Logo
image

মাজুলীৰ দলঙৰ ঠিকাদাৰৰ শ্বিলঙত নিৰ্মিত সৌধ চূৰ্ণীকৃত

কোন এই বদ্ৰী ৰাই

উঃপ্ৰদেশ হৈ কেনেকৈ আহে বৃহৎ ঠিকা

আমাৰ অসম, ৪ জুনঃ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে মাজুলীবাসীক এতিয়া অনাকাংক্ষিত বিপদৰ মাজলৈ ঠেলি দিব নেকি? এই প্ৰশ্নই এতিয়া খেদি ফুৰিছে সত্ৰ নগৰীখনৰ প্ৰতিজন সচেতন নাগৰিকক৷ কিয়নো মাজুলীবাসীৰ আশা-ভৰসাৰ স্থল মাজুলী-যোৰহাট সংযোগী দলংখনৰ অনভিজ্ঞ এটা ঠিকাদাৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠানে খুঁটা পোঁতোতেই নিৰ্মাণ আসোঁৱাহ ধৰা পৰাত দলংখনৰ স্থায়ীত্বক লৈ আশংকা দূৰ হোৱা নাই নৈপৰীয়া ৰাইজৰ৷ কিন্তু মাজুলীবাসীৰ এই আশংকাৰ মাজতে দলংখনৰ নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা দুলীয়াজানৰ বদ্ৰী ৰাই কনষ্ট্ৰাকচনে শ্বিলঙত নিৰ্মাণ কৰা মেঘালয় বিধান সভাৰ বিল্ডিঙৰ গম্বুজটো ভাগি পৰাৰ পাছতেই মাজুলীবাসীৰ ভয়-আশংকা যেন দুগুণলৈ বৃদ্ধি পাইছে৷ বিল্ডিং নিৰ্মাণৰ অভিজ্ঞতা থকাৰ পাছতো মেঘালয় বিধানসভাৰ ১২৭ কোটি টকীয়া ব্যয়ৰে নিৰ্মাণৰত সৌধটো খহি পৰি চূৰ্ণকৃত হৈ পৰাৰ পাছত দলং নিৰ্মাণৰ কোনো অভিজ্ঞতা নথকাৰ পাছতো বদ্ৰী ৰাই কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে জ্জ্ব কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ অব্যাহত ৰাখিছে৷ কিন্তু এই দলংখনো যে কেতিয়াবা ভাগি নপৰিব তাক কোনে নি(য়তা দিব এই লৈ সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে৷ লক্ষণীয় বিষয়টো হৈছে মাজুলী-যোৰহাট সংযোগী ৯২৫ কোটি টকীয়া দলংখনৰ নিৰ্মাণৰ মূল ঠিকা লাভ কৰিছিল লক্ষ্ণৌৰ বিতৰ্কিত ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেছন নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে৷ কিন্তু উক্ত নিৰ্মাণকাৰী সংস্থাটোৱে ৩০০ কোটি টকা কমিচন লৈ দুলীয়াজানৰ ব্যৱসায়ী অৰুণ কুমাৰ ৰায়ৰ মালিকাধীন বদ্ৰী ৰাই কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডক  ৬২৫ কোটি টকাত উপ ঠিকা [চাব-কণ্ট্ৰেক্ট] প্ৰদান কৰিছিল৷ একেদৰে ১২৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ বিধানসভাৰ নতুন বিল্ডিংটোৰো মূল ঠিকা ইউ পি ট্ৰেষ্ট ব্ৰীজ কৰ্প’ৰেছনে লাভ কৰিছিল যদিও কোম্পানীটোৱে কমিচন লৈ দুলীয়াজানৰ অনভিজ্ঞ বদ্ৰী ৰাই কনষ্ট্ৰাকচনক উপ ঠিকা প্ৰদান কৰিছিল৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিধানসভাৰ নতুন বিল্ডিংটো ৰাজ্যখনৰ আইকনিক কেন্দ্ৰস্থল হ’ব বুলিও দাবী কৰিছিল৷ উক্ত বিল্ডিংটোৰ নক্সা নয়দাৰ ডিজাইন এছ’চিয়েটছ লিমিটেডে প্ৰস্তুত কৰাৰ বিপৰীতে আই আই টি ৰুৰ্কীয়ে বিলিং নক্সা পৰীক্ষা কৰি অনুমোদন জনাইছিল৷ ২০১৯ চনত নিৰ্মাণ আৰম্ভ হোৱা বিল্ডিংটোৰ চলিত বৰ্ষত আগষ্টত সম্পূৰ্ণ কৰাৰ কথা আছিল৷ চাব-কণ্ট্ৰেক্ট লৈ অসমৰ বদ্ৰী ৰাই কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা বিল্ডিংটোৰ ৭০ টন ওজনৰ গম্বুজটো হঠাতে ২১ মে’ত খহি পৰি চূৰ্ণাকৃত হৈ পৰে৷ এই ঘটনাৰ পাছতেই নিৰ্মাণ আসোঁৱাহ পোহৰলৈ অনাৰ বাবে মেঘালয় চৰকাৰৰ অনুৰোধ মৰ্মে আই আই টি গুৱাহাটীৰ ৩০ জনীয়া বিশেষজ্ঞৰ দলে অনুসন্ধান আৰম্ভ কৰিছে৷ কিন্তু আ(ৰ্যজনক ভাৱে মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মীয়মান দুটা খুঁটাত বৃহৎ ফাক থকাৰ পাছতো চৰকাৰে আজি পৰ্যন্ত আই আই টিৰ দৰে স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ দ্বাৰা পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ দ্বাৰা পৰীক্ষা কৰি খুঁটাৰ ফাক থকা অংশ মেৰামতি কৰি পূৰ্ণদ্যমে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত সেউজ সংকেত দিলে৷ লক্ষণীয়ভাৱে উত্তৰ প্ৰদেশ ষ্টেট ব্ৰীজ কৰ্প’ৰেছনে ২০১৮ চনত বাৰাণসীত নিৰ্মাণ কৰা এখন উৰণীয়া সেঁতু আৰু ২০২১ চনত উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰত ৰাম গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা এখন দলং ভাগি পৰিছিল৷ ইপিনে, সাংসদ প্ৰদান বৰুৱাই মাজুলীৰ দলংখনৰ নিৰ্মাণৰ কাৰিকৰী দিশ নিৰীক্ষণৰ বাবে অভিজ্ঞতা থকা প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ পাছতহে কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল যদিও আজিলৈকে তেনে কোনো প্ৰতিষ্ঠানক দায়িত্ব নিদিলে৷ অৰ্থাৎ নিৰ্মাণৰ কাৰিকৰীগত দিশ নিৰীক্ষণ অবিহনেই গাঁৱৰ জান-জুৰিৰ ওপৰতো এখনো দলং নিৰ্মাণৰ অভিজ্ঞতা নথকা বদ্ৰী ৰাই কনষ্ট্ৰাকচনে ব্ৰহ্মপুত্ৰৰ ওপৰত আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ অব্যাহত ৰাখিছে৷ স্বাভাৱিকভাৱেই ক্ষুব্ধ সত্ৰ নগৰীবাসীক প্ৰশ্ন, বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বাবে মাজুলীবাসীৰ জীৱনৰ কোনো মূল্য নাই নেকি?