Logo
image

এই গছৰ পাতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে

আয়ুৰ্বেদ চিকিৎসাত তুলসীপাত অতি প্ৰাচীন কালৰ পৰাই ব্যৱহাৰ হৈ আহিছে৷ তুলসী পাতক যাদুকৰী পাত আখ্যা দিয়া হয়৷ ইয়াত থকা ঔষধি উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে৷ তুলসী পাত ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম৷ শেহতীয়া সমীক্ষা মতে ডায়েবেটিছত আক্ৰান্ত লোকক চিকিৎসকেও তুলসী পাতৰ ৰস খোৱাৰ পৰামৰ্শ দিছে৷ তুলসী পাতৰ ৰস খোৱাৰ ফলত গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে৷ নিয়মীয়াকৈ তুলসীপাতৰ ৰস খালে  ডায়েবেটিছৰ কোনো ঔষধ নাখালেও হয়৷ 

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে তুলসী কিদৰে খাব?

◾তুলসী পাত চাহৰ দৰে সিজাই খাব পাৰি৷ পুৱা শুই উঠাৰ পাছতে তুলসী পাতৰ চাহ একাপ খালে দিনটোলৈ মন সজীৱ হৈ থকাৰ উপৰি ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ 

◾তুলসীপাত ৰাতি পানীত ভিজাই ৰাখি সেই পানী খালী পেটতে খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী৷  

◾কোনো খাদ্যৰ সৈতে তুলসী পাত মিহলাই খাব পাৰি৷ যিদৰেই হওক তুলসীপাত অথবা ইয়াৰ ৰস খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি কাহ-কফ, ডায়েবেটিছ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ তুলসী পাত সহজতে উপলব্ধ এবিধ ঔষধি উদ্ভিদ৷ এই পাত শুকাই থৈ কোনো বিশেষ পাত্ৰত ৰাখিলে বহুদিনলৈকে ভালে থাকে৷ চাহৰ সৈতে মিহলাই খোৱাৰ উপৰি বিভিন্ন ব্যঞ্জনৰ সৈতে তুলসীপাতৰ ছাটনি কৰি খাব পাৰি৷

◾সতৰ্কতাঃ ঔষধ নোখোৱাকৈ তুলসীপাত খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত৷ আনহাতে বহুদিন ধৰি কোনো অসুখত ভুগি থাকিলেও তুলসীপাত খোৱাৰ সম্পৰ্কত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷