Logo
image

‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মাক নাৰদ জয়ন্তী বঁটা

আমাৰ অসম, ৩ জুনঃ ‘জাতি নৃগোষ্ঠীয় সমন্বয়েৰে জাতিটোক সমৃদ্ধ কৰিবলৈ হ’লে ৰাজপথৰ আন্দোলন বাদ দি মনৰ আন্দোলন আৰম্ভ কৰাটো জৰুৰী৷ অসমীয়া ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে সকলো এক হোৱাৰ এয়া উপযুক্ত সময়৷ আমি অৰাজনৈতিক বিষয়ত একেলগে কাম কৰা উচিত৷ শংকৰদেৱ শিশু নিকেতনৰ ৰূপত আৰএছএছে অসমীয়া মাধ্যমৰ উন্নতিৰ বাবে যি কাম নীৰৱে কৰিছে, সেই প্ৰক্ৰিয়াৰ ভগ্নীৱৎ ব্যৱস্থা জাতীয় বিদ্যালয়৷’– এই ভাষ্য ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত আয়োজন কৰা হয় দেৱৰ্ষি নাৰদ জয়ন্তী৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় কাকত অৰ্গেনাইজাৰৰ সম্পাদক, প্ৰসিদ্ধ সাংবাদিক প্ৰফুল্ল কেটকাৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷ অনুষ্ঠানত এইবাৰৰ ‘দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা’ প্ৰদান কৰা হয় গৌতম শৰ্মাক৷ বঁটা গ্ৰহণ কৰি ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মাই লগতে কয়– ‘মাত্ৰ এক কোটি মানুহে অসমীয়া ভাষা কয়৷ আৰএছএছে অসমীয়া ভাষা ৰক্ষাৰ বাবে, অসমীয়া জাতিৰ বাবে, অসমৰ সাংবাদিকতাৰ বাবে কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰক৷ অসমৰ সাংবাদিকে আটাইতকৈ কম দৰমহা লাভ কৰে৷ অসমৰ মাত্ৰ ১০ শতাংশ সাংবাদিকে নিজৰ দৰমহাৰে চলিব পাৰে৷ বাকী ৯০ শতাংশই এনৰেগা শ্ৰমিকতকৈও কম দৰমহা পায়৷ আৰএছএছৰ পৰা সংগঠন কেনেকৈ কৰিব লাগে সেই কথা শিকা উচিত৷ অৱশ্যে কিছুমান কথাত মোৰ আৰএছএছৰ সৈতে মিল নাথাকিব পাৰে৷ আৰএছএছে ‘কা’ মানে, মই নামানো– তাৰো যুক্তি আছে৷ লোকসংগীততো মহৰ্ষি নাৰদৰ বৰ্ণনা আছে৷ এই বঁটাৰ বাবে মই নিজকে যোগ্য বুলি নাভাবোঁ যদিও দেৱৰ্ষি নাৰদৰ নামত মোক বঁটা দিয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ৷  ইয়াৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ৷’ অনুষ্ঠানত গৌতম শৰ্মাক বঁটা প্ৰদান কৰে প্ৰসিদ্ধ সাংবাদিক প্ৰফুল্ল কেটকাৰে৷ এই বঁটাত আছে অংগবস্ত্ৰ, ভাৰত মাতাৰ প্ৰতিচ্ছবি,  মানপত্ৰ, গ্ৰন্থৰ টোপোলা, এটা স্মৃতি চিহ্ন আৰু নগদ ৫০ হাজাৰ টকাৰ চেক৷ উল্লেখ্য, এই বঁটাৰ সৈতে দিয়া সমূহ ধনৰাশি গৌতম শৰ্মাই সেৱা ভাৰতীৰ ছাত্ৰাবাসৰ বাবে দান কৰে৷ অপপ্ৰচাৰেৰে সমাজত বিভাজন আনিব বিচৰা ভাৰতীয় সাংবাদিকতাৰ বৰ্তমানৰ ‘ফেশ্বন’ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি অনুষ্ঠানত কেটকাৰে কয়– ‘ফেক নিউজ’ কেতিয়াও এটা বাতৰি হ’ব নোৱাৰে৷ এইক্ষেত্ৰত সাংবাদিকসকল সচেতন হ’ব লাগে৷ মহৰ্ষি নাৰদৰ ইতিবাচক দিশেৰে মূল্যাংকন হোৱা উচিত৷ তেওঁ সাংবাদিকতাৰ আদিগুৰু৷ আৰএছএছে অস্পৃশ্যতাত বিশ্বাস নকৰে৷ মহৰ্ষি নাৰদে আৰম্ভ কৰা সাংবাদিকতাক পুনৰ স্থাপিত কৰিব বিচাৰিছে বিশ্ব সংবাদ কেন্দ্ৰ, অসমে৷ তেওঁক ভাৰতৰ ইতিহাসত এজন কেৱল ব্যক্তি বুলিব নোৱাৰি– তেওঁ এটা প্ৰতিষ্ঠান৷ বেদ, উপনিষদ আদিত নাৰদক পোৱা যায়৷ বাতৰি এটা সম্পূৰ্ণ শুদ্ধ তথ্যৰ আধাৰত যুগুতাব লাগে৷ অৰ্ধসত্যৰ আধাৰত বাতৰি যুগুতালে ৰাইজৰ বিশ্বাসযোগ্যতা হেৰুৱাবলগীয়া হয়৷ সম্প্ৰতি ‘ব্ৰেকিং নিউজ’ৰ অঘোষিত প্ৰতিযোগিতা চলা দেখা যায়৷ বাতৰি পৰিৱেশন বা প্ৰকাশ কৰা সময়ত সাংবাদিকজনে নিজৰ মতামত দিয়া অনুচিত৷ তদুপৰি গুগলৰ ব্যৱহাৰৰ ফলত টেবুল নিউজৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে৷ সাংবাদিকজনে শুদ্ধ তথ্য দিবলৈ নিজে নিৰ্দিষ্ট স্থানৰ চাক্ষুক প্ৰমাণ হোৱা উচিত৷ ১৮১৭ৰ পূৰ্বে কোনো তথ্যতে ভাৰত ‘গাঁৱৰ দেশ’ বুলি উল্লেখ নাই আৰু ১৯৫৫ৰ পূৰ্বে দেশত ভাষাৰ ভিত্তিত সংঘৰ্ষ হোৱা নাছিল৷ মিছা ইতিহাসক উত্থাপন কৰি থাকিলে সমাজত সংঘৰ্ষ হৈ থাকিব৷ ইয়াৰ বাবে নতুন জাগৰণৰ প্ৰয়োজন৷’ অনুষ্ঠানটোত ‘অসমীয়া খবৰ’ৰ জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতা, ‘অসমীয়া প্ৰতিদিন’ৰ হেমেন বৰ্মন, ‘নিউজ লাইভ’ৰ প্ৰাঞ্জল বৰুৱাক সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সভাপতি ড॰ গৌৰাংগ কুমাৰ শৰ্মা আৰু উপ-সভাপতি গুৰুপ্ৰসাদ মেধি, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বিশ্ব সংবাদ কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱমে প্ৰাস্তাৱিক ভাষণ কয়– বিশ্ব ব্ৰহ্মাণ্ডত বাতৰি সৰবৰাহ কৰি সাংবাদিকতাৰ বাট মুকলি কৰোঁতা দেৱৰ্ষি নাৰদ আছিল প্ৰকৃততে নিৰপেক্ষ সাংবাদিক৷ আধুনিক যুগত এই সংবাদ সেৱাই বহল পৰিসৰত প্ৰচাৰিত হৈছে৷ দেৱৰ্ষি নাৰদৰ জন্ম জেঠ মাহৰ কৃষ্ণা দ্বিতীয় তিথিত৷ সেয়ে আমি প্ৰতিবছৰে এই দিনটো উদ্‌যাপন কৰি আহিছোঁ৷’ অনুষ্ঠানটো আঁত ধৰে নৱ বুজৰবৰুৱাই৷ কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰপেটা সত্ৰৰ প্ৰসংগত মালিতা পৰিৱেশন কৰা হয়৷