প্ৰদৰ্শনমূলক প্ৰচাৰৰ দিশটোৱে অধিক গুৰুত্ব লাভ কৰিছে৷ কিহৰ বাবে এই আঁচনিৰ বাবে অপ্ৰয়োজনীয়ভাৱে ৰাইজৰ পৰাই সংগৃহীত ধন ব্যয় কৰি এটা ‘থীম ছং’ প্ৰস্তুত কৰি বিজ্ঞাপন মেলিব লাগে? স্কুলবোৰত গুণোৎসৱ হ’ব আৰু তাৰ বাবে এটা চৰকাৰী নিৰ্দেশেই যথেষ্ট; প্ৰধান শিক্ষক বা আন শিক্ষকো দৰিদ্ৰতা দূৰীকৰণ আঁচনিৰ নিৰক্ষৰ হিতাধিকাৰী নহয় যে তেওঁলোকক গীতেৰে কথা বুজাব লাগিব৷ আচলতে স্কুলবিলাকৰ বাবে সৌ তাহানিৰে পৰা ‘পৰিদৰ্শক’ৰ ব্যৱস্থা আছেই৷ তাহানিতে বিভাগৰ উচ্ছপদস্থ বিষয়াসহকাৰে বা অকলেই সংশ্লিষ্ট পৰিদৰ্শকসকলে কোনো খবৰ নিদিয়াকৈ হঠাৎ পৰিদৰ্শন কৰাৰ ব্যৱস্থা আছিল৷ এতিয়া কথাবোৰ অন্যধৰণৰ ‘বুজাবুজি’লৈ আহিল৷ ভাল নহ’লেও ভাল হৈ দেখুওৱাৰ প্ৰৱণতা এটা শিক্ষানুষ্ঠানসমূহলৈ অহাটো কোনোপধ্যেই গুণ বা মান নিৰ্দেশক হ’ব নোৱাৰে৷ উচ্ছ শিক্ষাৰ অনুষ্ঠানবোৰত যিদৰে ‘নাক’ৰ পৰিদৰ্শনৰ বাবে সংযোজিত সকলো দিশ সজাই-পৰাই লোৱা হয়, ‘পৰিদৰ্শন’ৰ পৰৱৰ্তী সময়ছোৱাত সকলো ‘ধোঁৱাচাঙ’ত উঠে, স্কুলবোৰতো যেন একেই হ’বলৈ ধৰিছে৷ আচলতে, শৈক্ষিক আৰু শিক্ষা-আনুষংগিক গুণ আহৰণ তথা অনুশীলন হৈছে এটা অবিৰত-সামগ্ৰিক প্ৰক্ৰিয়া৷ নিৰন্তৰভাৱে এই প্ৰক্ৰিয়া চলি থাকিব লাগে আৰু সময়ৰ দাবী অনুসৰি সদৰ্থকভাৱে সংশোধিত কথাবোৰ প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্ত কৰি গৈ থাকিব লাগে৷ কথাটো ঠিক পৰীক্ষাত বেছি নম্বৰ পাবলৈ কৰা চেষ্টা আৰু জ্ঞান আহৰণৰ বাবে কৰা প্ৰয়াসৰ মাজত থকা পাৰ্থক্যৰ দৰেই৷ বাহ্যিক নিৰীক্ষকক গামোচা পিন্ধাই সুস্বাদু খাদ্য তথা উপহাৰ প্ৰদান কৰি ‘গুণোৎসৱ’ৰ প্ৰকৃত উদ্দেশ্য সাধন কৰিব পৰা যাবনে? ‘গুণোৎসৱ’ নামটোৱেও সমগ্ৰ কাৰবাৰটোক এটা তৰল অৰ্থ দিয়া নাইনে? ‘উৎসৱ’ৰ অৰ্থ ‘মান-আহৰণ’ প্ৰক্ৰিয়াৰ লগত কিবা এক তেল-পানী মিহলোৱা, ইটো-সিটোত দ্ৰবীভূত নোহোৱা যেনহে নহয়গৈনে!