Logo
image

‘শ্ৰীলংকা’ হোৱাৰ দিশে পাকিস্তান

চীনৰ চলনা আৰু ধাৰৰ বোজাই হ’ল কাল

আমাক অসম, ২ জুনঃ পাকিস্তানৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে ঢাল খাইছে৷ এতিয়া এনে হৈছে যে শ্ৰীলংকাৰ দৰেই ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে পাকিস্তান৷ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে অতি সোনকালেই শ্ৰীলংকাৰ দৰে হৈ পৰিব পাকিস্তান৷ কাৰণ পাকিস্তানত এতিয়া গভীৰ আৰ্থিক সংকট আৰম্ভ হৈছে৷ ৰাজকোষ উদং হৈ পৰিছে৷ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো লাহে লাহে নাইকিয়া হৈছে৷ যাৰ ফলত পাকিস্তানে আন আন দেশৰ পৰা ধন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ কিন্তু পাকিস্তানৰ বহু বন্ধু দেশে আৰ্থিক সাহায্য আগবঢ়াবলৈ অস্বীকাৰ কৰিছে৷ পূৰ্বৰ ইমৰান খান চৰকাৰে দেশৰ অৰ্থনীতি ধবংস কৰা বুলি অভিযোগ আনি বিৰোধী দলবোৰে তেওঁক ক্ষমতাচ্যুত কৰি নিজে ক্ষমতা দখল কৰে৷ কিন্তু শ্বেহবাজ শ্বৰীফৰ নেতৃত্বৰ নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰিহে গম পায় আৰ্থিক সংকটৰ কথা৷ গতিকে এনে পৰিস্থিতিত যদি পাকিস্তানত ভয়ংকৰ অস্থিৰতা আহি পৰে, তেন্তে ইয়াৰ বেয়া প্ৰভাৱ পৰিব সমগ্ৰ চেণ্ট্ৰেলে এছিয়াত৷ পাকিস্তানৰ এই আৰ্থিক সংকটৰ বাবে কেইবাটাও কাৰকক দোষাৰোপ কৰা হৈছে৷ আটাইতকৈ ডাঙৰ কৰণটো হৈছে চীনৰ পৰা লোৱা ঋণ৷ চীনৰ পৰা উচ্ছ সুদৰ হাৰত ঋণ লোৱাৰ ফলত পাকিস্তানৰ অৱস্থা বেয়া হৈ পৰে৷ যাৰ ফলত এতিয়া আন দেশে পাকিস্তানক ঋণ দিবলৈ অস্বীকাৰ কৰিছে৷ লগতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ‘বেইল আউট’ৰ বাবেও পাকিস্তানে আৱেদন কৰিব নোৱাৰে৷ কাৰণ ইয়াৰ বাবে মুদ্ৰা নিধিয়ে দিয়া কঠোৰ চৰ্ত পূৰণ কৰিবলৈ অপাৰগ পাকিস্তান৷ আন দেশে পাকিস্তানক ঋণ দিবলৈ অস্বীকাৰ কৰাৰ কাৰণ হ’ল পাকিস্তানৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই৷ তেওঁলোকে জানে যে পাকিস্তানে ঋণৰ ধন কেতিয়াও ঘূৰাই দিব নোৱাৰে৷ প্ৰতি তিনিমাহৰ মূৰে মূৰে আন দেশৰ ওচৰত হাত পাতিবলগীয়া হয় পাকিস্তানে৷ চীনৰ সৈতে কৰা ‘চীন পাকিস্তান ইকনমিক কৰডি’ৰ’ নামৰ বিলাসী প্ৰকল্পটোও এতিয়া পাকিস্তানৰ বাবে ডাঙৰ বোজা হৈ পৰিছে৷ ইয়াৰ বাবেও পাকিস্তানৰ অৱস্থা দিনে দিনে বেয়া হৈ পৰিছে৷