Logo
image

ৰান্ধনিঘৰৰ এইবোৰ বস্তু সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ নকৰিব

সৌন্দৰ্য চৰ্চাক লৈ নানা মুনিৰ নানা মত৷ কোনোবাই যদি জেপৰ ধন খৰচ কৰি বিউটিপাৰ্লাৰলৈ যায়, আন কোনোৱে আকৌ ঘৰুৱা উপায়েৰে সৌন্দৰ্য চৰ্চা কৰে৷ ঘৰুৱা উপায়েৰে যিসকলে সৌন্দৰ্য চৰ্চা কৰে, তেওঁলোক প্ৰায়ভাগেই পাকঘৰত ব্যৱহাৰ হোৱা উপাদান ব্যৱহাৰ কৰে৷ কিন্তু পাকঘৰত ব্যৱহাৰ হোৱা সকলোবোৰ ৰন্ধন উপাদানেৰে সৌন্দৰ্য চৰ্চা কৰাটো ঠিক নহয়৷  কিছুমান ৰন্ধন উপাদান পোনে পোনে ছালত লগালে মাৰাত্মক ক্ষতি হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ ৰন্ধন উপাদান ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি হয়–

– ছাল পুৰিলে বহুতে নেমু ব্যৱহাৰ কৰে৷ নেমুত ভিটামিন চিৰ উপৰি প্ৰচুৰ পৰিমাণে এচিড থাকে৷ সেয়ে নেমু ছালত পোনে পোনে ব্যৱহাৰ কৰিবলৈ গ’লে উপকাৰ পোৱাৰ সলনি ভয়ানক অপকাৰ হ’ব পাৰে৷ বহুতে ফেচপেকৰ সৈতে নেমু ব্যৱহাৰ কৰে৷ ইয়াৰ বাবে ছালৰ মাৰাত্মক ক্ষতি হোৱাৰ আশংকা থাকে৷

– সৌন্দৰ্য চৰ্চাৰ বাবে বহুতে চেনি ব্যৱহাৰ কৰে৷ চেনি সাধাৰণতে স্ক্ৰাবিঙৰ কামত ব্যৱহাৰ হয়৷ কিন্তু চেনিয়ে ছালৰ জ্বলা-পোৰা ভাব বঢ়ায়৷ তদুপৰি শালমনৰ সমস্যা বঢ়াব পাৰে৷ একেদৰে নিমখো ছালত ব্যৱহাৰ নকৰিব৷

– বহুতৰে ধাৰণা ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে ডালচিনিয়ে৷ এই ধাৰণা ভুল৷ ডালচিনি মুখমণ্ডলত লগালে জ্বলা-পোৰা হ’ব পাৰে৷ লগতে ছালৰ বৰণ সলনি হ’ব পাৰে৷ যিসকলৰ ছাল অতি ছেন্সিটিভ, তেওঁলোকৰ ক্ষেত্ৰত ডালচিনি বেছি অপকাৰী৷

– ছালত বেকিং চ’ডা ভুলতো নলগাব৷ বেকিং চ’ডাই ছালত বয়সৰেখাৰ সৃষ্টি কৰে৷

– শীত কালত বা গা ধোৱাৰ পূৰ্বে বহুতে সৰিয়হৰ তেল গাত সানে৷ কিন্তু সকলোৰে ছালৰ বাবে সৰিয়হৰ তেল উপকাৰী নহ’বও পাৰে৷ সেয়ে জানি-বুজি গাত সৰিয়হৰ তেল লগাব৷