Logo
image

এইবোৰ সমস্যাত টেঙা দৈ খালে উপকাৰ পোৱা যায়

দৈ প্ৰায় ভাগ লোকেই পছন্দ কৰে৷ কিয়নো গাখীৰৰ দৰে দৈতো থাকে অসাধাৰণ পুষ্টিগুণ৷ টেঙা দৈ অতি উপকাৰী৷ বিভিন্ন শাৰীৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত টেঙা দৈ অতি কাৰ্যকৰী৷ পুষ্টিবিদসকলৰ মতে দৈনিক নিয়ম অনুসৰি যদি একাপকৈ টেঙা দৈ খাব পৰা যায় তেন্তে কিছুমান শাৰীৰিক সমস্যা চিৰদিনলৈ নাইকিয়া হয়৷ উল্লেখ কৰা হ’ল টেঙা দৈ খালে পোৱা উপকাৰিতা– 

[১] টেঙা দৈত ফেট অত্যন্ত কম পৰিমাণে থাকে৷ সেয়ে স্বাস্থ্যসন্মত খাদ্যসমূহৰ ভিতৰত টেঙা দৈক অন্যতম বুলি বিবেচনা কৰা হয়৷ টেঙা দৈয়ে তেজত কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে৷ টেঙা দৈ খালে ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকা কমে৷ 

[২] বহুতে দেহৰ অতিৰিক্ত ওজনক লৈ চিন্তাত ভোগে৷ ওজন কমোৱাৰ ক্ষেত্ৰত টেঙা দৈয়ে সাংঘাতিকভাৱে সহায় কৰে৷ টেঙা দৈৰ সৈতে ফল খোৱাৰো অভ্যাস কৰিব পাৰিলেই ঘনাই ভোক লগা সমস্যা হ্ৰাস পায়৷

[৩] বহুতৰে কোষ্ঠ-কাঠিন্য সমস্যা থাকে৷ এই সমস্যা অতি অস্বস্তিদায়ক৷ টেঙা দৈয়ে কোষ্ঠ-কাঠিন্য সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে৷  তদুপৰি নিয়মিত টেঙা দৈ খালে ক’লন কেন্সাৰৰ আশংকা কমে৷

[৪]  অত্যধিক ভজা-পোৰা বা তেল আৰু মছলাযুক্ত খাদ্য খোৱাৰ বাবে বহুতে বদহজমৰ সমস্যাত ভোগে৷ টেঙা দৈ খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ টেঙা দৈত থকা ফাৰমেণ্টেড এইজাইমে খাদ্য  হজম কৰাত সহায় কৰাৰ লগতে বদহজম প্ৰতিৰোধ কৰে৷ 

[৫]  উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰা মুক্তি দিয়ে টেঙা দৈয়ে৷ 

[৬]  বহুতে গাখীৰ খাবলৈ পছন্দ নকৰে৷ বিশেষকৈ যিসকলৰ লেকট’ছ  ইণ্টলাৰেন্সৰ সমস্যা আছে তেওঁলোকে গাখীৰ খালে সহজে হজম নহয়৷ এনে সমস্যা থকাসকলে টেঙা দৈ খাব পাৰে৷ 

[৭]  নিয়মিত টেঙা দৈ খোৱাৰ অভ্যাসে তেজ পৰিশোধন কৰাত সহায় কৰে৷