Logo
image

কিমান সফল হৈছে ধঁপাতবিৰোধী অভিযান

ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ ফলত কৰ্কট ৰোগৰ লগতে আন ব্যাধিয়ে দেখা দিব পাৰে বুলি জানিও নিয়মিতভাৱে এনে সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ সংখ্যা কম নহয়৷ অৱশ্যে, ধঁপাতবিৰোধী অভিযানৰ ফলত বিশ্বৰ বিভিন্ন দেশত ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰিছে৷ তথাপি ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে পৃথিৱীৰ ভিতৰতে দ্বিতীয়৷ এই কাৰণটোতে মুখগহ্বৰ, জিভা, ওঁঠৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বিশ্বৰ যিমানসংখ্যক লোকৰ মৃত্যু হয়, তাৰ অধিকসংখ্যকেই হৈছে ভাৰতৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বত ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ সংখ্যা হৈছে প্ৰায় ১.৩ বিলিয়ন আৰু ইয়াৰ আশী শতাংশ হৈছে নিম্ন আৰু মধ্য উপাৰ্জনৰ দেশসমূহৰ৷ ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাৰ বাবে প্ৰতিবছৰৰ ৩১ মে’ৰ দিনটো ধঁপাতবিৰোধী দিৱস হিচাপ পালন কৰা হয়৷ এইবাৰো ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হৈছে৷ চৰকাৰৰ ফালৰ পৰাও বিজ্ঞাপন আদি প্ৰচাৰ কৰি ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ আহ্বান জনোৱা হয় যদিও তাৰ সুফলহে পাব পৰা হোৱা নাই৷ শেহতীয়া এটা তথ্যমতে, ভাৰতত ধূমপায়ীৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে৷ ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তসকলে এটা কথা মনত ৰখা উচিত যে ধোঁৱাযুক্ত সামগ্ৰী শৰীৰৰ বাবে যিমান ক্ষতিকাৰক, ধোঁৱাবিহীন ধঁপাতযুক্ত সামগ্ৰী যেনে চাধা, গুট্‌খা আদিও সমানেই ক্ষতিকাৰক৷

ভাৰতৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে এফালে চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ অপকাৰৰ বিষয়ে প্ৰচাৰ চলাইছে, বিপৰীতে বিভিন্ন দৃশ্য-শ্ৰব্য মাধ্যমত ধোঁৱাবিহীন ধঁপাতযুক্ত সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে৷ দুবছৰ পূৰ্বে এটা সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতত ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মিজোৰামত সৰ্বাধিক৷ তাৰ বিপৰীতে এই সংখ্যা সবাতোকৈ কম হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত৷ যদি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ চোৱা হয়, তেতিয়া দেখা যাব যে নাগালেণ্ড আৰু ছিকিমত ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে অসম, ত্ৰিপুৰা আৰু মণিপুৰত ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি থকা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ সংখ্যা মিজোৰামত সৰ্বাধিক৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এটা তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত ১৫-১৭ বছৰীয়া কিশোৰ-কিশোৰীৰ মাজত ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰতি থকা আসক্তি যথেষ্ট বেছি৷ বিশ্বত ধঁপাতযুক্ত সামগ্ৰীৰ প্ৰতি আসক্তি থকা যিমান লোক আছে, তাৰ ১২ শতাংশই হৈছে ভাৰতৰ৷  বিশ্বৰ প্ৰায় ২৫ নিযুত ধূম্ৰপায়ী হৈছে ১৩ৰ পৰা ১৫ বছৰ বয়সৰ৷ ভাৰতত প্ৰতিদিনে  ১,৫০০তকৈ অধিক লোকৰ ধঁপাতযুক্ত সামগ্ৰী ব্যৱহাৰৰ ফলত মৃত্যু হয় আৰু কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা দেশৰ ৪০ শতাংশ লোকৰ মৃত্যুৰ কাৰণ হৈছে ধঁপাতযুক্ত সামগ্ৰীৰ ব্যৱহাৰ৷

এই আসক্তি দূৰ কৰাৰ উপায় নাই নেকি?– ভাৰতত এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হোৱাটো স্বাভাৱিক কথা৷ এই প্ৰশ্নৰ উত্তৰত ক’ব পাৰি যে উত্তৰ প্ৰদেশৰ কুশ্বিয়াৰি অথবা নাগালেণ্ডৰ গাৰিফেমা সম্পূৰ্ণ ধঁপাতমুক্ত গাঁও হিচাপে স্বীকৃত হোৱাটো সম্ভৱ হৈছে যেতিয়া আন অঞ্চলত সেয়া সম্ভৱ নোহোৱাৰ কাৰণ নাই৷ তাৰ লগতে আন এটা কথাও উল্লেখযোগ্য যে ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিবলৈ হ’লে তেনে সামগ্ৰীবোৰৰ বিক্ৰী বন্ধ কৰিব লাগিব, যিটো অসম্ভৱ বুলিয়েই ক’ব পাৰি৷ কিয়নো ভাৰতত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ উদ্যোগবোৰত প্ৰায় দহ নিযুত লোক নিয়োজিত হৈ আছে৷ এইসকল লোকৰ প্ৰায় ষাঠি শতাংশই হৈছে মহিলা আৰু ১২ৰ পৰা ১৫ শতাংশ শিশু৷ সেয়েহে চৰকাৰৰ ধঁপাতবিৰোধী আইন আৰু অভিযান অধিক শক্তিশালী কৰা হ’লে ছবিখন কিছু সলনি কৰিব পৰা যাব বু্‌লি আশা কৰিব পাৰি৷