Logo
image

ম্যানমাৰৰ শিবিৰৰ পৰা পলায়ন কৰা দুই আলফা সেনাৰ জিম্মাত

আমাৰ অসম, ৩১ মে’: আৱেগৰ বশৱৰ্তী হৈ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লৈছিল যদিও অৱশেষত নিজৰ ভুল বুজি মূলসুঁতিলৈ উভতি অহাৰ বাবে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰা  শ্যামল বৰুৱা ওৰফে নিয়ৰ অসম আৰু সুৰজিৎ গগৈ ওৰফে খেপৌ অসম এতিয়া আছাম ৰাইফলছৰ জিম্মাত৷ আলফাৰ ম্যানমাৰস্থিত ৰ্ষ নেতৃত্বই৷ গোপনে শিবিৰ ত্যাগ কৰা সদস্যদ্বয়ক হত্যা কৰাৰ লক্ষ্যৰে আলফাৰ কেডাৰ ৰূপম অনংগলু শিবিৰৰ পৰা পলায়ন কৰা এই দুই সদস্যক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ দিছিল আলফাৰ শীসমৰ নেতৃত্বত এটা সশস্ত্ৰ গোটে অভিযান আৰম্ভ কৰাৰ তথ্যও লাভ কৰিছিল চোৰাংচোৱাই৷ কিন্তু যুৱকদ্বয়ৰ পলায়নক লৈ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰাৰ সময়তে শ্যামল আৰু সুৰজিৎ সুকলমে অসম ৰাইফলছৰ হাতত ধৰা দিয়া বুলি খবৰ আহিছে৷ বৰ্তমান দুয়োজন আলফা সদস্যই ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচলৰ টিৰাপ জিলাৰ লাজুস্থিত অসম ৰাইফলছৰ কেম্পত আছে বুলিও সেনাৰ এটা সূত্ৰই দাবী কৰিছে৷ উল্লেখ্য, ২০২১ চনৰ ১৬ ডিচেম্বৰতে তিনিচুকীয়াৰ  মামৰণি গাঁও আৰু ডিগবৈৰ নলনিগাঁৱৰ যুৱক দুজনে আলফাত যোগদান  কৰিছিল৷ সেই সময়ত যুৱক কেইজনৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীকো অভিযোগ দাখিল কৰিছিল৷ কিন্তু এই যুৱকদ্বয় হঠাতে শিবিৰৰ পৰা পলায়ন কৰাৰ পাছত আলফাৰ শীৰ্ষ নেতৃত্বইযুৱক দুজনক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াত পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছিল৷ এতিয়া যুৱকদ্বয় সেনাৰ জিম্মাত থকা বুলি খবৰ লাভ কৰাত পৰিয়ালৰ লোকৰ মাজত হাঁহি আহিছে৷