Logo
image

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি ঘৰুৱা হিংসা! ৪৮ ঘণ্টাত দহটা গুৰুতৰ ঘটনা

তামুলপুৰত পত্নীক হত্যা

বিজনীত পিতৃক হত্যা

আমাৰ অসম, ২ জুনঃ ক’ভিড অন্ত পৰিল যদিও একাংশ লোকৰ জীৱনলৈ ক’ভিডে নমাই অনা কাল অমানিশাৰ ছায়া যেন এতিয়াও আঁতৰ হোৱা নাই৷ বিশেষকৈ ক’ভিডে জুৰুলা কৰা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে আজিও মূৰ দাঙি উঠিব পৰা নাই৷ মহামাৰী ক’ভিডৰ দীৰ্ঘম্যাদী কু-ফল ভোগ কৰিছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ জনসাধাৰণে৷ ফলত ক’ভিডে উপাৰ্জনৰ পথ ৰুদ্ধ কৰি পেলোৱা পৰিয়ালসমূহত মানসিক অশান্তি বৃদ্ধি পাইছে৷ স্বাভাৱিকভাৱেই এনে পৰিয়ালসমূহত দ্ৰুত হাৰত বৃদ্ধি পাইছে ঘৰুৱা হিংসাজনিত ঘটনা৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বিগত ৪৮ ঘণ্টাত ৰাজ্যত ১০টাকৈ ঘৰুৱা হিংসাজনিত ঘটনা সংঘটিত হৈছে৷ কোনোটো ঘটনাত যদি পাৰিবাৰিক অশান্তিৰ বাবে ৰে’লৰ আগত জাঁপ দি আত্মহত্যাৰ পথ বাচি লৈছে, আন কোনোটো ঘটনাত আকৌ স্বামীৰ হাততে প্ৰাণ হেৰুৱাব লগা হৈছে পত্নীয়ে৷ তামুলপুৰৰ দহ আঙৰকাটাত মঙলবাৰে নিশা স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত সুনাতি মুণ্ডাক হত্যা কৰে স্বামী চুহান মুণ্ডাই৷ স্বামী-স্ত্ৰীয়ে একেলগে মদ্যপান কৰি থকাৰ মাজতে কিবা কথাত খৰ্গহস্ত হৈ চুহান মুণ্ডাই অতি নৃশংসভাৱে হত্যা কৰে পত্নীক৷ ইপিনে, ঘৰুৱা হিংসাৰ পৰিণতিতে বুধবাৰে গুৱাহাটীৰ নুনমাটিৰ মাৰ্কেটিঙত ডেৰ বছৰীয়া সন্তানক এৰি চলন্ত ৰে’লৰ আগত জাঁপ দিয়ে ভনিতা কলিতা নামৰ এগৰাকী মাতৃয়ে৷ নাৰেংগীৰ কমলা বাগানৰ ভনিতা কলিতাই পাঁচ বছৰ পূৰ্বে মহানগৰীৰ মঠঘৰীয়াৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু ঘটনাস্থলীৰ নাতিদূৰত ডেৰ বছৰীয়া সন্তানটোক এৰি বুধবাৰে পুৱা নুনমাটিত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যাৰ পথ বাছি লয় ভনিতাই৷ ইফালে চিৰাঙৰ বিজনীৰ বাতাবাৰীত বুধবাৰে সুৰামত্ত পুত্ৰৰ হাতত প্ৰাণ যায় ৮০ বছৰীয়া বৃদ্ধ পিতৃৰ৷ পুত্ৰ পৱিত্ৰ সৰকাৰে মৰিয়াই মৰিয়াই হত্যা কৰে পিতৃ অমৃতলাল সৰকাৰক৷ বৰাকতো প্ৰেমিকাই প্ৰেমিকৰ ডিঙি কটা ঘটনা সংঘটিত হৈছে৷ সোমবাৰে নিশা কৰিমগঞ্জৰ বাইপাছত ৰাজেশ বিশ্বাস নামৰ প্ৰেমিকজনক চোকা অস্ত্ৰৰে ডিঙি ৰেপি আঘাতপ্ৰাপ্ত কৰে প্ৰেমিকাই৷ অৱশ্যে মঙলবাৰে আৰক্ষীয়ে প্ৰেমিকাক গ্ৰেপ্তাৰ কৰে৷ গোৱালপাৰাতো পিতৃ-মাতৃক নিৰ্মমভাৱে প্ৰহাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৱেব পৰ্টেলৰ সাংবাদিক ৰফিক হুছেইন৷ মঙলবাৰে পুৱতি নিশা কামৰূপ জিলাৰ ছয়গাঁৱৰ জোৰশিমূলীত জেছমিনা খাতুন নামৰ এগৰাকী ন-বোৱাৰীক ডিঙি চেপি হত্যা কৰে স্বামী পৰিয়ালে৷ ইতিমধ্যে আৰক্ষীয়ে স্বামী হাফিজুৰ হক আৰু শাহু-শহুৰকো গ্ৰেপ্তাৰ কৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে আৰ্থিক অনাটনত ভুগি গুৱাহাটীৰ খাৰঘুলিৰ নিলম দত্ত নামৰ এজন অটো ৰিক্সা চালকে মঙলবাৰে আত্মহত্যাৰ পথ বাচি লৈছিল৷

ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা ডেৰ বছৰীয়া সন্তানৰ মাতৃৰ

গুৱাহাটীত ঘৰুৱা হিংসাত সংঘটিত হল ভয়ংকৰ ঘটনা৷ ডেৰ বছৰীয়া সন্তানক এৰি থৈ ৰে’লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা কৰে৷ গুৱাহাটী মহানগৰীৰ নুনমাটি কেবিন ৰে’ল লাইনত কালি নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা৷ চলন্ত ৰে’লৰ আগত জঁপিয়াই  আত্মহত্যা কৰে এগৰাকী মহিলাই৷ ৰে’লে কটা অৱস্থাত ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰা মহিলাগৰাকীৰ নাম হৈছে ভণিতা কলিতা [২৬]৷ মহানগৰীৰ ২নং মঠঘৰীয়াৰ জোনাকী নগৰৰ বাসিন্দা তথা এটা বৈদু্যতিক সংবাদ মাধ্যমৰ সাংবাদিক ভূষণ কলিতাৰ পত্নী ভণিতা কলিতাৰ আছে এটা ডেৰ বছৰীয়া সন্তান৷ প্ৰত্যক্ষদৰ্শীৰ মতে, কালি নিশা প্ৰায় ১০.৩০ মান বজাত চলন্ত ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে মহিলাগৰাকী৷ ইফালে এই ঘটনাৰ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ ঘৰুৱা কন্দলৰ পৰিণতিত এটা সন্তানৰ মাতৃয়ে এনেদৰে ডেৰ বছৰীয়া সন্তানক এৰি থৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ মনকৰিলগীয়া কথা এই যে নাৰেংগীৰ কমলা বাগানৰ ভণিতা কলিতাই পাঁচ বছৰ পূৰ্বে মঠঘৰীয়াৰ ভূষণ কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ স্বামীয়ে দীৰ্ঘদিন ধৰি পত্নীক যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলাই আহিছিল৷ মঙলবাৰে নিশা ভনীতাই স্বামীৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহি ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ অৱশ্যে, বৰ্তমানলৈ এই ঘটনাৰ প্ৰকৃত ৰহস্য উদ্‌ঘাটন হোৱা নাই৷