Logo
image

‘পশুপালন খণ্ডই পাব নতুন ৰূপ’

আমাৰ অসম, ২ জুনঃ অসমৰ পশুপালনখণ্ডৰ বিকাশৰ বাবে সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ৷– এই মন্তব্য কেন্দ্ৰীয় পশুপালন, দুগ্ধ আৰু মীন মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ৷ বুধবাৰে নতুন দিল্লীত অসমৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাই কয় যে, অসমত পশুপালনখণ্ডই যথেষ্ট সম্ভাৱনা বহন কৰিছে আৰু শেহতীয়াভাবে যুৱ শক্তিৰ অংশগ্ৰহণে ৰাজ্যখনত এই খণ্ডটোক নতুন ৰূপত গঢ় দিছে৷ পশুপালকসকলৰ বিকাশৰ লগতে পশুচিকিৎসা সেৱাক কৃষকৰ দুৱাৰদলিত উপলদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি এই আঁচনিসমূহ সাৰ্থকভাবে ৰূপায়ণ কৰিলেহে আঁচনিসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য সফল হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসমত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখনৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয়৷ বৈঠকত ৰাজ্যৰ পশুপালন তথা দুগ্ধ উন্নয়ন মন্ত্ৰী অতুল বৰাই অসমৰ পশুপালন আৰু দুগ্ধ খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাই গ্ৰহণ কৰি অহা পদক্ষেপৰ বাবে মন্ত্ৰীজনক ধন্যবাদ জনায়৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে বুধবাৰে ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত মন্ত্ৰী বৰাই কেন্দ্ৰীয় মন্ত্ৰীজনক ৰাজ্যখনৰ পশুপালন আৰু দুগ্ধ উন্নয়নখণ্ডৰ বিকাশৰ বাবে এখন স্মাৰক-পত্ৰও প্ৰদান কৰে৷ এই স্মাৰক-পত্ৰখনৰ জৰিয়তে ৰাজ্যখনত যথেষ্ট সংখ্যক বেক্টেৰিয়েল আৰু ভাইৰেল ভেকচিন উৎপাদন কৰিবলৈ এটা উন্নত প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰ স্থাপন, ৰাজ্যৰ পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগ দুটাক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰ্যাপ্ত পুঁজিৰ যোগান, সোণাপুৰৰ টেপেছিয়াত বছৰি ১.৩৫ লাখ মেট্ৰিকটন পশুখাদ্য উৎপাদন ক্ষমতাযুক্ত এটা সংহত পশুখাদ্য উৎপাদন প্ৰকল্প স্থাপন, জৈৱ সুৰক্ষা [লেভেল-৩] পৰীক্ষাগাৰ স্থাপন আদিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱা হৈছে৷ বৈঠকৰ অন্তত মন্ত্ৰী বৰাই ৰাজ্যৰ পশুপালন খণ্ডই অতিশীঘ্ৰে নতুন ৰূপ লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ বৈঠকত কেন্দ্ৰীয় কৃষি সচিব মনোজ আহুজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ অধ্যক্ষ মীনেশ শ্বাহ, অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা, অসম পশুধন উন্নয়ন নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া মণিদীপ দাস উপস্থিত থাকে৷