Logo
image

আয়তকৈ ব্যয় বাঢ়িছে অগপৰ

আমাৰ অসম, ৩১ মে’: উপাৰ্জনতকৈ খৰচ বাঢ়িছে অতুল বৰা-কেশৱ মহন্ত নেতৃত্বাধীন অগপ দলৰ৷ দেশৰ আঞ্চলিক দলসমূহৰ আয়-ব্যয়, নিৰ্বাচনী ব্যয় আৰু উপাৰ্জনৰ সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পোৱা এডিআৰৰ [এছ’চিয়েশ্বন ফৰ ডেমক্ৰেটিক ৰিফমৰ্ছ] প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ লক্ষণীয় যে অগপৰ বাহিৰে নিৰ্বাচন আয়োগৰ ৱেবছাইটত ৰাজ্যৰ আন দুটা পুৰণি প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে এআইইউডিএফ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ২০২০-২১ বৰ্ষৰ কোনো বিত্তীয় তথ্য সন্নিৱিষ্ট কৰা নাই বুলি এডিআৰৰ ৰিপ’ৰ্টত উল্লেখ আছে৷ অগপ দলে নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দলটোৰ ১২ লাখ ১৬ হাজাৰ টকা আয় হোৱাৰ বিপৰীতে খৰচ হৈছে ১৫ লাখ ৬৯ হাজাৰ টকা৷ অগপৰ উপাৰ্জনৰ মূল উৎসই ডনেশ্বন অৰ্থাৎ দান-বৰঙণিৰ পুঁজি৷ ২০২০-২১ বৰ্ষত মুঠ ৭ লাখ ৩৬ হাজাৰ টকা অৰ্থাৎ মুঠ উপাৰ্জনৰ ৬০.৫৩ শতাংশ পুঁজিয়েই হেনো অগপই দান-বৰঙণিৰ পৰা লাভ কৰিছে৷ ইয়াৰ পাছতেই অগপৰ উপাৰ্জনৰ বিত্তীয় উৎস হৈছে ঘৰভাড়া৷ মুঠ ৪ লাখ  ৭৩ হাজাৰ টকা অগপই বছৰটোত ঘৰভাড়াৰ পৰা লাভ কৰিছে৷  বেংকৰ সুদৰ বাবদতো লাভ কৰিছে ৬৫ হাজাৰ টকা৷ লক্ষণীয় সদ্যপ্ৰকাশিত এডিআৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দেশৰ ৩১টা ৰাজনৈতিক দলৰ ভিতৰত ১০টাৰ উপাৰ্জন বৃদ্ধি পাইছে৷ অগপৰ লগতে ডিএম কে এআইডিএমকে, টিডিপি, চিপিআই [এমএল], এন পি এফ আদি ১৪টা আঞ্চলিক দলৰ আয়তকৈ অধিক ব্যয়  হোৱা  বুলি প্ৰকাশ পাইছে এবিআৰৰ প্ৰতিবেদনত৷