Logo
image

গুণোৎসৱে নিৰূপিত কৰিবনে অসমৰ স্কুলীয়া শিক্ষাৰ মান?

স্কুলীয়া শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে গুণোৎসৱ উদ্‌যাপন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম দ্বিতীয়খন ৰাজ্য৷ ২০১৭ চনৰ পৰা আৰম্ভ কৰা এই গুণোৎসৱে ৰাজ্যখনৰ বিভিন্ন চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাৰ গুণগত মান নিৰ্ধাৰণ, বিদ্যালয়ৰ আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দিশত পাৰদৰ্শিতা নিৰূপণ, উদ্ভাৱনী চিন্তা, বিদ্যালয়ৰ পৰিচালন ব্যৱস্থা, মধ্যাহ্ন ভোজন, মাতৃ-গোট, অভিভাৱকৰ ভূমিকা আদি বিভিন্ন বিষয় সম্পৰ্কে আনুষ্ঠানিকভাৱে জনাৰ ক্ষেত্ৰত এক সৱল ভূমিকা পালন কৰিছে৷ স্কুলীয়া শিক্ষাক সঠিকভাৱে গঢ় দিব নোৱাৰিলে উচ্ছ শিক্ষাই আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰাটো নিশ্চিত৷ অৰ্থাৎ শিক্ষাৰ ভেটি সৱলীকৰণৰ যোগেদিহে মানৱ সম্পদ আশানুৰূপভাৱে আগবঢ়াই নিব পাৰি৷ বিশ্বৰ উন্নত ৰাষ্ট্ৰ বা দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰসমূহে স্কুলীয়া শিক্ষাক অতি বিজ্ঞানসন্মতভাৱে এক সু-পৰিচালন ব্যৱস্থাৰে আগবঢ়াই নিয়াৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাসমূহ যেনে কাৰিকৰী শিক্ষা, মেডিকেল শিক্ষা, বিশ্ববিদ্যালয় শিক্ষা, গৱেষণা আদিৰ মান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ ফিনলেণ্ড, ডেনমাৰ্ক, নিউজীলেণ্ড, ইংলেণ্ড, আমেৰিকা, ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়াকে ধৰি আন বহু ইউৰোপীয় ৰাষ্ট্ৰই স্কুলীয়া শিক্ষা অব্যাহত থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ মেধা, যোগ্যতা, বিশ্লেষণাত্মক চিন্তা, উদ্ভাৱনী শক্তি, সৃষ্টিশীলতা, অন্যান্য প্ৰতিভা নিৰূপণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে৷ সেই মৰ্মে শিক্ষাৰ আৰম্ভণি পৰ্যায়তে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দিশত আগ্ৰহ, মেধাশক্তিকে ধৰি আন গুণ-প্ৰতিভাসমূহ নিৰ্ধাৰণ কৰিব পাৰিলে পাছৰ পৰ্যায়ত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি বিষয়ত অগ্ৰাধিকাৰ দিব সেই সম্পৰ্কে জ্ঞাত হ’ব পাৰি৷ উপৰিউক্ত ৰাষ্ট্ৰসমূহে সেয়েহে শিক্ষাৰ মান অটুট ৰখাৰ বাবে বিদ্যালয়ৰ আন্তঃগাঁথনি, পাঠ্যক্ৰম, শিক্ষাদানৰ পদ্ধতি, শিক্ষক প্ৰশিক্ষণ, ছাত্ৰ-শিক্ষকৰ অনুপাত, শিক্ষকৰ দা-দৰমহা, সা-সুবিধা প্ৰদান, বিদ্যালয়সমূহৰ পৰিচালনা ব্যৱস্থা আদিত বিশেষ গুৰুত্ব আৰোপ কৰে৷ দেশৰ ভৱিষ্যৎ গঢ়াৰ বাবে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি উন্নত, দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ লগতে আন বহু দেশেও প্ৰাথমিক শিক্ষাৰ পৰা উচ্ছ শিক্ষালৈকে ধনৰ বিনিয়োগ বৃদ্ধি কৰিছে৷ মধ্য-প্ৰাচ্যৰো বহু কেইখন দেশত বৰ্তমান শিক্ষাৰ মান পূৰ্বৰ তুলনাত বহু বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল চৰকাৰৰ আন্তৰিক সদিচ্ছা৷ ভাৰতবৰ্ষৰ দৰে এখন জনবহুল ৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত ৰূপত মানৱ সম্পদ ৰূপে গঢ়াৰ ক্ষেত্ৰত স্কুলীয়া শিক্ষা অতি সৱল হোৱাটো বাঞ্চনীয় যদিও অদ্যপৰিমিত সেয়া হৈ উঠা নাই৷ দেশ স্বাধীন হোৱাৰ পাছৰে পৰা গঠিত হ’ল বহু শিক্ষা আয়োগ, চাৰিখন শিক্ষানীতি, দাখিল হ’ল বহু কমিটীৰ প্ৰতিবেদন, প্ৰযোজ্য হ’ল কেইবাখনো শিক্ষা আইন৷ প্ৰতিটো কেন্দ্ৰীয় চৰকাৰৰ আমোলত শিক্ষাৰ বিকাশৰ উদ্দেশ্যে বহুবোৰ আঁচনিৰ নামত কোটি কোটি টকা বিনিয়োগ হ’ল যদিও আজিও আশা কৰা মতে সুফল পোৱা নগ’ল৷ ‘এছাৰ’ অৰ্থাৎ ‘এনুৱেল ষ্টেটাছ অন এডুকেশ্যন ৰিপ’ৰ্ট’ত বছৰি উন্মোচিত হৈ আহিছে প্ৰাথমিক, মাধ্যমিক শিক্ষাৰ পুতৌলগা স্বৰূপ৷ ‘এছাৰ’ৰ তথ্যমতে অসমৰ স্কুলৰ ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি, ক্লাছ ছেভেনত পঢ়া বহু ছাত্ৰই পূৰণ, হৰণ কৰিব নোৱাৰা আদি উদ্বিগ্নতাৰ বিষয়৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত গুণোৎসৱৰ যোগেদি বিদ্যালয়সমূহৰ মান নিৰূপণ কৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে৷ ইতিমধ্যে হৈ যোৱা গুণোৎসৱত বহুবোৰ দিশ উন্মোচিত হৈছে৷ অসমৰ অধিকাংশ স্কুলতে শিক্ষক-ছাত্ৰৰ সমবিন্যাস নাই৷ ক’ৰবাত যদি শিক্ষক বেছি, ছাত্ৰ কম, ক’ৰবাত আকৌ ছাত্ৰ বেছি শিক্ষক কম৷ প্ৰাথমিক পৰ্যায়ত শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত ১:৩০, উচ্ছ প্ৰাথমিকত ১:৩৫, মাধ্যমিকত ২:৪০ হোৱাটো কেন্দ্ৰীয় চৰকাৰৰ মতে নিয়মৰ কথা৷ কিন্তু অসমত এই অনুপাত অধিকাংশ স্কুলতে নাই৷ বহু বিদ্যালয়ত বিজ্ঞান শিক্ষক নাই, বহুতত নাই ইংৰাজীৰ শিক্ষক৷ বহু শিক্ষক আছে ঠিকাভিত্তিত, কিছু শিক্ষক আছে অনিয়মীয়াভাৱে৷ আন্তঃগাঁথনি, কম্পিউটাৰৰ সা-সুবিধাও আশাপ্ৰদ নহয় বহু স্কুলত৷ কোৱা বাহুল্য পূৰ্বতে হোৱা গুণোৎসৱতে এনে দিশসমূহ পোহৰলৈ আহিছিল যদিও চৰকাৰে এই অসুবিধাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত সফল হোৱা নাই৷ এনে বহু সমস্যাৰ মাজতে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেই অনুসৰি পূৰ্বৰ ১০+২ ব্যৱস্থাৰ পৰিৱৰ্তে ২০২৩ চনৰ পৰা অসমতো সংযোজিত হ’ব ৫+৩+৩+৪ ব্যৱস্থাৰ৷ এই ব্যৱস্থা অনুসৰি প্ৰাক-স্কুল পৰ্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যন্ত স্কুলীয়া শিক্ষা অন্তৰ্গত হ’ব৷ এনে সময়ত অৰ্থাৎ এক গাঁথনিগত পৰিৱৰ্তন আৰু ব্যৱস্থাগত পৰিৱৰ্তনৰ আগে আগে হোৱা গুণোৎসৱে প্ৰতিফলিত কৰা দিশসমূহ চৰকাৰে কাৰ্যকৰী কৰাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমৰ ভৱিষ্যৎ দিনৰ স্কুলীয়া শিক্ষাৰ দৃশ্যপট৷ শিক্ষাখণ্ডত শেহতীয়াকৈ অসম চৰকাৰে বাগিচা অঞ্চলত বিদ্যালয় স্থাপনৰ পৰা আই টি আই, পলিটেকনিক আদিক টাটা প্ৰতিষ্ঠানৰ সহযোগিতাৰে পুনৰুজ্জীৱিত কৰালৈকে বহু ব্যৱস্থা গ্ৰহণ কৰিছে৷ আঁচনি আহিছে, গৈছে৷ কিন্তু সফল ৰূপায়ণ কিমান হয় সেয়াহে অতি গুৰুত্বপূৰ্ণ৷ নতুন শিক্ষানীতি প্ৰয়োগৰ আগে আগে চৰকাৰে সকলো দিশৰ যুক্তিপূৰ্ণ বিশ্লেষণ কৰা উচিত৷