Logo
image

ন্যায়ালয়ে বিচাৰিলে এনকাউণ্টাৰৰ হিচাপ

অসম আৰক্ষীত হাহাকাৰ

আমাৰ অসম, ৩ জুনঃ জিম্মাত থকা অভিযুক্তক একেখন চিত্ৰনাট্যৰ আধাৰত এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা স্মাৰ্ট অসমৰ আৰক্ষীৰ ভিতৰচ’ৰাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অভিযুক্তক আৰক্ষীয়ে নিশাৰ আন্ধাৰত গুলীয়াই হত্যা বা আহত কৰিছে যদিও উক্ত অভিযুক্তক গ্ৰেপ্তাৰৰ পূৰ্বে কোনো গোচৰ পঞ্জীয়ন নথকাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ যাৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত এনকাউণ্টাৰৰ ঘটনা সম্পৰ্কীয়  সংশ্লিষ্ট থানাত পঞ্জীয়নভুক্ত এফআইআৰ প্ৰতিলিপি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে খোদ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ৷ ডিজিপি কাৰ্যালয়ে আৰক্ষী অধীক্ষকৰ জৰিয়তে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ বিগত সময়ছোৱাত থানাৰ জিম্মাত থকা কিমানজন আছামীৰ মৃত্যু হৈছে, কিমানজন আছামী এনকাউণ্টাৰ কৰা হৈছে আৰু কিমানজন আছামীয়ে জিম্মাৰ পৰা পলায়ন কৰিছে এফআইআৰসহ সবিশেষ তথ্য প্ৰেৰণ কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে৷ এই নিৰ্দেশ লাভ কৰি সংশ্লিষ্ট থানাসমূহত তত্‌ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰৰ ভিতৰতেই তথ্য দাখিলৰ বাবে ডিজিপি কাৰ্যালয়ে নিৰ্দেশ দিছিল যদিও বহু থানাত এনকাউণ্টাৰৰ পাছত নিয়ম অনুসৰি পঞ্জীয়ন হ’বলগীয়া পৃথক এফআইআৰ এই মুহূৰ্তলৈ দাখিল নোহোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এইপৰ্যন্ত ৰাজ্যত আৰক্ষীৰ এনকাউণ্টাৰত ৪৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২০জন লোক গুলীবিদ্ধ হৈছে৷ অসম আৰক্ষীৰ এনে এনকাউণ্টাৰক ভুৱা এনকাউণ্টাৰ বুলি অভিযোগ কৰি নিৰপেক্ষ তদন্ত বিচাৰি আৰিফ জোৱাদ্দাৰ নামৰ এজন অধিবক্তাই ইতিপূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰ শুনানিত উচ্ছ ন্যায়ালয়ে এনকাউণ্টাৰ ঘটনাৰ এফআইআৰসহ সকলো তথ্য দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে যদিও পদকীয়া পক্ষই শপতনামা দাখিল কৰিব পৰা নাই৷ শেহতীয়া শুনানিত ন্যায়ালয়ৰ কঠোৰ সকীয়নিৰ পাছতেই এনকাউণ্টাৰৰ ঘটনাৰ এফআইআৰ বিচাৰি হাহাকাৰ লাগিছে ডিজিপিৰ লগতে গৃহ বিভাগৰ৷ যাৰ পৰিপ্ৰেক্ষিতত থানাসমূহলৈ তথ্য বিচাৰি জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ডিজিপি কাৰ্যালয়ে৷ ইপিনে, উচ্ছতম ন্যায়ালয়ৰ গাইডলাইন অনুসৰি আৰক্ষীৰ জিম্মাত এনকাউণ্টাৰ ঘটনা সংঘটিত হ’লে পৃথককৈ এজাহাৰ দাখিল হ’ব লাগে আৰু ঘটনাটোৰ সত্যা-সত্য নিৰূপণৰ বাবে স্বতন্ত্ৰ তদন্ত কৰিব লাগে৷ কিন্তু কেইবাটাও ঘটনাত এনকাউণ্টাৰ সংঘটিত কৰা আৰক্ষী বিষয়াজনেই নিয়মমাফিক এখন এজাহাৰ দাখিল কৰি বিষয়টো গাপ দি ৰাখিছে৷ অথচ উক্ত এনকাউণ্টাৰটোৰ সত্যতা নিৰূপণৰ বাবে আন থানাৰ আৰক্ষীৰ দ্বাৰা কোনো স্বতন্ত্ৰ তদন্ত কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে অসম আৰক্ষীয়ে এনকাউণ্টাৰ সংঘটিত কৰা ৪১টা ঘটনাৰ ক্ষেত্ৰত অভিযুক্তজনৰ বিৰুদ্ধে এনকাউণ্টাৰৰ পূৰ্বে কোনো এজাহাৰ পঞ্জীয়ন হোৱা নাছিল৷ এনকাউণ্টাৰ সংঘটিত কৰাৰ পাছতহে উক্ত ৪১জন লোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে৷ অসম আৰক্ষীৰ এই ভয়ংকৰ কাৰ্যৰ সন্দৰ্ভত ইতিমধ্যে অধিবক্তা আৰিফ জোৱাদ্দাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ক শপতনামাযোগে অৱগত কৰিছে৷