Logo
image

৯ জুনত মন্ত্ৰীসভা সম্প্ৰসাৰণ

পৰিষদৰ ভোটৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘোষণাত ধুমুহা
অন্তৰ্ভুক্ত হ’ব কাৰ্বি বিধায়ক
আমাৰ অসম, ৩ জুনঃ কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আচম্বিতে তেওঁৰ মন্ত্ৰীসভাৰ বহু চৰ্চিত সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰে৷ এই সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ৯ জুন সময়সীমা বান্ধি দিছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কাৰ্বি পাহাৰৰ পৰা কিয় এই সিদ্ধান্ত ঘোষণা কৰিলে? কেৱল মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিন বাৰ ঘোষণাই নহয়৷ এইবাৰৰ সম্প্ৰসাৰণত কাৰ্বি পাহাৰৰ এজন বিধায়ক স্থান লাভ কৰিব বুজিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট আশ্বাস দিয়ে৷  উল্লেখ্য, ৯ জুন অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিবাচন৷ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ আজিৰ ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ যদিও বা বৰ্তমানৰ মন্ত্ৰীসভাখনত পাঁচটা মন্ত্ৰী পদ খালী হৈ আছে৷ ৰাজনৈতিক সমীকৰণ অনুসৰি হিমন্ত বিশ্ব শৰ্মাাৰ মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণত ৩/৪জন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বেও মন্ত্ৰীসভা সম্পূৰ্ণৰূপে পূৰণ নকৰাৰ পৰম্পৰা আছে৷ মুখ্যমন্ত্ৰীয়ে আজি এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে যে ৯ জুনত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব৷ ৰদ বদল নহয়৷ ইয়াৰ পৰা এই কথা নিশ্চিত যে মন্ত্ৰীসভাত খালী হৈ থকা পাছতে পূৰণ কৰিব ৰদ বদল নকৰে৷ সেই সূত্ৰে কোনো মন্ত্ৰী বাদ নপৰাটোৱে স্বাভাৱিক৷ অৱশ্যে শেহতীয়াভাৱে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ ওচৰত ক্ষমা বিচাৰি মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে মন্ত্ৰী সঞ্জয় কিষাণ৷ এই কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্ব’কজো কৰিছে মন্ত্ৰী কিষাণক৷ যাৰ ফলত মন্ত্ৰী কিষাণৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাত সোমাই পৰিছে৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰৰ মতে এইবাৰৰ সম্প্ৰসাৰণত বৰ্তমানৰ কোনো এজন মন্ত্ৰীক বাদ দিয়াৰ পক্ষত নাই মুখ্যমন্ত্ৰী৷ ৰদ-বদলৰ পৰিৱৰ্তে বহু কেইজন মন্ত্ৰীৰ দপ্তৰ সাল সলনিহে কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ ভিতৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সঞ্জয় কিষাণ, ৰঞ্জিত দাস, যোগেন মহন আদিৰ দপ্তৰ সাল-সলনি হোৱাৰ সম্ভাৱনা আছে৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে যে বৰ্তমানৰ মন্ত্ৰীসকল নিজৰ কাৰ্যকালৰ অধিসংখ্যক সময় ক’ভিড পৰিস্থিতি পাৰ কৰিছে৷ ফলত মন্ত্ৰীসকলে নিজৰ নিজৰ বিভাগত কাম কৰিবলৈ পৰ্যাপ্ত সময় পোৱা নাই৷ ইয়াৰ দ্বাৰা মন্ত্ৰীসকলক নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে ইয়াতো কিছু সুযোগ দিব বিচাৰিছে৷ সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অগপৰ দুজন মন্ত্ৰী আছে দুয়োজন মন্ত্ৰীয়ে কৃষি, স্বাস্থ্য অসম চুক্তি ৰূপায়ণ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে৷ এইবাৰৰ সম্প্ৰসাৰণত অগপৰ আৰু এজন বিধায়ক মন্ত্ৰীসভাত সোমাব পাৰে৷ এইক্ষেত্ৰত পূৰ্বৰ মন্ত্ৰী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা উজ্জ্বল৷ অৱশ্যে দলৰ  অন্য এজন জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও মন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰ ৰূপে থিয় দিছে৷ মন্ত্ৰীসভাত মিত্ৰ দল ইউ পি এলৰ এজনহে মন্ত্ৰী আছে৷ এই সম্প্ৰসাৰণত ইউ পি এলৰ আৰু এজন মন্ত্ৰী অন্তৰ্ভুক্ত প্ৰায় নিশ্চিত৷ ইউ পি এলৰ দুই বিধায়ক ক্ৰমে গোবিন্দ বসুমতাৰী আৰু লৰেন্স ইছলাৰি নাম চৰ্চালৈ আহিছে৷ মন্ত্ৰীপদ নিদিয়ালৈ বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী পদত্যাগ নকৰে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে গোবিন্দ বসুমতাৰীয়ে৷ আজিৰ তাৰিখত তেওঁ বিধায়ক আৰু উপ-মুখ্য কাৰ্যবাহী পদত কাৰ্যনিৰ্বাহ কৰি আছে৷ অগপ আৰু ইউ পি এলৰ এজনকৈ বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’লে বিজেপিৰ দুজনহে বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভানা আছে৷ ইয়াক লৈ দলটোৰ আভ্যন্তৰত আৰম্ভ হৈছে তীব্ৰ তৎপৰতা৷ বিজেপিৰ কোন বিধায়কৰ ভাগ্য উদয় হ’ব এইবাৰৰ মন্ত্ৰীসভাত? এইক্ষেত্ৰত সৰ্বাধিক চৰ্চালৈ আহিছে সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, প্ৰশান্ত ফুকন আদিৰ নাম৷ কাৰ্বি আলঙৰ নিৰ্বাচন প্ৰচাৰ তুংগত থকা সময়ত মুখ্যমন্ত্ৰীৰ আজিৰ ঘোষণা ৰাজনৈতিক চমক বুলি চৰ্চা হৈছে৷  ৮ জুনত কাৰ্বি আলংঙৰ নিৰ্বাচন৷ ইয়াৰ এদিন পাছতেই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা হৈছে৷ বহুতে ইয়াক নিৰ্বাচনী টোপ বুলি অভিহিত কৰিব বিচাৰিছে৷ কেৱল মন্ত্ৰী সম্প্ৰসাৰণ কৰাই নহয়, কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আৰু বহু ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কীয় মুখ্যমন্ত্ৰীৰ ঘোষণাক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছে বহু বিধায়কৰ মাজত৷ অনিশ্চয়তাত ভূগিছে বহুকেইজন মন্ত্ৰী৷ সকলোৰে অপেক্ষা মাথোঁ ৯ জুন৷

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা

ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন এবছৰীয়া অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব ৯ জুনত৷ আজি এই কথা মুখ্যমন্ত্ৰী শৰ্মাই কাৰ্বি আংলং জিলাৰ ধনশিৰিত ঘোষণা কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাহাৰৰ পৰা ৯ জুনত এজন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব৷ কিন্তু তেওঁ কোন মন্ত্ৰী হ’ব পাৰে তাৰ কোনো ইংগিত নিদিলে৷ সাংবাদিকে মহিলাৰ পৰা মন্ত্ৰী হ’ব নেকি বোলা প্ৰশ্নৰ কোনো উত্তৰ নাদি মাথোঁ কয় পাহাৰৰ ৫ জন বিধায়কৰ ভিতৰত এজনক ৯ জুনত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব৷  উল্লেখ্য যে, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং চতুৰ্থবাৰৰ বাবে বিধায়ক হৈছে৷ তিনিবাৰ কংগ্ৰেছৰ বিধায়ক হৈয়ো তেওঁ মন্ত্ৰী হোৱা নাছিল৷ এইবাৰ তেওঁ বিজেপি দলৰ বিধায়ক৷  পাঁচবাৰকৈ তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল৷ সেয়ে জ্যেষ্ঠতা আৰু অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ হ’ব লাগে পাহাৰৰ মন্ত্ৰী৷ কিন্তু তেওঁ মন্ত্ৰী হ’লে মুখ্য কাৰ্যবাহী সদস্যজনতকৈ শক্তিশালী হৈ পৰাৰ ভয়ত তেওঁ পথত বাধা হ’ব পাৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মহিলা মন্ত্ৰী আছে কেৱল অজন্তা নেওগ৷ মহিলাক সন্মান দিয়া দল বুলি কোৱা বিজেপিত মহিলাৰ মন্ত্ৰী এগৰাকী৷ সেয়ে হাফলঙৰ বিধায়ক নন্দিতা গৰ্লোচা হ’ব পাৰে মন্ত্ৰী৷ উচ্ছ শিক্ষিত আৰু কৰ্মথ মহিলা বিধায়কৰূপে পৰিচিত নন্দিতা৷ সেয়ে নন্দিতা গাৰ্লোচাক ৰাজ্যিক মন্ত্ৰী হিচাবে শৰ্মাৰ মন্ত্ৰী সভাত স্থান দিয়া হ’ব পাৰে৷