Logo
image

মোদীৰ কাৰ্যকালত বহু সপোন বাস্তৱ হৈছেঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ২ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৮ বছৰ পূৰ্তি উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাপতি ভৱেশ কলিতাৰ সৈতে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ২০২২ চনলৈ মোদী চৰকাৰৰ বিভিন্ন কাম-কাজৰ খতিয়ান দাঙি ধৰি কয় যে মোদী চৰকাৰৰ ঐতিহাসিক আৰু নিৰ্ণায়ক পদক্ষেপসমূহৰ ভিতৰত আছে– ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি দেশৰ কোটি কোটি হিন্দু মানুহৰ আস্থাক সন্মান প্ৰদান কৰা হৈছে৷ শ্ৰীকাশী বিশ্বনাথ ধাম আৰু শ্ৰীকেদাৰনাথ ধামৰ নৱীকৰণ কৰা হৈছে৷ দেশৰ মূলধাৰাৰ সৈতে জম্মু-কাশ্মীৰৰ চামিলকৰণ তৰান্বিত কৰাৰ বাবে সংবিধানৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছে৷ নাগৰিকত্ব সংশোধনী আইন [কা] প্ৰযোজ্য কৰি চুবুৰীয়া ৰাষ্ট˜ৰ পৰা প্ৰতাৰিত হোৱা লোকক সকাহ প্ৰদান কৰা হৈছে৷ তিনি তালাক ব্যৱস্থাৰ অন্ত পেলাই মুছলমান মহিলাক সকাহ প্ৰদান কৰা হৈছে৷ আনহাতে, পৰম্পৰাগত গৌৰৱৰ সংৰক্ষণ আৰু সন্মান জনাই ভাৰতৰত্ন বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই তেওঁৰ জীৱন কৰ্মৰ সৈতে জড়িত পাঁচখন স্থানক ‘পঞ্চতীৰ্থ’ হিচাপে বিকাশ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ বাবাচাহেব আম্বেদকাৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে দেশত ২৬ নৱেম্বৰৰ দিনটো ‘সংবিধান দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে৷ লৌহপুৰুষ চৰ্দাৰ  বল্লভ ভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমা ‘ষ্টেছু অৱ ইউনিটী’ ৰাষ্ট্ৰক সমৰ্থন কৰা হৈছে৷ একেদৰে ‘সুগম জীৱন-যাপন প্ৰতিজন নাগৰিকৰ অধিকাৰ, সেয়েহে ইয়াক নিশ্চিত কৰাটো চৰকাৰৰ প্ৰথম লক্ষ্য৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ ৮০ কোটি লোকক খাদ্য-সামগ্ৰী বিতৰণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [চহৰাঞ্চল] অধীনত ১.২২ কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [গ্ৰামাঞ্চল] অধীনত ২.৩ কোটি গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১১.২২ কোটি শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে৷ ‘হৰ ঘৰ নল চে জল’ যোজনাৰ অধীনত ৬.২ কোটি নতুন আৱাসগৃহলৈ যোৱা তিনিবছৰত পাইপেৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে৷ প্ৰধানমন্ত্ৰী স্ব-নিধি যেজনাৰ অধীনত ২৯.৬ লাখ পদ-পথ ব্যৱসায়ীক ঋণ বিতৰণ কৰা হৈছে৷ আয়ুষ্মান ভাৰত অভিযানৰ অধীনত ৩.২ কোটি নাগৰিকে ৫ লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে৷ ১৮ কোটিতকৈ অধিক লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ ক’ভিড টিকাকৰণ অভিযান ভাৰততেই সম্পন্ন হৈছে৷ এই অভিযানৰ অধীনত ১৯০ কোটিতকৈ অধিক টিকা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে৷ সামগ্ৰ দেশতে ৮৭২৭টা জন-ঔষধি কেন্দ্ৰ স্থাপন কৰি সুলভ মূল্যত জীৱনদায়িনী ঔষধ নাগৰিকক উপলব্ধ কৰোৱা হৈছে৷ যোৱা আঠ বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ ১৫টাস্থানত এইম্‌ছ নতুনকৈ আৰম্ভ কৰা হৈছে৷ সমগ্ৰ দেশত দুশতকৈয়ো অধিক চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে নতুনকৈ স্থাপন কৰা হৈছে৷ দেশৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰি থকা হৈছে৷’ ভাৰতৰ লগতে উত্তৰ-পূব তথা অসমক ৮ বছৰীয়া মোদী চৰকাৰখনে বিকাশৰ নতুন দিশত অগ্ৰসৰ কৰোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ভাৰতে নতুন দিশত গতি লৈছে, পৰিয়াল তন্ত্ৰৰ পৰা ভাৰতত গণতন্ত্ৰ স্থাপন হ’ল, এই ৮ বছৰ আছিল প্ৰাপ্তিৰ বছৰ, অসমে মোদীৰ পৰা ভাবিব নোৱৰাকৈ উপহাৰ পাইছে৷ কাৰ্বি চুক্তি, বড়ো চুক্তিৰ জৰিয়তে শান্তি আনিছে, আফস্পাক লৈ হোৱা চৰ্চাৰ পাছত আফস্পা আঁতৰ কৰিছে৷ অৰুণাচল, অসম আৰু মণিপুৰত দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰ জয়ী হোৱাৰ মূল কাৰণ মোদী নীতি৷ ৰাজ্যখনে পিএমএৱাইৰ পৰা ৰ কোটি ২ লাখ বাসগৃহ নিৰ্মাণ, উত্তৰঃপূবত ৰেঅল যোগাযোগৰ ব্যাপক উন্নতি, ৬.২০ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰা, ৪ কোটি লোকে বিনামূলীয়া ভেকচিন পোৱাকে ধৰি ভিন্ন দিশত মোদী চৰকাৰে আঠটা বছৰত কৰা কামৰ খতিয়ান মুখ্যমন্ত্ৰীয়ে দাঙি ধৰে৷ আনহাতে, সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াৰ বাবেও প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ ইউক্ৰেইনৰ পৰা দেশলৈ ভাৰতীয় শিক্ষাৰ্থীক ওভতাই অনাৰ ক্ষেত্ৰত মোদীৰ উদ্যোগৰ প্ৰশংসা কৰে৷ দেশৰ বিকাশৰ ক্ষেত্ৰতো নৰেন্দ্ৰ মোদী চৰকাৰে কৰা কামৰ খতিয়ান দাঙি ধৰি মোদীৰ যুগজয়ী নেতৃত্বৰ বাবেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্যতা পোৱাৰ পথত বুলি উল্লেখ কৰে৷ তেওঁ ২০১৪ৰ পৰা ভাৰতে বহুখিনি পোৱাৰ সমান্তৰালভাৱে বিশ্বৰ আসনত ভাৰতে মোদীৰ বাবেই বিশেষ স্থান পোৱা বুলি সদৰী কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰতি দেশবাসীৰ আস্থা আছে৷ উল্লেখ্য, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে এমাহ ধৰি বিজেপিয়ে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷