Logo
image

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা হাস্পতালৰ ভাগি পৰিল ‘আকাশী সৰগ’

আমাৰ অসম, ২৯ মে’: এইবাৰ এজাক বৰষুণতে খহি পৰিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ নৱনিৰ্মিত কেন্সাৰ কেন্দ্ৰটোৰ দুখনকৈ চিলিং৷ আজি সন্ধিয়া অহা সামান্য এজাক বৰষুণতে এই ডেৰশ কোটিটকীয়া কেন্সাৰ কেয়াৰ কেন্দ্ৰটোৰ চিলিং খহি পৰা কাৰ্যই কেন্দ্ৰটি নিৰ্মাণত যে বিসংগতি ৰৈ গৈছে সেই কথা স্পষ্ট কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি শুভ উদ্বোধন কৰিছিল৷ উল্লেখনীয় কথা যে, আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বনৰ অধীনত টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ সহযোগত এই কেন্দ্ৰটো প্ৰায় ১৫০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল৷ আজি সন্ধিয়া এজাক বৰষুণতে এই ডেৰশ কোটি টকীয়া কেন্সাৰ কেন্দ্ৰটোৰ দুখনকৈ চিলিং খহি পৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ অত্যাধুনিকৰূপত নিৰ্মাণ কৰা কেন্সাৰ কেন্দ্ৰটো এজাক সাধাৰণ বৰষুণতে কেনেদৰে খহি পৰিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই কেন্সাৰ কেন্দ্ৰটো কাৰ্যক্ষম হোৱাৰ এমাহৰ ভিতৰতে এনেদৰে চিলিং খহি পৰা কাৰ্যই কেন্সাৰ কেন্দ্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বৰূপ উদঙাই তুলিছে৷ লক্ষ্যণীয় কথা যে আজি কেন্সাৰ কেন্দ্ৰটোৰ সন্মুখভাগৰ চিলিং বৰষুণত খহি পৰাৰ কথা কেন্দ্ৰটোৰ অধীক্ষকে অজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে লখিমপুৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধীক্ষকে নিশ্চিত কৰিছে৷ উল্লেখ্য যে, লখিমপুৰত ৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনৰ দেৱালত ফাট আৰু আলট্ৰাছাউণ্ড কক্ষৰ মজিয়াত হোৰাহোৰে পানী পৰা ঘটনাৰ পাছত এইবাৰ কেন্সাৰ কেন্দ্ৰত এনে ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ উৰ্ধতম মহলৰ চকু কেতিয়া মেল খাব তাক লৈ সৰৱ চৰ্চা চলিছে৷