Logo
image

শৰীৰতে গলি যোৱাকৈ আহি আছে স্মাৰ্ট পেচমেকাৰ

আমাৰ অসম, ২৯ মে’: আমেৰিকা নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয় আৰু জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকে এইবাৰ এনে এটা পেচমেকাৰ আৱিষ্কাৰ কৰি উলিয়াইছে, যিটো পেচমেকাৰ মানৱ দেহত স্বয়ংক্ৰিয়ভাৱে দ্ৰবীভূত হৈ যাব পাৰে আৰু যিটো পেচমেকাৰৰ কোনো পাশ্বৰ্ প্ৰতিক্ৰিয়া নাথাকিব বুলি তাৎক্ষণিকভাৱে ধাৰণা কৰা হৈছে৷ এই পেচমেকাৰটো মানৱ দেহৰ ত্বকত সফলভাৱে সংস্থাপন কৰিব পৰা যাব আৰু পেচমেকাৰটোৱে স্বয়ংক্ৰিয়ভাৱে ৰোগীগৰাকীৰ স্বাস্থ্যৰ অত্যাৱশ্যকীয় বিষয়সমূহ নিৰীক্ষণ কৰি প্ৰয়োজন অনুসৰি ‘পেচিং এডজাষ্টমেণ্ট’ কৰিব৷ শৰীৰত দ্ৰবীভূত হৈ যাব পৰা ক্ষমতা আৰু এই অন্যান্য স্বয়ংক্ৰিয় কাৰ্যকলাপৰ বাবে গৱেষকে নতুনকৈ আৱিষ্কাৰ কৰা পেচমেকাৰটোক ‘স্মাৰ্ট পেচমেকাৰ’ আখ্যা দিছে৷ গৱেষকসকলে জনোৱা অনুসৰি এই যন্ত্ৰটো তেনেই পাতল আৰু লঘু৷ ইয়াত জৈৱ সামঞ্জস্যপূৰ্ণ বা ‘বায়’কম্পেটিবল’ হিচাপে নিৰ্মাণ কৰা হৈছে৷ অন্যান্য পেচমেকাৰৰ বেটাৰীৰ পৰা কোনো বিষাক্ত দ্ৰব্য বা প্ৰতিক্ৰিয়া নিৰ্গত কৰাৰ যি আশংকা থাকে এই পেচমেকাৰৰ তেনে কোনো আশংকা নাই৷ কিয়নো এই স্মাৰ্ট পেচমেকাৰত কোনো ধৰণৰ বেটাৰী ব্যৱহাৰেই নহয়৷ তদুপৰি পেচমেকাৰটো সম্পূৰ্ণৰূপে জৈৱ শোষণযোগ্য৷ এই পেচমেকাৰটো পানীত দ্ৰবনীয় ধাতু আৰু অন্যান্য উপাদানৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে, যি কেইসপ্তাহমানৰ ভিতৰত মানৱ দেহৰ তৰলত দ্ৰবীভূত হৈ যাব৷ এই পেচমেকাৰৰ জৰিয়তে চিকিৎসকে দূৰৰ পৰাই ৰোগীৰ হাৰ্টৰেট মণিটৰ কৰিব পাৰিব, দেহৰ তাপমাত্ৰাও পৰীক্ষা কৰিব পাৰিব৷  পেচমেকাৰটো স্বচ্ছল হৈ থকাৰ বাবে কোনো শক্তি যোগানৰ প্ৰয়োজন নাই৷ ইতিমধ্যে গৱেষকসকলে এই পেচমেকাৰটো এন্দুৰ আৰু কুকুৰৰ শৰীৰত সফলভাৱে পৰীক্ষা কৰিছে৷ মানৱ শৰীৰৰ সৈতে সামঞ্জস্য থকা ডাঙৰ প্ৰাণীৰ দেহত পৰীক্ষা কৰাৰ পাছতেই এই স্মাৰ্ট পেচমেকাৰটো মানৱ শৰীৰতো পৰীক্ষা কৰা হ’ব৷ এই সকলো পৰীক্ষা সফল হ’লে ভৱিষ্যতে ৰোগীৰ শৰীৰত এই স্মাৰ্ট পেচমেকাৰ সংস্থাপন কৰিব পৰা যাব৷