Logo
image

সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ ফল

কংগ্ৰেছ চৰকাৰৰ দিনত জনসাধাৰণক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ উপৰি দুৰ্নীতি, অপশাসনে অতিষ্ঠ কৰিছিল৷ তেনে সময়ত পৰিৱৰ্তনৰ সপোন দেখুৱাই জনসাধাৰণৰ মনত আশাৰ ৰেঙণি দেখুওৱাৰ বাবে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক বিপুল ভোটত জয়ী কৰাইছিল ৰাইজে৷ অসমতো ২০১৬ চনত কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ ওৰ পেলাই বিজেপি-মিত্ৰজোঁটে শাসন ক্ষমতা দখল কৰিছিল৷ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে আঠ বছৰ সম্পূৰ্ণ কৰাৰ উপৰি অসমতো ৬ বছৰ সম্পূৰ্ণ কৰিলে বিজেপি-মিত্ৰজোঁট চৰকাৰে৷ কিন্তু এই সময়ছোৱাত জনসাধাৰণে আশা কৰাধৰণে কিবা পৰিৱৰ্তন হৈছেনে? ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সেৱা, সুশাসন আৰু গৰিব কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা প্ৰচাৰ কৰি আহিছে৷ উত্তৰ-পূবক দেশৰ আন উন্নত অঞ্চলৰ শাৰীলৈ আনিবলৈ লাগিব বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ শান্তি আৰু প্ৰগতিৰ অৰ্থে কাৰ্বি শান্তি চুক্তি আৰু বড়ো শান্তি চুক্তি স্বাক্ষৰেৰে কাৰ্বি আংলং আৰু বড়োলেণ্ডত স্থায়ী শান্তি নিশ্চিত কৰা বুলি প্ৰকাশ কৰিছে৷ কিন্তু জনসাধাৰণে প্ৰকৃতাৰ্থত স্থায়ী শান্তি লাভ কৰিছেনে? তদুপৰি ৰাজ্যখনৰ ৬৬ শতাংশ ভূ-খণ্ডৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিছে যদিও বাকী অংশত এই আইন বলৱৎ থকা কাৰ্যই বাৰু কি সূচায়? আনহাতে, পথ পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত ৩৮৩ কিঃ মিঃ ৰাষ্ট্ৰীয় ঘাইপথ সামৰি চাৰিলেনযুক্ত কৰা আৰু ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ জৰিয়তে পথ পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰিছে যদিও এনে পথেৰে যাতায়াত কৰাৰ নামত টোল কৰ দিয়াৰ নামত নাগৰিক হাৰাশাস্তিৰ সন্মুখীনহে হৈ আহিছে৷ তেনেদৰে ৰে’লপথ, আকাশীপথ আৰু জলপথৰ উন্নয়নৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চল কিন্তু দেশৰ আন ৰাজ্যৰ তুলনাত এনে ক্ষেত্ৰত বহু পিছপৰিয়েই আছে৷ স্বাস্থ্যৰ ক্ষেত্ৰত জনসাধাৰণক সকাহ দিয়াৰ বাবে চাংসাৰিত এইম্‌ছ স্থাপন কৰাৰ লগতে ৰাজ্যত নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও অঞ্চলটোৰ জনসাধাৰণে এইবোৰৰ পৰা কিমান উপকৃত হৈছে? ৰাজ্যৰ বহু চিকিৎসা মহাবিদ্যালয়ৰ জোৰা-টাপলি মৰা ব্যৱস্থাই চিকিৎসাৰ মান উন্নত কৰিব পৰা নাই৷ গুৰুত্বপূৰ্ণ দিশটো হ’ল, এন ডি এ চৰকাৰৰ কাৰ্যকালত অসমত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত নতুন নতুন উদ্যোগ-প্ৰতিষ্ঠান স্থাপনত ব্যৰ্থ হোৱাৰ উপৰি ৰাজ্যৰ পুৰণি উদ্যোগসমূহো হয় বন্ধ হৈ গৈছে, নহয় সেইবোৰৰ অংশ ব্যক্তিগত খণ্ডক দিবলগীয়া হৈছে৷ এই চৰকাৰৰ দিনতে এসময়ৰ লাভজনক নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰি দিবলগীয়া হৈছে৷ চৰকাৰী বিভাগসমূহতো নামমাত্ৰ নতুন নিযুক্তি দিছে যদিও বহু লোকক স্বেচ্ছাই অৱসৰ ল’বলৈ বাধ্য কৰাইছে৷ ইফালে ৰাজহুৱা লাভজনক অনুষ্ঠান-প্ৰতিষ্ঠান এটাৰ পাছত আনটো ব্যক্তিগত খণ্ডক গতাই দি এচাম পুঁজিপতিক লাভৱান কৰাইছে৷ সংস্থাপনৰ অভাৱত নতুন প্ৰজন্মৰ মাজত হতাশা বৃদ্ধি পাইছে আৰু বহুজনে অসামাজিক কামত জড়িত হৈ পৰিছে৷ ফলত ৰাজ্যত চুৰি-ডকাইতি, নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় বৃদ্ধি পাইছে আৰু এইবোৰে সামাজিক বাতাৱৰণ কলুষিত কৰিছে৷ ইফালে, কংগ্ৰেছৰ দিনতকৈও অধিক হাৰত সকলো সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত জনসাধাৰণৰ অৱস্থা কাহিল হৈছে৷ ফলত দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ইফালে, ভোটৰ অংকত বিভিন্ন আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰাত জনসাধাৰণৰ ওপৰত জনমূৰি ঋণৰ বোজা বৃদ্ধি পাইছে৷ অৰ্থৰ অভাৱত পৰিয়াল পোহপাল দিব নোৱৰা বহু লোকে এইখন চৰকাৰৰ দিনতে আত্মহননৰ দৰে চৰম পথ ল’ব লগা হৈছে৷ চৰকাৰৰ কাম হ’ল ৰাজ্য তথা দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ লগতে জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক উন্নয়ন সাধন কৰা৷ কিন্তু এন ডি এ চৰকাৰৰ কাৰ্যকালত সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়ন হৈছেনে? ধৰ্মীয় বাতাৱৰণে পৰিৱেশ বিনষ্ট কৰা নাইনে? যদিহে চৰকাৰে জাতি-ধৰ্মৰ ঊধবৰ্ত সামূহিক কল্যাণৰ বাবে কাম কৰে, তেন্তে আগত সময়ত পুনৰ এইখন চৰকাৰকে জনতাই জনাদেশ দিব৷