Logo
image

স্মৃতিমেদুৰ চাইকেল নতুন প্ৰজন্মৰ উৎসাহত সঁহাৰি দিয়া নাই কতৃৰ্পক্ষই

আমাৰ অসম, ৪ জুনঃ তথ্য বা পৰিসংখ্যাৰে যদি আৰম্ভ কৰো, তেন্তে ‘চাইকেল কেপিটেল অব দ্য ৱল্ডৰ্’ যে নেডাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰডাম সেই বিষয়টো হয়তো অনেকৰে জ্ঞাত, য’ত ৰাজধানী চহৰখনৰ অৰ্ধেক ভ্ৰমণ প্ৰতিনিয়ত চাইকেলেৰে সম্পাদন কৰা হয়৷ ‘চাইকেল কেপিটেল অব দ্য ৱল্ডৰ্’ আমষ্টাৰডামৰ চাইকেলৰ সংখ্যা ৯,০০,০০০ৰো অধিক, যিটো সংখ্যা মুঠ চহৰবাসীতকৈও বেছি৷ আমষ্টাৰডামৰ এই মৰ্যাদা প্ৰাচীনৰ পৰা সাম্প্ৰতিক কাললৈকে বৰ্তি আছিল, কিন্তু সেই অৰ্বাচীন অভিলেখ দখল কৰি লৈছে ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনে৷ কিয়নো কোপেনহেগেনৰ ৬২ শতাংশ বাসিন্দাই আজিকালি চাইকেল চলাই দৈনন্দিন কাম-কাজ সম্পন্ন কৰে আৰু তেওঁলোকে এদিনত প্ৰায় চাৰে ১৪ লাখ কিলোমিটাৰ চাইকেলেৰে ভ্ৰমণ কৰে৷ এই তথ্য তেনেই সাম্প্ৰতিকতম, যাৰ সন্মুখত এসময়ৰ ভাৰতৰ ‘চিটী অব চাইকেল’ হিচাপে খ্যাত পুনে চহৰৰ মৰ্যাদা তেনেই ‘ফিকা’ বা ম্লান৷ কিয়নো মটৰবাইক, গাড়ীৰ প্ৰাচুৰ্যই পুনে চহৰৰ সেই মৰ্যাদা লোপ পেলাইছে আৰু একে সময়তে ইখনৰ পাছত সিখন অত্যাধুনিক গাড়ী উৎপাদন কৰা ইউৰোপৰ চহৰত চাইকেলৰ ব্যৱহাৰ দিনক দিনে তীব্ৰগতিত বাঢ়ি আহিছে৷ বিশ্ব বাইচাইকেল দিৱসত, অৰ্থাৎ ৩ জুনত যদি একেটা প্ৰতিবেদনৰ আৰম্ভণি চাইকেলৰ সুবিধা বা চাইকেল চালনাৰ উপকাৰিতাৰ কথাৰে আৰম্ভ কৰা হ’লহেঁতেন, তেন্তে নিদ্বিৰ্ধাই আহি পৰিলহেঁতেন সহজ-সৰল, প্ৰায় মেচিনহীন, বহনক্ষম, ইন্ধনবিহীন আৰু পৰিৱেশ অনুকুল বাহন হিচাপে বিশ্বাসযোগ্য ভ্ৰমণসংগীৰ মৰ্যাদাৰ কথা৷

‘মন হীৰা দৈ, চাইকেল নহয় টিলিঙা...’ শীৰ্ষক গীতটোৰে যদি আমি চাইকেল চালনালৈ দৃষ্টিপাত কৰো, তেন্তে অসমৰ চাইকেলৰ ঐতিহ্যও তেনেই চালুকীয়া নহয়৷ ‘বোৱাৰী’ নামৰ জনপ্ৰিয় অসমীয়া ছবিখনত ৰাজ্যৰ জনপ্ৰিয় আৰু সুদৰ্শন অভিনেতাজনে, অৰ্থাৎ বিজু ফুকনে দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলৰ সন্মুখৰ ওখোৰা মোখোৰা পথেৰে মহানন্দ মজিন্দাৰ বৰুৱাৰ গীতত ‘লিপ’ মিলাই চাইকেল এখন চলাই চলাই ‘মন হীৰা দৈ, চাইকেল নহয় টিলিঙা...’ গোৱাৰ দৃশ্যটো কোন কাহানিতেই অসমৰ চাইকেল চালনাৰ ‘ট্ৰেণ্ড’ হৈ পৰিছিল৷ আজিৰ দিনত হোৱা হ’লে বিশ্ব বাইচাইকেল দিৱসত সেই গীতটো নিৰ্ঘাত ‘থীম ছং’ হ’লহেঁতেন আৰু অবধাৰিতভাৱে বিজু ফুকন হ’লহেঁতেন অসমৰ বাইচাইকেল দিৱসৰ ‘ব্ৰেণ্ড এম্বাচাদৰ৷’

কিন্তু অসমত এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই৷ স্পৰ্টছ ইউটিলিটী ভেহিকল বা এছ ইউ ভি আৰু চৰম গতি সম্পন্ন স্পৰ্টছ বাইকৰ হেঁচাত অসমত চাইকেল কেনিবা গৈ লুকাল৷ বাইচাইকেল বা চাইকেল এতিয়াও বহুতৰে হৃদয়ৰ কাষৰ যদিও ই এক সোণালী শৈশৱৰ নষ্টালজিয়া মাত্ৰ৷ হাৰ্লি ডেভিডছন, ইণ্ডিয়ান স্প্ৰিংফিল্ডৰ পৰা আৰম্ভ কৰি হিমালয়ান-কে টি এম-পালছাৰলৈ, ছুজুকি বাৰ্গমেন ষ্ট্ৰীট ১২৫ স্কুটাৰৰ পৰা আৰম্ভ কৰি স্কুটী পেপলৈকে মটৰচাইকেলৰ ‘বিপ্লৱ’ৰ সন্মুখত অসমত এতিয়া চাইকেল চলোৱাটো এটা মৰ্যাদাহীন, কপৰ্দকহীনতাৰ পৰিচয়৷ আনকি বিশ্বজুৰি ৩ জুনত ‘ৱল্ডৰ্ বাইচাইকেল ডে’ অৰ্থাৎ বিশ্ব চাইকেল দিৱস পালনৰ দিনটোতো সেই মৰ্যাদাই উচ্ছতা লাভ নকৰে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৮ চনৰ এপ্ৰিলত ঘোষণা কৰিছিল–৩ জুনত বিশ্বজুৰি ‘বাইচাইকেল ডে’ পালিত হোৱাৰ কথা৷ সহজ সৰল, বহনক্ষম, বিশ্বাসযোগ্য আৰু পৰিৱেশ অনুকুল বাহন হিচাপে চাইকেলখন যাতে সৰ্বজনগ্ৰহণীয় বাহন হৈ পৰে, সেই উদ্দেশ্য সন্মুখত লৈয়েই ৰাষ্ট্ৰসংঘই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ আমেৰিকা আৰু ইউৰোপৰ অধিকাংশ দেশত বিগত প্ৰায় ২৫-৩০ বছৰ ধৰি চাইকেলেৰে যাতায়াত, চহৰৰ ভিতৰৰ চমু ভ্ৰমণ, নিত্য নৈমিত্তিক কাম-কাজ সম্পাদন কৰাটো অভ্যাসত পৰিণত হৈ পৰিছে৷ ঘৰৰ গেৰেজত বি এম ডব্লিউ, ৰ’লছ ৰয়েছ ৰাখিও ইউৰোপিয়ান পুৰুষ-মহিলা, বৃদ্ধ কিশোৰ সকলোৰে চহৰৰ ভিতৰৰ পৰিবহণৰ মাধ্যম হৈ পৰিছে চাইকেল৷ নিজে এখন চাইকেলৰ গৰাকী নহ’লেও, ৰাজহুৱা ষ্টেণ্ডত থকা চাইকেল এখন কেইটামান ছেণ্ট বা ইউৰোৰ বিনিময়ত ‘আনলক’ কৰি চলাই গৈ আকৌ কামৰ শেষত আন এটা ষ্টেণ্ডত লক কৰি থৈ অহাটো ইউৰোপৰ যিকোনো চহৰত সহজাত ঘটনা৷ সেয়ে আমষ্টাৰডামৰ বাসিন্দাতকৈও চহৰখনত সৰহ তেনে ৰাজহুৱা চাইকেলৰ সংখ্যা৷ তদুপৰি আমষ্টাৰডাম, কোপেনহেগেনকে ধৰি ইউৰোপৰ সকলো চহৰৰ ৰাজপথত মূল পথ আৰু ফুটপাথৰ মাজত থাকে চাইকেল আৰোহীৰ বাবে এটা পৃথক ট্ৰেক৷

সেই একেটা কামকে যদি আমাৰ দেশত, কিম্বা আমাৰ ৰাজ্যত কৰিবলৈ ধৰা হয়, সেয়া হৈ পৰে মৰ্যাদাহীন কাম আৰু চালকজন হৈ পৰে কপৰ্দকহীন এজন ব্যক্তি মাথোঁ৷ অসমত আজিও বাইচাইকেল দিৱস এটা আনুষ্ঠানিকতা মাত্ৰ৷ কোনো স্বনামধন্যই যদি চাইকেলৰ পেডেলত ভৰি থয়, তেন্তে অসমত সেয়া খবৰ৷ যদিহে পেডেল মৰাজন ৰাজনীতিক বা মন্ত্ৰী-বিধায়ক হয়, তেন্তে সেয়া বেচৰকাৰী টিভি চেনেলৰ ব্ৰেকিং নিউজ৷ গ্লেমাৰাছ সাংবাদিকৰ ভৰিয়েও কেতিয়াবা চাইকেলৰ পেডেল স্পৰ্শ কৰে, যাৰ পিছে পিছে যায় পি এছ অ’ থকা এছ ইউ ভি৷ হৰি, যদু, মধুৱেও চাইকেলেৰে পাক এটা মাৰিলে সি স্থান পায় ফেচবুকৰ ষ্টেটাছত, লগত এবিঘা ৰচনা, য’ত থাকে সোণালী শৈশৱৰ চাইকেল চলাই যোৱাৰ নষ্টালজিক বৰ্ণনা৷

কিন্তু এনে এক প্ৰতিকূল পৰিস্থিতিৰ মাজতো এতিয়া অসমৰ যুৱক-কিশোৰৰ এটা চাম ওলাই আহিছে চাইকেল চালনাৰ বাবে৷ সুস্বাস্থ্য, পৰিৱেশৰ সুৰক্ষাৰ কথা চিন্তা কৰা সেই যুৱ-কিশোৰৰ দলে কিন্তু ইচ্ছা কৰিলেও ব্যস্ততম সময়ত চহৰৰ মাজত চাইকেল চলাব নোৱাৰে৷ কাৰণ গাড়ীয়ে খুন্দিওৱাৰ ভয়৷ হাতৰ মুঠিত প্ৰাণ লৈ কোনে চাইকেল চলাব? তেনে ‘বাইকাৰ্ছে’ অসমত চাইকেল চলায় পুৱাৰ নিৰিবিলি সময়ত, যান-বাহন নোলোৱা সময়ত৷ চহৰৰ উপকণ্ঠৰ ব্যস্ততাহীন পথ বিচাৰি চাইকেল চলাই তেওঁলোকে এটা নতুন পৰিৱেশৰ সূচনা কৰিছে৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ কোনো সহযোগিতা নাই৷ সহযোগিতা সেই অৰ্থত নাই, কিয়নো অসমৰ কোনো এখন চহৰতে চাইকেল আৰোহীৰ বাবে নিৰ্দিষ্ট ট্ৰেক নাই৷ মহানগৰীৰ খানাপাৰাৰ সমীপৰ জয়ানগৰত চৰকাৰীভাৱে এটা চাইক্লিং ট্ৰেক নিৰ্মাণ কৰা হৈছে৷ প্ৰায় ২০ মিটাৰ দৈৰ্ঘ্যৰ এই চাইক্লিং ট্ৰেকটোৰে অসম চৰকাৰে বিচাৰিলে সম্ভৱতঃ বিশ্বৰ আটাইতকৈ চমু চাইক্লিং ট্ৰেকৰ অনাকাংক্ষিত মৰ্যাদা গোটাই আনিব পাৰিব৷ হ’ব পাৰে সেয়া অসম চৰকাৰৰ বিশ্বাভিলেখো৷ পূৰ্বৰ চৰকাৰে, মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰীক চাইকেল দিছিল বিনামূল্যে৷ পিছে ছয় বছৰৰ পূৰ্বে বিজেপি নেতাই ডাংকোপ মাৰি নিৰ্বাচনী সভাত ঘোষণা কৰিলে –কংগ্ৰেছে যদি চাইকেল দিছে, তেন্তে আমি স্কুটী দিম৷ সেই মতে বিজেপি চৰকাৰে দিছেও৷ ফলত চাইকেলৰ স্থান লৈছে স্কুটীয়ে৷ বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতাৰ পুনৰ আন এক ডাংকোপ মৰা ঘোষণা আছিল–ডেকা ল’ৰাক বুলেট দিয়াৰ৷ ৰসিক চৰ্ত আছিল পিছৰ ছিটত ছোৱালী উঠাব নোৱাৰিব৷ সম্ভৱতঃ বুলেট প্ৰদানৰ চৰকাৰী কাৰ্যসূচীও অচিৰেই অসমত দেখা যাব৷ সেয়া হ’ব পাৰে সাম্প্ৰতিক চৰকাৰৰ কাৰ্যকালতে৷ তেতিয়ালৈ অসমত চাইকেল হৈ ৰ’ব ল’ৰালিৰ নষ্টালজিয়া৷


২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আজিৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাবে উদ্‌যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷  সেয়ে বিশ্ব বাইচাইকেল দিৱস তথা দেশ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰতো সুস্থ জীৱনযাত্ৰা নিশ্চিতকৰণ আৰু স্বচ্ছ ভাৰত অভিযানৰ বাৰ্তাৰে বাইচাইকেল ৰেলী উলিওৱা হয়৷ উল্লেখ্য যে কোকৰাঝাৰ চহৰস্থিত বিজ্ঞান মহাবিদ্যালয়ৰ এনএছএছ গোটৰ উদ্যোগত আৰু কোকৰাঝাৰ বাইচাইকেল ৰাইডাৰ্ছৰ সহযোগত উক্ত বাইচাইকেল ৰেলী উলিওৱা হয়৷ প্ৰকাশ যে, যিসকলে চাইকেল চলায় তেওঁলোক আনৰ তুলনাত বহুত সুস্থ থাকে৷ নিয়মিতভাৱে চাইকেল চলালে ষ্ট্ৰোক, হাৰ্টৰ ৰোগ, উচ্ছ ৰক্তচাপ, মধুমেহ ইত্যাদিৰ দৰে বিভিন্নধৰণৰ ৰোগ আৰু সমস্যাৰ পৰা মুক্তি পোৱা যায়৷ সেয়ে দৈনিক ৩০ মিনিট সময় চাইকেল চলালে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰি৷ তদুপৰি, চাইকেলৰ পৰা যান-জঁটৰ দৰে সমস্যাৰ সৃষ্টি নহয়৷ তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে চাইকেলৰ পৰা পৰিৱেশ দূষিতকৰণ নহয়৷ সেয়ে পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ অৰ্থাৎ সুস্বাস্থ্য আৰু এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ লক্ষ্যেৰে জনসাধাৰণৰ মাজত পৰিৱেশ তথা স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বাইচাইকেল ৰেলী উলিওৱা হয়৷ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় প্ৰাংগণৰ পৰা আৰম্ভ হোৱা বাইচাইকেল ৰেলীত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কোকৰাঝাৰ বাইচাইকেল ৰাইডাৰ্ছৰ সদস্যসকলে অংশগ্ৰহণ কৰি চহৰখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ফিট ইণ্ডিয়া মুভমেণ্ট, খেলো ইণ্ডিয়া মুভমেণ্ট, ক্লীন ইণ্ডিয়া মুভমেণ্ট, হেলডি ইণ্ডিয়া মুভমেণ্টৰ বাৰ্তা বাইচাইকেল মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি কৰা হয়৷


আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাৰ লগতে একাংশ অধ্যাপকেও অংশ লোৱা তেজপুৰ মহাবিদ্যালয়ৰ এই চাইকেল ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰা বিধায়ক ৰাভাই চাইকেল চালনাৰ অভ্যাসে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে একেদৰে নিজৰ শৰীৰো মজবুত কৰি এগৰাকী সু-স্বাস্থ্যবান ব্যক্তি হোৱাৰ পথ সূচল কৰে বুলি মন্তব্য কৰে৷ এই অনুষ্ঠানত তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু বড়োৱেও অংশ লয়৷ উল্লেখ্য যে, তেজপুৰৰ এক স্বেচ্ছাসেৱী সংগঠন ‘মাইলছ উইথ চাইকেল’ এ তেজপুৰ মহাবিদ্যালয়ৰ সহযোগত বাহিৰ কৰা এই ৰেলীৰ দলটোৱে শিলঘাট আৰু পুনৰ শিলঘাটৰ পৰা তেজপুৰ মহাবিদ্যালয়লৈ উভতি আহে৷  ৩৫জনীয়া পুৰুষ-মহিলাৰ দলটোৱে মুঠ ৫৩কি মি দূৰত্ব অতিক্ৰম কৰে৷ আনহাতে, দেশে স্বাধীনতা লাভৰ ৭৫বছৰ পূৰ্তি উপলক্ষে পালিত স্বাধীনতা কি অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগতে বিশ্ব চাইকেল দিৱসৰ অংশ হিচাপে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ এন এছ এছ গোটে মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ সহযোগত মিছন চাৰিআলিৰ পৰা ডেকাৰগাঁৱৰ ৰে’ল ষ্টেচনলৈকে এক চাইকেল ৰেলীৰে সজাগতা সৃষ্টি কৰে৷ উল্লেখ্য যে, গাড়ী-মটৰৰ ধোঁৱাই সৃষ্টি কৰা প্ৰদূষণে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনাৰ সময়তে চাইকেলৰ প্ৰয়োজনীয়তা আৰু চাইকেল চালনাই শাৰীৰিক অনুশীলনসদৃশ কাম কৰাৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি সজাগতা সৃষ্টিৰে আজি চাইকেল দিৱসৰ দিনটোত উলিওৱা এই চাইকেল ৰেলী শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া তথা তেজপুৰৰ সন্তান ত্ৰিনয়ন ভূঞাই৷ উল্লেখ্য যে, এই চাইকেল ৰেলীয়ে নিৰ্দিষ্ট স্থান সামৰি পুনৰ মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হয় আৰু সকলো অংশগ্ৰহণকাৰীক একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰি মহাবিদ্যালয়খনৰ কতৃৰ্পক্ষই চাইকেল চালনাৰ বিভিন্ন সুফলসমূহ শিক্ষাৰ্থীসকলক অৱগত কৰে৷