Logo
image

ড্ৰাগ্‌মুক্ত অসম

ব্ৰাউন ছুগাৰসহ ৰে’ল ষ্টেচনত ধৃত দুই যুৱতী, মটৰচাইকেলত যোৱা দুজন যুৱকৰ পৰা ড্ৰাগ্‌ছ জব্দ, মহানগৰীত ড্ৰাগ্‌ছৰ ঘাটি উদ্ধাৰ, উজনিত ড্ৰাগ্‌ছৰ ৰমৰমীয়া বেহা, নতুন প্ৰজন্মৰ মাজত ড্ৰাগ্‌ছ আসক্তৰ সংখ্যা বৃদ্ধি৷ মুখ্যমন্ত্ৰীয়ে ড্ৰাগ্‌ছৰ ওপৰত চলালে ৰ’লাৰ, জ্বলাই দিলে কোটি টকাৰ ড্ৰাগ্‌ছ– এইবোৰ হৈছে ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সঘনাই প্ৰকাশ হোৱা বাতৰিৰ শিৰোনাম৷ ইয়াৰ উপৰি ড্ৰাগ্‌ছ মাফিয়াক জে’ললৈ প্ৰেৰণ, তদন্তৰ বাবে নিওঁতে পলাবলৈ যত্ন কৰা ড্ৰাগ্‌ছ মাফিয়াৰ এনকাউণ্টাৰত মৃত্যু৷ ড॰ শৰ্মাৰ চৰকাৰে দায়িত্বভাৰ লৈয়ে অসমক ড্ৰাগ্‌ছমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল৷ বিগত এটা বছৰে ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়ে আছে, ড্ৰাগ্‌ছ জব্দ কৰিয়ে আছে, গ্ৰেপ্তাৰ কৰিয়ে আছে, এনকাউণ্টাৰৰ পৰিমাণো একেবাৰে কম নহয়৷ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে চৰকাৰৰ ড্ৰাগ্‌ছবিৰোধী অভিযান চলি থাকিব আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব৷ কিন্তু দৈনিক ড্ৰাগ্‌ছ জব্দ, গ্ৰেপ্তাৰ, হত্যা চলি থকা ৰাজ্যখনত ক’ৰপৰা আহিছে ইমান ড্ৰাগ্‌ছ? এতিয়াও গাঁৱে-ভূঞে সহজলভ্য হৈ আছে ড্ৰাগ্‌ছ৷ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দৈনিক ইয়াৰ গ্ৰাসত পৰিয়েই আছে৷ পাৰ্থক্য এটাই হৈছে– পূৰ্বতকৈ ক’লাবজাৰৰ সংখ্যা আৰু দাম বৃদ্ধি হৈছে৷ পহিলা জুনতো কামাখ্যাৰ পৰা লিডু অভিমুখে যোৱা ১৫৬০৩ নম্বৰৰ এক্সপ্ৰেছ ৰে’লৰ পৰা দুগৰাকী যুৱতীৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিছে৷ যুৱতী দুগৰাকীয়ে ৩০টা কণ্টেইনাৰত ড্ৰাগ্‌ছ কঢ়িয়াই নিছিল, যাৰ মূল্য ৩০ কোটি ৫০ লাখ টকা৷ আনহাতে, একে তাৰিখতে ধেমাজিৰ দৰে ভিতৰুৱা অঞ্চলতো আৰক্ষীয়ে হেৰ’ইনসহ চাৰিজন যুৱকক আটক কৰিছে৷ ধেমাজিত আটক কৰা যুৱককেইজন  ভিতৰত এজন কিশোৰ, যাৰ বয়স ১৬ বছৰৰ কম বুলি বাতৰিত প্ৰকাশ পাইছে৷ অৰ্থাৎ এতিয়াও ধুবুৰীৰ পৰা শদিয়ালৈ উত্তৰ পাৰ, দক্ষিণ পাৰ সকলোতে ড্ৰাগ্‌ছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে৷ না জে’ললৈ ভয় কৰিছে, না এনকাউণ্টাৰলৈ ভয় কৰিছে৷ আনহাতে, ওপৰৰ নামসমূহৰ পৰা আৰু এটা বিষয় স্পষ্ট হৈছে, চৰকাৰে ড্ৰাগ্‌ছবিৰোধী অভিযানক সাম্প্ৰদায়িক মেৰুকৰণৰ উদ্দেশ্যে সংখ্যালঘুসকল এইক্ষেত্ৰত জড়িত বুলি প্ৰচাৰ কৰিছে৷ কিন্তু দেখা গৈছে হিন্দু-মুছলমান-খ্ৰীষ্টান, উচ্ছবৰ্ণ-নিম্নবৰ্ণ সকলো বৰ্গৰ মাজত ড্ৰাগ্‌ছৰ ভয়াৱহতা বৃদ্ধি পাইছে৷ কেৱল আৰক্ষীৰ অভিযানতেই ড্ৰাগ্‌ছমুক্ত সমাজ গঢ়া সম্ভৱনে? এই প্ৰশ্ন এতিয়া সচেতন মহলৰ মাজত বাৰুকৈয়ে চৰ্চিত হৈছে৷ ড্ৰাগ্‌ছ এটা আন্তঃৰাষ্ট˜ীয় সমস্যা, এই সমস্যাক কেৱল এখন ৰাজ্যই সমাধান কৰিম বুলি ভবাটো ভুল৷ আনহাতে, অসমৰ সীমা কেইবাখনো বিদেশী ৰাষ্ট্ৰৰে আগুৰা৷ তেনে অৱস্থাত ড্ৰাগ্‌ছ অহা পথসমূহ বন্ধ নকৰি, সীমান্তৰ পহৰা শক্তিশালী নকৰি ভিতৰত কৰা লম্ফ-জম্ফই ৰাজনৈতিক স্বাৰ্থ হয়তো সিদ্ধি কৰিব, কিন্তু প্ৰকৃত অপৰাধমুক্ত সমাজ গঢ়াৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ’ব৷ ম্যানমাৰ, বাংলাদেশ, ভূটানৰ লগতে চীনৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ লগত থকা সীমা সম্পৰ্কই অসমক অধিক অপৰাধীৰ ৰম্যভূমি কৰি তুলিছে৷ শেহতীয়াকৈ আকৌ চৰকাৰে বাংলাদেশলৈ ৰে’ল চলাচল কৰা কাৰ্যই অপৰাধমুক্ত অসমৰ লক্ষ্যক বাৰুকৈয়ে যে ব্যঘ্যাত জন্মাব, সি নিশ্চিত৷ এইক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰাৰ পৰিৱৰ্তে সমস্যাৰ প্ৰকৃত শিপা উলিয়াই অসমত ড্ৰাগ্‌ছ প্ৰৱেশ কৰিব নোৱৰা কৰিব লাগিব৷ অন্যথা হিন্দু-মুছলমানৰ মেৰুকৰণ ৰাজনীতিৰ হাথিয়াৰ হিচাপেহে ড্ৰাগ্‌ছমুক্ত অসম  এটা শ্লোগান হৈ ৰ’ব।