Logo
image

অসমৰ তৃতীয়গৰাকী উত্তীৰ্ণ সমীক্ষা

আমাৰ অসম, ১ জুনঃ সদ্যঘোষিত ইউপিএছচিৰ সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত ১৬৮ সংখ্যক স্থান লৈ ৰাজ্যৰ ভিতৰত আটাইতকৈ ভাল ফলাফল অৰ্জন কৰিছে গুৱাহাটীৰ ভঙাগড় নিবাসী অসমৰ বোৱাৰী সমীক্ষা জৈন বিহানীয়ে৷ উল্লেখ্য, সোমবাৰে ঘোষণা কৰা এই সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত অসমৰ শিল্পা খনিকৰ আৰু আয়ুষী কালৱাৰে ক্ৰমে ৫০৬ আৰু ৬১৮ সংখ্যক স্থান লাভ কৰি ৰাজ্যৰ সন্মান ৰক্ষা কৰিছে৷ ভঙাগড় নিবাসী সমীক্ষা জৈন বিহানীয়ে ইউপিএছচিৰ এই সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত পঞ্চমটো প্ৰয়াসত এনে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ চতুৰ্থ প্ৰয়াসত ৩৩৩ সংখ্যক স্থান লাভ কৰি ভাৰতীয় ডাক সেৱাৰ বিষয়া হিচাপে চাকৰিত যোগদান কৰিবলৈ সুযোগ পাইছিল৷ কিন্তু তেওঁ তাতে ক্ষান্ত নহৈ পঞ্চমবাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ২০২১ চনত অনুষ্ঠিত পৰীক্ষাৰ সোমবাৰে প্ৰকাশিত ফলাফলত ১৬৮ সংখ্যক স্থান লাভ কৰি অন্ততঃ আইপিএছ বিষয়াৰ পদ লাভ কৰাটো নিশ্চিত কৰিছে৷ পিছে সমীক্ষাৰ ইচ্ছা আইএএছ বিষয়া হোৱা৷ সেয়ে তেওঁ পৰৱৰ্তী পৰীক্ষাতো অৱতীৰ্ণ হোৱাৰ আশা পুহি ৰাখিছে৷ এটা চমু ভিডিঅ’ বাৰ্তাত সমীক্ষা জৈন বিহানীয়ে কয়– ‘মোৰ এই যাত্ৰা অতি দীঘলীয়া৷ মই পঞ্চমটো প্ৰচেষ্টাত এইবাৰৰ ৰেংক লাভ কৰিবলৈ সক্ষম হ’লো৷ আশা কৰিছো মই আইপিএছ সেৱা বাছি ল’ব পাৰিম৷ তথাপি মই ইণ্ডিয়ান এডমিনিষ্টে˜টিভ ছাৰ্ভিচৰ বাবে আৰু এবাৰ চেষ্টা চলাম৷ মই দিল্লীত থাকি এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো৷ যিহেতু মই একাধিকবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছো, সেয়ে মই বিষয়বস্তু পঢ়াতকৈ শেহতীয়া দুটামান প্ৰচেষ্টাত বাৰম্বাৰ ‘ৰিভিজন’ত অধিক গুৰুত্ব দিছিলো, যাতে পূৰ্বৰ দুৰ্বলতাসমূহ মই আঁতৰাই পৰীক্ষাত সৰ্বোচ্ছ প্ৰচেষ্টাৰে অৱতীৰ্ণ হ’ব পাৰো৷ এই পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ’লে সকলোৱে এতিয়া দেশৰ যিকোনো ঠাইতে পোৱা ‘ষ্টাডী মেটেৰিয়েল’ অধ্যয়ন কৰাৰ সুবিধা আছে৷ সেই একেখিনি পঢ়ায়েই এই পৰীক্ষাত সাফল্য আনি দিব পাৰে৷ কিন্তু তাৰবাবে অতিশয় একাগ্ৰতা আৰু ধৈৰ্যৰ প্ৰয়োজন৷ বিগত পাঁচবাৰৰ প্ৰয়াসত মই অশেষ ধৈৰ্যৰে প্ৰত্যেকবাৰেই মোৰ পূৰ্বৰ নিজৰ ভুলসমূহ সংশোধন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিলো৷ ইয়াৰ ফলত প্ৰতিটো প্ৰচেষ্টাতে মোৰ ৰেংকিং ক্ৰমান্বয়ে আগবাঢ়ি আছে৷’

শিল্পা খনিকৰক ঘৰলৈ গৈ অভিনন্দন জনালে ছাত্ৰ সন্থাই, আয়ুসীলৈ শুভেচ্ছা

সোমবাৰে ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ [ইউপিএছচি] অসামৰিক সেৱা পৰীক্ষাত স্থান লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰা শিল্পা খনিকৰ আৰু আয়ুসী কালৱাৰক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই [আছু]৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ৫০৬ সংখ্যক স্থান লাভ কৰা শিল্পা খনিকৰৰ গুৱাহাটীস্থিত বাসগৃহত মঙলবাৰে উপস্থিত হৈ তেওঁক গামোচা, ফুলৰ থোপাৰে অভিনন্দন জ্ঞাপন কৰে৷ লগতে দলটিয়ে কৃতী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰে৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সাংবাদিকক কয়– ‘শিল্পাৰ কৃতিত্বত সমগ্ৰ অসমবাসী গৌৰৱান্বিত৷ আমি ছাত্ৰ সন্থায়ো তেওঁৰ বাসগৃহত উপস্থিত হৈ সফলতাৰ বাবে অভিনন্দন জনাইছোঁ, পৰিয়ালকো শুভেচ্ছা জনাইছোঁ৷ কঠোৰ অধ্যাৱসায়, একাগ্ৰতা আৰু সাধনাৰে যে প্ৰাপ্তিৰ ইপ্সিত লক্ষ্যত উপনীত হ’ব পাৰি, সেয়া শিল্পাই পুনৰবাৰ প্ৰমাণ কৰিলে৷ তেওঁৰ পৰিশ্ৰম আৰু সাধনাক আমি শ্ৰদ্ধা জনাইছোঁ৷ অনাগত দিনত অসামৰিক সেৱাৰ জৰিয়তে অসমৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী৷ লগতে নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলো শিল্পাৰ সফলতাত অনুপ্ৰাণিত হৈ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব বুলি আমি আশা কৰিছোঁ৷ ৬১৮সংখ্যক স্থান লাভ কৰা হাইলাকান্দিৰ আয়ুসী কালৱাৰকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ দুয়োগৰাকী কৃতী ছাত্ৰী নতুন প্ৰজন্মৰ বাবে আদৰ্শ হওক৷’ উল্লেখ্য, প্ৰতিনিধি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকদ্বয় দিব্যজ্যোতি মেধি আৰু ৰাইফউদ্দিন আহমেদ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷