Logo
image

যাদৱ পায়েঙক লৈ লিখা কিতাপ মাৰ্কিন বঁটাৰ বাবে মনোনীত

আমাৰ অসম, ৩ জুনঃ অসমৰ বাবে এটা ভাল খবৰ৷ পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে অৰণ্য মানৱ যাদৱ পায়েং৷ যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থই আমেৰিকাৰ ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে৷ অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মক লৈ আমেৰিকাৰ শিশু সাহিত্যিক ছ’ফিয়া গলজে লিখা ‘দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট’ শীৰ্ষক গ্ৰন্থখন নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে৷ যাদৱ পায়েঙৰ গ্ৰন্থখনকে ধৰি মুঠ ৯খন গ্ৰন্থ মাৰ্কিন শিশু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷ শিশু সাহিত্যিক ছ’ফিয়া গলজ্‌ৰ চিত্ৰ সাহিত্যৰ গ্ৰন্থখন প্ৰকাশ পাইছিল ২০১৯ চনত৷ আমেৰিকাৰ শ্লিপিং বেয়াৰ প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনত চিত্ৰ অংকন কৰিছে কায়লা হাৰেপে৷ ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থখনে মনোনয়ন লাভ কৰা খবৰ ছ’ফিয়া গলজে নিজেই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে৷ লেখিকা ছ’ফিয়াই লগতে যাদৱ পায়েঙৰ ফটোও আপলোড কৰিছে ছ’চিয়েল মিডিয়াত৷ য’ত ছ’ফিয়াই লিখিছে– ‘যাদৱ পায়েঙৰ জীৱনীমূলক মোৰ এই কিতাপখন শিশু সাহিত্য বঁটাৰ বাবে মনোনয়ন লাভ কৰাত অভিভূত হৈ পৰিছোঁ৷ এই সন্মানৰ বাবে মই কৃতজ্ঞ৷ ভাৰতৰ যাদৱ পায়েঙৰ জীৱনীয়ে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব বুলি মই আশাবাদী৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে যাদৱ পায়েঙৰ কাহিনীৰ বিষয়ে জানি অনুপ্ৰাণিত হোৱা বুলি চিঠি লিখিছে৷ এই চিঠিসমূহৰ লগতে গ্ৰন্থখনৰ জাৰ্মান আৰু ফৰাচী সংস্কৰণৰ কেইবাটাও কপি যাদৱ পায়েঙলৈ প্ৰেৰণো কৰিছো৷’