Logo
image

এপষেকৰ মূৰত মন্ত্ৰী সঞ্জয় কিষাণক শ্ব’কজ মুখ্যমন্ত্ৰীৰ

মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ জোৰদাৰ দাবী বিৰোধীৰ

আমাৰ অসম, ২৯ মে’: বিপদত পৰিব নেকি মন্ত্ৰী সঞ্চয় কিষাণ? আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া বুলি কৈ পাছমুহূৰ্ততে কৰযোৰে ক্ষমা বিচৰা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণলৈ অৱশেষত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এটা উগ্ৰপন্থী সংগঠনৰ ওচৰত আঠু ল’বলগীয়া হোৱা ভয়াতুৰ সতীৰ্থ মন্ত্ৰীজনৰ বিৰুদ্ধে এপষেকৰ মূৰত যেন কঠোৰ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ পৰেশ বৰুৱাৰ পৰা ৰক্ষা পৰিলেও মন্ত্ৰী কিষাণ এইবাৰ ৰোষত পৰিছে মুখ্যমন্ত্ৰীৰ৷ আগে-পিছে আৰক্ষীৰ বেষ্টনিত থাকিও ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে আলফাৰ ওচৰত সেও মনা কাৰ্যক সহজভাৱে লোৱা নাই মুখ্যমন্ত্ৰী শৰ্মাই৷ মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা বিচৰাক কেন্দ্ৰ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাত শেহতীয়াকৈ হ’লেও মুখ্যমন্ত্ৰীৰ এই শ্ব’কজৰ পৰিপ্ৰেক্ষিতত সঞ্জয় কিষাণে মন্ত্ৰিত্ব হেৰুৱাব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ ইপিনে, মুখ্যমন্ত্ৰীৰ শ্ব’কজৰ পাছতেই সঞ্জয় কিষাণক মন্ত্ৰী সভাৰ পৰা অপসাৰণৰ দাবীত সৰব হৈ পৰিছে বিৰোধী৷ উল্লেখ্য বিজু গগৈ নামৰ এজন আলফা নেতাৰ মৃত্যুৰ প্ৰসংগত মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া বুলি আখ্যা দিছিল৷ ইয়াৰ পাছতেই বিবৃতিযোগে আলফাই মন্ত্ৰী কিষাণক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ সময়সীমা বান্ধি দিছিল৷ ইয়াৰ অন্যথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী সঞ্জয় কিষাণক নিষিদ্ধ ঘোষণা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে৷ আলফাৰ এই নিৰ্দেশৰ ২৪ ঘণ্টা নৌহওঁতেই বিগত ১৫ মে’ৰ পুৱা মন্ত্ৰী সঞ্জয় কিষাণে সংবাদমেল যোগে আলফাৰ ওচৰত কৰযোৰ ক্ষমা বিচাৰে৷ তেওঁৰ বক্তব্যৰ বাবে পৰেশ বৰুৱাৰ অন্তৰত যদি দুখ দিছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী বুলিও ৰাজহুৱাকৈ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আটাইতকৈ ভয়াতুৰ কেবিনেট মন্ত্ৰীজনে৷ স্বাভাৱিকতেই সংবিধানৰ শপত লোৱা কেবিনেট মন্ত্ৰী এজনে এটা বিচ্ছিন্নতাবাদী নিষিদ্ধ ঘোষিত সংগঠনৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰে আলোড়নৰ সৃষ্টি কৰে৷ কিন্তু যিটো ঘটনাক লৈ দিল্লী-দিছপুৰত ধুমুহাৰ সৃষ্টি হৈছিল তাৰ এসপ্তাহৰ পাছতেই অৰ্থাৎ ২১ মে’ত অৰুণাচললৈ আহি ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী  সঞ্জয় কিষাণেই আদৰণিও জনাইছিল৷ অৱশ্যে ইয়াৰ পূৰ্বেও সোণোৱাল চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী সঞ্জয় কিষাণে নিজৰ বিভাগত আত্মীয় আৰু ঘৰুৱা ৰান্ধনীক চাকৰি দি শলঠেকত পেলাইছিল নিজৰে চৰকাৰখনক৷ কিন্তু আলফাক ক্ষমা বিচৰাৰ এপষেকৰ পাছত হঠাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণক শ্ব’কজ কৰা কাৰ্যই তাৎপৰ্যবহণ কৰিছে৷ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰথম অৱস্থাত সতীৰ্থ সঞ্জয় কিষাণৰ এই কাৰ্যক গুৰুত্ব দিয়া নাছিল নেকি? বিচ্ছিন্নতাবাদী সংগঠন এটাৰ ওচৰত সংবিধানৰ শপত লোৱা এজন মন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অনুশাসনমূলক ব্যৱস্থা ল’বলৈ পলম কৰিলে কিয়? প্ৰশ্ন উঠিছে এতিয়া দিল্লীৰ হেঁচাত বাধ্যত পৰি মুখ্যমন্ত্ৰীয়ে সঞ্জয় কিষাণলৈ এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নেকি? মুখ্যমন্ত্ৰীয়ে এই শ্ব’কজ কৰিলেও সম্ভৱত মন্ত্ৰী সঞ্জয় কিষাণৰ ওচৰত ইয়াৰ উত্তৰ দিয়াৰ বাবে কোনো যুক্তি নাথাকিব৷ আনহাতে মন্ত্ৰী কিষাণে শ্ব’কজৰ প্ৰত্যুত্তৰ দিলেও সেই উত্তৰ কিমান গ্ৰহণযোগ্য হ’ব ই সন্দেহজনক৷ কিয়নো যিহেতু উগ্ৰপন্থী সংগঠনৰ ভাবুকিৰ সন্মুখীন হৈছিল, তেনেহ’লে মন্ত্ৰীজনে প্ৰথমে আৰক্ষী তথা গৃহ বিভাগৰ ওচৰ চাপিব লাগিছিল৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব থকা গৃহ বিভাগে বিষয়টোক লৈ হাত দাঙি দিয়া হ’লে মন্ত্ৰী কিষাণে আলফা তথা পৰেশ বৰুৱাৰ ওচৰত ক্ষমা বিচৰা হ’লেও শ্ব’কজৰ প্ৰয়োজনীয়তা আহি নপৰিলহেঁতেন৷ সংবিধানৰ শপত লোৱা মন্ত্ৰীজনে বিচ্ছিতাবাদী সংগঠনৰ ওচৰত আঠু লোৱা প্ৰসংগত হাজাৰ যুক্তি দিলেও সেয়া যে চৰকাৰৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে স্পষ্ট৷ তেনেস্থলত শ্ব’কজৰ প্ৰত্যুত্তৰৰ পাছতেই মন্ত্ৰী সঞ্জয় কিষাণক মন্ত্ৰীসভাৰ পৰা মুখ্যমন্ত্ৰীয়ে অব্যাহতি দিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ যদিহে মন্ত্ৰী কিষাণক অপসাৰণ নকৰে, তেনেহ’লে মুখ্যমন্ত্ৰীয়ে নিয়মমাফিক শ্ব’কজ কৰি চৰকাৰৰ সন্মানহানি কৰা বিষয়টোৰ পৰা দায়িত্ব সামৰিব বিচাৰিছে নেকি বুলিও চৰ্চা লাভ কৰিছে৷ অৱশ্যে মন্ত্ৰী সঞ্জয় কিষাণক মুখ্যমন্ত্ৰীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছতেই যেন সাৰ পাইছে বিৰোধী বিধায়কে৷ সঞ্জয় কিষাণ মন্ত্ৰী সভাত থকাৰ যোগ্যতা নাই বুলি উল্লেখ কৰি কিষাণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো দাবী জনাইছে কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে৷ ইপিনে আন এজন কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সঞ্জয় কিষাণক মন্ত্ৰীসভাৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰাৰো দাবী জনাইছে৷ তদুপৰি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সংবিধানৰ শপত লোৱা মন্ত্ৰীজনে আলফাৰ ওচৰত আঁঠু লোৱা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷ আনহাতে কংগ্ৰেছ বিধায়ক আব্দুল ৰহিম আহমেদে মন্ত্ৰী সঞ্জয় কিষাণক শীঘ্ৰে কৰায়ত্ত কৰি জে’ললৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে৷