Logo
image

এছএছবিৰ ডিজি পদত অসম সন্তান থাওছেন

আমাৰ অসম, ২ জুনঃ সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ মুৰব্বী পদত অধীস্থিত হৈছে এজন অসমীয়া৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এছ এছ বিৰ সঞ্চালকপ্ৰধানৰ পদত নিযুক্তি দিছে অসম সন্তান তথা আই পি এছ বিষয়া ড॰ সুজয় লাল থাওছেনক৷ ভাৰত-নেপাল আৰু ভাৰত-ভূটান সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীটোৰ মুৰব্বী পদত নিযুক্তি লাভ কৰা ড॰ থাউচেনেই হৈছে প্ৰথমজন অসমীয়া৷ ড॰ এছ এল থাওছেন হৈছে ১৯৮৮ বেট্‌ছৰ মধ্যপ্ৰদেশ কেডাৰৰ আই পি এছ বিষয়া৷ ইয়াৰ পূৰ্বে থাওছেনে বি এছ এফত বিশেষ সঞ্চালকপ্ৰধানৰ পদত নিয়োজিত হৈ আছিল৷ এছ এছ বি সঞ্চালকপ্ৰধান কুমাৰ ৰাকেশ চন্দ্ৰই বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাত মুৰব্বী পদটো দীৰ্ঘদিন ধৰি খালী হৈ আছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এতিয়া অসম সন্তানজনৰ ওপৰতে নেপাল-ভূটান সীমান্তৰ প্ৰায় ২,৫০০ কিলোমিটাৰ এলেকা সুৰক্ষাৰ মূল দায়িত্ব অৰ্পণ কৰিছে৷ ২০২৩ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত এছ এছ বিৰ সঞ্চালকপ্ৰধানৰ পদত সেৱা আগবঢ়াব থাওছেনে৷