Logo
image

মুকলি বজাৰৰ পৰা ১,২০০ কোটি টকা ঋণ ল’ব ৰাজ্যই

আমাৰ অসম, ৩০ মে’: ‘দাইল পনীয়া হ’লেও সোৱাদ আছে, ভিনিদেৱে মাটি বন্ধক দিলেও বাইদেউ সুখ আছে৷’’– এই প্ৰবচন ফাঁকিৰ দৰেই জোৰা টাপলি মৰাৰ অৱস্থাৰ সন্মুখীন হৈছে অসম চৰকাৰৰ৷ হিতাধিকাৰী সৃষ্টিৰে অবাঞ্ছিত অভিলেখ ৰচনা কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবেই ধাৰ-ঋণ লৈ তত্‌ নোপোৱা অৱস্থাৰ মুখামুখি হৈছে৷ অসমক কেন্দ্ৰীয় চৰকাৰে জিএছটি ক্ষতিপূৰণ দিয়াটো জুনৰ পৰা বন্ধ কৰি দিবলৈ সাজু হোৱাৰ পৰিপ্ৰেক্ষিতত দিছপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ চৰকাৰে জুন মাহত মুকলি বজাৰৰ পৰা ১,২০০ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসমে শেহতীয়াকৈ জিএছটিৰ বাবদ মাহে গড়ে ১২শ কোটি টকাকৈ জিএছটিৰ ধন সংগ্ৰহ কৰি আহিছে৷ বছৰি অসম চৰকাৰৰ অংশ হিচাপে কেন্দ্ৰৰ পৰা প্ৰায় ৩,৫০০ কোটি টকা লাভ কৰিছিল দিছপুৰে৷ বিগত মাৰ্চত অসমত জিএছটি আহৰণ হৈছিল ১,৩১৩ কোটি টকা৷ কিন্তু কৰ্মচাৰীৰ বেতনৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ গৈ বিভিন্ন হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাত ৰাজকোষৰ পৰা প্ৰতিমাহে ওলাই গৈছে হাজাৰ-হাজাৰ কোটি টকা ধন৷ স্বাভাৱিকতেই এতিয়া জি এছ টি ক্ষতিপূৰণ বন্ধ হোৱাটো নিশ্চিত হোৱাত উপায়ন্তৰ হৈ দিছপুৰে নতুনকৈ ১,২০০ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে৷ ইতিপূৰ্বে চৰকাৰৰ ঋণৰ বোজা এক লাখ কোটি টকাৰ সীমা পাৰ হৈছে৷ আনহাতে, ২০২২-২৩ বিত্তীয় বৰ্ষত চৰকাৰে প্ৰায় ১৭ হাজাৰ কোটি টকা ঋণ লোৱাৰো প্ৰস্তাৱ ৰাখিছে৷ স্বাভাৱিকতেই এই ঋণৰ সুদৰ জোৰা মৰাৰ বাবে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰতেই যে মাধমাৰ শোধাৱ সেয়া স্পষ্ট৷ ইয়াৰ অংশস্বৰূপেই পৰিবহণ বিভাগক কৰ-কাটল সংগ্ৰহত ৰাজপথত নামি পৰাৰ বাবে দিছপুৰে সেউজ সংকেত দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ সেই সূত্ৰেই ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ মাজেৰে প্ৰথমটো কৰ সংগ্ৰহ অভিযান আৰম্ভ কৰাৰ বাবে সাঁজু হৈছে পৰিবহণ বিভাগ৷