Logo
image

হতাশাজনক

প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা অধিকাংশ শিক্ষাৰ্থীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰ কথা ব্যক্ত কৰে৷ তেনে শৈক্ষিক পৰীক্ষাত নিজৰ মেধাৰে নিজ অঞ্চলৰ লগতে জিলাখনক গৌৰৱান্বিত কৰা বুলি অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰে যদিও সেইসকলে পৰৱৰ্তী সময়ত ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিছেনে? শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰীক্ষাত সফলতা লাভ কৰা বহু শিক্ষাৰ্থীয়ে চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বেয়াকৈ মুখঠেকেচা খায়৷ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আজিও অসমৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰে৷ যি সময়ত দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যৰ সাধাৰণ স্নাতক এজনেও সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, তেনে সময়ত অসমৰ বিশ্ববিদ্যালয়সমূহৰ পৰা প্ৰথম শ্ৰেণী লাভ কৰি স্নাতক উত্তীৰ্ণ  সৰহসংখ্যকে এনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰেই সাহস গোটাব নোৱাৰে৷ ফলত অসমৰ শিক্ষাৰ্থীৰ বাবে কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষা এটা অতি টান পৰীক্ষা বুলিয়েই বিবেচিত হৈ আছে৷ অৱশ্যে, ভাটৌ বিদ্যাৰে শৈক্ষিক পৰীক্ষাত সুখ্যাতি লাভ কৰা আৰn সৰ্বভাৰতীয়¸ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি লাভ কৰাৰ মাজত পাৰ্থক্য আছে৷ শৈক্ষিক পৰীক্ষাৰ নম্বৰে কেৰিয়াৰ গঢ়াত সহায়হে কৰিব পাৰে, কিন্তু জীৱিকাৰ পথৰ নি(য়তা দিব নোৱাৰে৷ ইয়াৰ বিপৰীতে প্ৰতিযোগিতামূলক চাকৰিৰ পৰীক্ষাত সফলতাই জীৱিকাৰ পথ মুকলি কৰে৷ যিহেতু দেশৰ সকলো শিক্ষাৰ্থীৰ বাবে সবাতোকৈ লোভনীয় পদটো কেন্দ্ৰীয় অসামৰিক সেৱাৰ বিষয়া, সেয়ে এই পৰীক্ষা নিশ্চয় কঠিন হ’বই৷ যিয়ে কঠোৰ সাধনাৰে এই লক্ষ্যত আগবাঢ়ে, তেওঁ কৃতকাৰ্য হোৱাটো নিশ্চিত৷ যিহেতু অসমক বাদে আন ৰাজ্যৰ অধিকসংখ্যক যুৱক-যুৱতীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়, সেয়ে তেনে ৰাজ্যৰ লোকৰ দখলতে থাকে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পদসমূহ৷ উল্লেখ্য, ২০০২ চনৰ পৰা ২০১৫ চনলৈ দিল্লীৰ ১,৬৬৬জনে, উত্তৰ প্ৰদেশৰ ১,১০৬জনে, তামিলনাডুৰ ৮১১জনে আৰু ৰাজস্থানৰ ৬৭১জনে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন সেৱাত স্থান লাভ কৰিছিল যদিও এই দীৰ্ঘ সময়ছোৱাত অসমৰ মাত্ৰ ৩০জন প্ৰাৰ্থীয়েহে উত্তীৰ্ণ হৈছিল৷ ইফালে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত আই এ এছ বিষয়া হোৱাৰ যোগ্যতা যেন অসমৰ শিক্ষাৰ্থীৰ নায়েই৷ কিয়নো ২০১১-১৫ৰ ভিতৰত অসমৰ এজনেও আই এ এছ সেৱা লাভ কৰা নাই৷ ২০০৯-১০ বৰ্ষত অসমৰ তিনিজনে আই এ এছ সেৱা লাভ কৰাৰ পাছত ২০২০ত আৰণ্যক শইকীয়াই আই এ এছ লাভ কৰে যদিও এই সময়ছোৱাত অসমৰ লাখ লাখ মেধাৱী শিক্ষাৰ্থী ভাৰতৰ আন ৰাজ্যৰ শিক্ষাৰ্থীতকৈ বহু পিছপৰি থাকিল৷ ২০২১ চনৰ সদ্যঘোষিত ফলাফলতো ৬৮৫জন সফল প্ৰাৰ্থীৰ ভিতৰত অসমৰ মাথোঁ তিনিজনেহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ যিহেতু সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পদটোৰ বিশেষ সামাজিক মৰ্যাদাৰ লগতে ক্ষমতাও আছে, সেয়ে যিবোৰ ৰাজ্যই এনে বিষয়া অধিক সৃষ্টি কৰিব পাৰিছে, তেনে ৰাজ্য বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে৷ অসমৰ যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যদিও সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সাহস গোটাব নোৱৰাৰ মূল কাৰণ এই পৰীক্ষা অতি কঠিন বুলি থকা ধাৰণা৷ অসমে যদিহে প্ৰশাসনীয় সেৱাৰ বিষয়া সৃষ্টি কৰিব নোৱাৰে, তেন্তে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে এই পদ দখল কৰিয়েই থাকিব আৰু আমি কেৰাণী-মহৰী পালেই বহুত বুলি সন্তুষ্টি লভিব লাগিব৷ সেয়ে স্নাতক স্তৰতে সকলো শিক্ষাৰ্থীক এই পৰীক্ষাৰ প্ৰতি আগ্ৰহী কৰাব লাগিব আৰু প্ৰতিখন মহাবিদ্যালয়তে এই পৰীক্ষাৰ প্ৰস্তুতিপৰ্বৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ চৰকাৰেও উদ্যোগ লৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ সন্থাই শিক্ষিত যুৱক-যুৱতীক সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰিবলৈ জিলাই জিলাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা যুগুত৷ কেৱল চান্দা তুলি সংগঠন কৰাতে ব্যস্ত নাথাকি এই সংগঠনসমূহে যুৱপ্ৰজন্মক সঠিক মাৰ্গ দৰ্শন কৰি দেশৰ মানৱ সম্পদৰূপে গঢ়ি তোলাৰো ব্যৱস্থা কৰা দৰকাৰ৷