Logo
image

উত্তৰ দিবলৈ দিছপুৰলৈ আহিও ‘নিৰুত্তৰ’ মন্ত্ৰী কিষাণ

বিতাড়িত হোৱাৰ সম্ভাৱনাত সতীৰ্থৰ উৎসাহ

আমাৰ অসম, ৩০ মে’: আলফাৰ ওচৰত ক্ষমা খুজি মুখ্যমন্ত্ৰীৰ ৰোষত পৰা মন্ত্ৰী সঞ্জয় কিষাণক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছত সংবাদ মাধ্যমৰ পৰা কাৰ্যতঃ ‘পলাই’ আছে মন্ত্ৰী কিষাণ৷ মুখ্যমন্ত্ৰীয়ে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ মুহূৰ্তৰ পৰা সংবাদ মাধ্যমে বিচাৰি পোৱা নাই মন্ত্ৰী কিষাণক৷ উল্লেখ্য, কিছুদিন পূৰ্বে মন্ত্ৰী কিষাণে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনা কৰি কৈছিল– ‘পৰেশ বৰুৱাই ইতিমধ্যে অসমবাসীৰ ওচৰত বহু মিছা কথা কৈছে৷ অসমৰ মানুহে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷’ এই কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পাছত আলফাই [স্বা] মন্ত্ৰী কিষাণক ক্ষমা বিচৰাৰ বাবে সময় ধৰি দিছিল৷ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নিবিচাৰিলে তিনিচুকীয়া-ডিব্ৰুগড়ত মন্ত্ৰীজনক নিষিদ্ধ ঘোষণা কৰিছিল আলফাই [স্বা]৷ কিন্তু ২৪ ঘণ্টা পাৰ হ’বলৈ নৌপাওতেই আলফাৰ [স্বা]ওচৰত ক্ষমা বিচাৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে৷ মন্ত্ৰী কিষাণে আলফাৰ ওচৰত ক্ষমা বিচৰা কাৰ্যক শাসক-বিৰোধী বা অৰাজনৈতিক ব্যক্তি সংগঠনেও তীব্ৰ গৰিহণা দিয়াৰ এপষেকৰ মূৰত মন্ত্ৰী কিষাণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ কি পৰিস্থিতিত মন্ত্ৰী কিষাণে আলফাৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হ’ল সেই সন্দৰ্ভত দেওবাৰৰ ভিতৰত লিখিতভাৱে সবিশেষ জনাবলৈ জাননী জাৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ পৰা দূৰে দূৰে আছে মন্ত্ৰী কিষাণে৷ উত্তৰ দিবলৈ দিছপুৰলৈ আহিও ‘নিৰুত্তৰ’ মন্ত্ৰী কিষাণ৷ সংবিধান ৰক্ষাৰ শপত লৈ মন্ত্ৰী সঞ্জয় কিষাণে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ ওচৰত ক্ষমা বিচৰাৰ পাছত মন্ত্ৰী কিষাণক মন্ত্ৰিত্বৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপিত হৈছিল৷ মন্ত্ৰী কিষাণক মুখ্যমন্ত্ৰী শৰ্মাই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছতে উৎসাহী হৈ পৰিছে শাসকীয় দলটোৰ মন্ত্ৰিত্ব প্ৰত্যাশীসকল৷ সঞ্জয় কিষাণ মন্ত্ৰিত্বৰ পৰা বিতাড়িত হোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পাছত তেওঁৰ আসনখনত অধিষ্ঠিত হ’বলৈ উদগ্ৰীব হৈ পৰিছে মন্ত্ৰিত্ব প্ৰত্যাশী বহু বিধায়ক৷ এনে বিধায়কৰ ভিতৰত বিধায়ক তেৰছ গোৱালা, ৰূপজ্যোতি কুৰ্মী, প্ৰশান্ত ফুকন আদি থকাৰ কথা চৰ্চিত হৈছে৷ শাসকীয় দলটোৰ একাধিক মন্ত্ৰী বিধায়কে মন্ত্ৰী কিষাণৰ বিৰুদ্ধে আক্ৰমণাত্মক লৈ পৰিছে৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ জাননী কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়– এটা সশস্ত্ৰ, নিষিদ্ধ সংগঠনৰ ওচৰত ক্ষমা বিচৰাটো নিশ্চিতভাৱে ভুল৷ এনে সংগঠন এটাৰ ওচৰত ক্ষমা বিচাৰিলে কি কৰিব লাগে সেই বিষয়ে ৰাষ্ট্ৰৰ ব্যৱস্থা থাকে৷ এটা নিষিদ্ধ ঘোষিত সংগঠনৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে নিশ্চিতভাৱে এই ‘ৰিয়েকচনো’ থাকে৷ বিধায়ক জয়ন্ত মল্ল বৰুৱাই উক্ত কাৰ্যক লৈ স্পষ্টভাৱে মত প্ৰকাশ কৰাৰ বিপৰীতে শাসকীয় দলটোৰ বহু বিধায়কৰ স্থিতি ৰহস্যজনক৷ তেওঁলোকে আলফাৰ প্ৰতি সহানুভূতিশীল নে আলফাৰ বিৰুদ্ধে মতপ্ৰকাশ কৰিবলৈ তেওঁলোকৰ সাহসৰ অভাৱ নে এই সন্দৰ্ভত কিবা মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ ভয় সেয়া স্পষ্ট নহয়৷ আলফাৰ ওচৰত মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা বিচৰা সন্দৰ্ভত ‘আমাৰ অসম’ৰ ফালৰ পৰা বাৰম্বাৰ প্ৰশ্ন কৰাত বিধায়ক ৰঞ্জিত দত্তই কয়– ‘মই এই বিষয়ে একো নকও৷ মই সামান্য বিধায়কহে৷ কিবা যদি সুধিবলগীয়া আছে মন্ত্ৰীসকলক সোধক৷’ একে সুৰত মত প্ৰকাশ কৰে বিধায়ক প্ৰশান্ত ফুকনে৷ তেওঁ কয়– ‘মোৰ একো ক’বলগীয়া নাই৷ যি কৰিব মুখ্যমন্ত্ৰীয়ে কৰিব৷’ বিধায়ক বিনোদ হাজৰিকাৰ এই সন্দৰ্ভত মন্তব্য– ‘মই একো গমেই পোৱা নাই৷’ বিধায়ক ৰূপেশ গোৱালাৰ মন্তব্য– ‘মই এই বিষয়ত কোনো মন্তব্য দিব খোজা নাই৷’ ইফালে, মন্ত্ৰী কিষাণে আলফাৰ ওচৰত ক্ষমা বিচৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, জাতীয় সংগঠন আছুৰ নেতৃত্বই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰাৰ বিপৰীতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীক অসমত মুখ্যমন্ত্ৰীৰ ‘ৰাজ’ চলিছে নে আলফাৰ ‘ৰাজ’ চলিছে সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে৷  

এয়া ১৯৮৯ৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ আগজাননীঃ ভূপেন বৰা

এতিয়া অসমত দুজন ‘চীফ’ আছে৷ দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে৷ এজন হৈছে ‘চীফ মিনিষ্টাৰ’, অৰ্থাৎ মুখ্যমন্ত্ৰী, আৰু আনজন হৈছে ‘কামাণ্ডাব-ইন-চীফ’, অৰ্থাৎ মুখ্য সেনাধ্যক্ষ৷ ১৯৮৯ চনত এনেকুৱা পৰিৱেশেই হৈছিল৷ তেতিয়াও এজন ‘চীফ মিনিষ্টাৰ’ আছিল, প্ৰফুল্ল কুমাৰ মহন্তৰ অসম গণ পৰিষদৰ চৰকাৰ আৰু এজন আছিল কামাণ্ডাৰ-ইন-চীফ পৰেশ বৰুৱা৷ পৰৱৰ্তী সময়ত উপায় নাপাই কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰপতি শাসন দিবলৈ বাধ্য হৈছিল আৰু অগপৰ শাসনকাল শেষ হৈছিল৷ এতিয়া বিজেপি চৰকাৰ– ‘চীফ মিনিষ্টাৰ’ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এজন হৈছে ‘কামাণ্ডাৰ-ইন-চীফ’ পৰেশ বৰুৱা৷ এতিয়া অসম চৰকাৰৰ মন্ত্ৰীসকল নিজেই বিভ্ৰান্ত৷ মন্ত্ৰীসকলে ভালকৈ ধৰিব পৰা নাই- ‘চীফ মিনিষ্টাৰ’ বেছি শক্তিশালী নে ‘আলফা’ৰ ‘কামাণ্ডাৰ-ইন-চীফ’ বেছি শক্তিশালী৷ এতিয়া মন্ত্ৰীয়ে নিৰাপত্তা বিচাৰি ‘কামাণ্ডাৰইন-চীফ’ক পাৱে পৰি হৰি কৰিবলগীয়া হৈছে৷ চৰকাৰক তীক্ষ্ণ আক্ৰমণ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ বৰাই আৰু কয়– পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ নামিছে যে এতিয়া মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক ‘শ্ব’কজ’ কৰি বুজাবলগীয়া হৈছে যে ‘কামাণ্ডাৰ-ইন-চীফ’ নহয় মুখ্যমন্ত্ৰী বেছি শক্তিশালী৷ অসমত এতিয়া প্ৰকৃতাৰ্থত পৰিৱেশ, পৰিস্থিতি কি সেয়া তিনিচুকীয়াৰ প্ৰতিনিধি সঞ্জয় কিষাণে ভালকৈ উপলব্ধি কৰিছে৷ উচ্ছ-শিক্ষিত নিবনুৱাই মূৰে-কপালে হাত দি, হতভম্ব হৈ এই চৰকাৰৰ পৰিৱৰ্তনৰ আশা তেওঁলোকে বাদ দি এতিয়া শ শ ডেকা ল’ৰা আলফালৈ যাবলৈ আৰম্ভ হৈছে, যিটো কাৰণে তিনিচুকীয়াৰ পৰা অসম বিধান সভাক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী সঞ্জয় কিষাণে চাৰিওফালে নিৰাপত্তা বেষ্টনী, ‘এছকৰ্ট’, ‘পাইলট’ থকাৰ পিছত, ঘৰত ‘হাউছগাৰ্ড’ থকাৰ পিছত এতিয়া ‘আলফা’ সেনাধ্যক্ষৰ ভৰিত ধৰিবলৈ ঘূৰি ফুৰিছে৷ মুখ্যমন্ত্ৰীয়ে তেওঁক বুজাবলগীয়া হৈছে৷ এনে পৰিস্থিতিত কেন্দ্ৰই হস্তক্ষেপ কৰাৰ সময় সমাগত৷ ১৯৮৯ চনব পৰিৱেশ, অগপৰ শাসনত যেনেকুৱা হৈছিল, এতিয়া বিজেপিৰ শাসনতো যে সকলো সেইধৰণেই গতি কৰিছে৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে যে কৈছিল নেতাসকলে চিটিবাছত ঘূৰিব, অসমত নিৰাপত্তৰক্ষীৰ প্ৰয়োজন নাই, তাৰ প্ৰকৃত ছবিখন আজি সঞ্জয় কিষাণে স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ চকুৰ আগত দেখুৱাই দিলে৷ 

মুখ্যমন্ত্ৰীৰ নে আলফাৰ ৰাজ চলিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰকঃ ৰিপুণ বৰা

কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া বুলি কৈ পাছমুহূৰ্ততে কৰযোৰে ক্ষমা বিচাৰিলে৷ তেওঁ নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি সহানুভূতি দেখুৱালে– এই ভাষ্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷  দেওবাৰে অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটীৰ জয়ানগৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি বৰাই কয়– মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ বাবে এপষেক সময় ল’লে৷ মুখ্যমন্ত্ৰীয়ে ইমান দিনে শুই থাকি শনিবাৰেহে সাৰ পালে৷ আজি অসমত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আছে নে? এতিয়া মুখ্যমন্ত্ৰীৰ ৰাজ চলিছে নে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ ৰাজ চলিছে মুখ্যমন্ত্ৰীয়ে সেয়া স্পষ্ট কৰক৷ এজন মন্ত্ৰীয়ে যদি পৰেশ বৰুৱাক ক্ষমা বিচাৰিছে তেনেহ’লে তেওঁ অপৰাধী৷ তেওঁ পৰোক্ষভাৱে আলফালৈ যাবলৈ আনক আনুপ্ৰাণিত কৰিছে৷ আলফালৈ পৰোক্ষভাৱে ভাবে আনক যাবলৈ ইন্ধন যোগোৱা মন্ত্ৰী সঞ্জয় কিষাণ এজন অপৰাধী৷