Logo
image

বিদেশী প্ৰতিনিধিক অভব্য আচৰণ! নিলম্বিত এচিএছ বিষয়া

আমাৰ অসম,৩ জুনঃ বিদেশী প্ৰতিনিধিক অভব্য আচৰণ কৰি চাকৰিৰ পৰা নিলম্বন হ’বলগীয়া হ’ল এগৰাকী এচিএছ বিষয়া৷ সদ্য সমাপ্ত এছিয়ান কনফ্লুয়েন্সত বিদেশী অভ্যাগতক দুব্যৱহাৰ কৰাৰ বাবেই কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকাক বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ পাৰ্ছনেল বিভাগে চাকৰিৰ পৰা নিলম্বন কৰে৷ ২০১৬ বেট্‌ছৰ এচিএছ বিষয়া তথা মাধ্যমিক শিক্ষাৰ অ’এছডি হিচাপে কৰ্মৰত বাৰ্বী হাজৰিকাই শেহতীয়াকৈ এক্ট ইষ্ট পলিচি পৰিক্ৰমা দপ্তৰতো অতিৰিক্ত দায়িত্বত আছিল৷ এক্ট ইষ্ট পলিচি বিভাগৰ উদ্যোগতে বিগত ২৭-২৯ মে’লৈ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত অনুষ্ঠিত হৈছিল এছিয়ান কনফ্লুয়েন্স৷ য’ত বাংলাদেশ, ছিংগাপুৰ, থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত আছিল৷ আনকি  এই সমাৱেশত বাংলাদেশৰ বৈদেশক মন্ত্ৰী আব্দুল মেননৰ লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও অংশ লৈছিল৷ কিন্তু এই সন্মিলনত অংশ লোৱা ছিংগাপুৰৰ প্ৰতিনিধি আৰু এছিয়ান প্ৰতিনিধিয়ে অসম চৰকাৰৰ এচিএছ বিষয়া বাৰ্বী হাজৰিকাই অভব্য ব্যৱহাৰ কৰা বুলি লিখিত অভিযোগ কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে বিভাগীয় অনুসন্ধানৰ অন্তত বৃহস্পতিবাৰে বাৰ্বী হাজৰিকাক চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰে পাৰ্ছনেল বিভাগে৷ প্ৰশাসনিক দায়িত্ববাহী বিষয়াগৰাকীয়ে এছিয়ান আৰু ছিংগাপুৰৰ প্ৰতিনিধিক দুৰ্ব্যৱহাৰ কৰাত বিদেশী ৰাষ্ট্ৰকেইখনৰ আগত অসমৰ ভাবমূৰ্তি ম্লান হোৱা বুলিও নিৰ্দেশনাটোত ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে৷ উল্লেখ্য বাৰ্বি হাজৰিকাই ২০১৬ বৰ্ষৰ এপিএছচি পৰীক্ষাত ৭ নম্বৰ ৰেংক হ’ল্ডাৰ আছিল৷ এচিএছ বিষয়াগৰাকীৰ অভব্য ব্যৱহাৰৰ অভিযোগ এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কলিয়াবৰত নিৰ্বাচনী বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে হাজৰিকাৰ বিৰুদ্ধে৷ শেহতীয়াকৈ ৰাজনৈতিক প্ৰভাৱ খটুৱাই স্বামীৰ সহযোগত বাৰ্বী হাজৰিকাই গুৱাহাটীলৈ বদলি হৈ অহাৰো অভিযোগ আছে৷ লক্ষণীয়ভাৱে বাৰ্বী হাজৰিকাৰ স্বামী যৌন নিৰ্যাতনৰ এটা গোচৰত ইতিপূৰ্বে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল৷ বাৰ্বীৰ স্বামী হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়ক৷