Logo
image

কোষাগাৰত পৰিছে টান, সুৰাপায়ীয়েই ৰক্ষাকৰ্তা

পুনৰ ব্যাপক মূল্যবৃদ্ধি সুৰাৰ

আমাৰ অসম, ৪ জুনঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে৷ ভোটৰ ৰাজনীতিৰ নামত হিতাধিকাৰীক মাহে মাহে আৰ্থিক অনুদান আগবঢ়াই এতিয়া নিজেই ধাৰত পোত গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ অসম চৰকাৰৰ ৰাজকোষ একপ্ৰকাৰ উদং হৈ পৰিছে৷ ইপিনে চলিত জুনৰ মাজভাগৰ পৰা কেন্দ্ৰীয় চৰকাৰেৰ জি এছ টি অনুদান বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত হাহাকাৰ লাগিছে দিছপুৰৰ৷ যাৰ বাবে বিত্তীয় ঘাটি জোৰা মাৰিবলৈ পুনৰ মুকলি বজাৰৰ পৰা ১,২০০ কোটি টকা ঋণ লোৱাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিত্ত বিভাগে৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত চৰকাৰী ধাৰৰ পৰিমাণ ৰ লাখ কোটি টকাৰ অতিক্ৰম কৰিছে৷ উক্ত ধাৰ-ঋণৰ বিপৰীতে মাহে শ শ কোটি টকা সুত পৰিশোধ কৰিবলৈ গৈ এতিয়া যেন শ’লঠেকত পৰিছে চৰকাৰ৷ স্বাভাৱিকতেই সুৰাপায়ীয়েই এতিয়া চৰকাৰৰ বাবে ৰক্ষাকৰ্তা হৈ পৰিছে৷ সুৰাপায়ীৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে৷ সেই উদ্দেশ্য ৰাজহ ঘাটি জোৰা মৰাৰ বাবে পুনৰ বাৰ সুৰাৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ বিলাতী সুৰাৰ ওপৰত শুল্ক বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে ৰাজপত্ৰিত জাননী জাৰি কৰি কৰিছে৷ সেই অনুসৰি ১৫ জুনৰ পৰা সকলো ধৰণৰ সুৰাৰ ওপৰতেই কৰ বৃদ্ধি পাব৷ স্বাভাৱিকভাৱেই বৃদ্ধি পাব মদৰ দাম৷ বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এলিজেণ্ট ব্ৰেণ্ডৰ ৰাম, ব্ৰেণ্ডী, হুইস্কী, জিন আদিৰ প্ৰতিটো ফুল বটলত সৰ্বনিম্ন ২০ টকা দাম বৃদ্ধি পাব৷ অৰ্থাৎ সুৰাপায়ীৰ মাজত সমাদৃত ৰয়েল ষ্টেগ ব্ৰেণ্ডৰ ১৮০ মিলি লিটাৰৰ কোৱাটাৰ বটলত ৫টকা, ৩৭৫ মিলিলিটাৰৰ হাফ বটলত ১০ টকা আৰু ৭৫০ মিলিলিটাৰৰ ফুল বটলত ২০ টকা দাম বৃদ্ধি পাব৷ এলিজেণ্ট ব্ৰেণ্ডৰ ৰয়েল গ্ৰীণ, ৮ পি এম, ষ্টাৰ্লিং ৰিজাৰ্ভ বি ৭ আদি ব্ৰেণ্ডৰ সুৰাৰ ক্ষেত্ৰতো একেধৰণৰ দাম বৃদ্ধি পাব৷ ক্লাছিক ব্ৰেণ্ডৰ এমেৰিকান প্ৰাইড, ব্লেণ্ডাছ প্ৰাইড, ছিগনেচাৰ, এণ্টিকুইটী আদি সুৰাৰ ক্ষেত্ৰতো কিছু দাম বৃদ্ধি পাব৷ আনহাতে জেনেৰেল ব্ৰেণ্ডৰ ৰামৰ ক্ষেত্ৰত ৭৫০ মিলিলিটাৰ বটলত সৰ্বাধিক ২০ টকা দাম বৃদ্ধি পাব৷