Logo
image

বান পাব, সহজে খোৱাপানী নাপাব! হাত দাঙি দিলে কুইনে

আমাৰ অসম, ৪ জুনঃ ‘গুৱাহাটীবাসীয়ে বান পাব, কিন্তু সহজে নাপায় খোৱাপানী৷’ কাৰ্যতঃ গুৱাহাটীৰ কৃত্ৰিম বান আৰু খোৱাপানীৰ সমস্যাৰ সন্দৰ্ভত এইবাৰ হাত দাঙিলে গুৱাহাটীৰ সাংসদ কুইন ওজাই৷ গুৱাহাটীৰ কৃত্ৰিম বান আৰু খোৱাপানীৰ সমস্যা হেনো সাংসদ কুইন ওজাৰ কাৰণে ডাঙৰ দুখৰ কাৰণ, মুখ্যমন্ত্ৰীক যতেই লগ পায়, তাতেই তেওঁ এই দুখৰ কথা বিবৰি কয়৷ হয়, গুৱাহাটীৰ সাংসদ কুইন ওজাই দুখ পাইছে৷ পৌৰ নিগমৰ নিৰ্বাচনৰ আগত গুৱাহাটীবাসীক জুলাই মাহৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগানৰ কথা দি এতিয়া দিব নোৱাৰাত দুখ পাইছে কুইন ওজাই৷ কাৰ্যতঃ নিজৰ চৰকাৰকে সমালোচনা কৰি কুইন ওজাই ক’লে এইটোৱেই তেওঁৰ ডাঙৰ দুখ৷ তথাপি আগন্তুক ৬ মাহৰ ভিতৰত গুৱাহাটীবাসীক পানী দিব পাৰিব বুলি আশাবাদী সাংসদ গৰাকী৷ আনহাতে, গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই৷ আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক৷ কোনোবাই অভিযোগ দিলেই ডিজিপিক ফোন কৰি পাহাৰ খনন কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব বুলি ক’লে সাংসদগৰাকীয়ে৷ ইফালে, কৃত্ৰিম বানৰ বাবে গুৱাহাটীবাসীৰ বহুত ভুল আছে বুলি মন্তব্য কৰিলে সাংসদ কুইন ওজাই৷ ‘কোনো পৰিকল্পনা নকৰাকৈ গুৱাহাটীত নিৰ্মাণ হ’ল বিল্ডিং, অট্টালিকা৷ বিল, জলাশয়বোৰতো ঘৰ বনোৱা হ’ল যাৰ ফলত পানী ওলাই যাব নোৱাৰে৷ আমি কাম কৰি আছো, উন্নত প্ৰযুক্তিৰ দ্বাৰা নলা নিষ্কাশনৰ কাম কৰি থকা হৈছে’– এনেদৰে কয় সাংসদ ওজাই৷ আনহাতে, মুখ্যমন্ত্ৰীৰ পি পি ই কিট বিতৰ্ক সন্দৰ্ভত অজ্ঞতা প্ৰকাশ সাংসদগৰাকীৰ৷ হিমন্ত বিশ্ব শৰ্মা এজন বিজ্ঞ মুখ্যমন্ত্ৰী, এনে কাম কৰিব নোৱাৰে বুলি কয় সাংসদগৰাকীয়ে৷ তেওঁ কয়, কংগ্ৰেছ শেষ হৈ গ’ল, সেইকাৰণে এইবোৰ মিছা অভিযোগ আনিছে৷ বানমুক্ত, গুৱাহাটী নিৰ্মাণৰ বাবে নিৱনিৰ্বাচিত মেয়ৰ, ডেপুটী মেয়ৰ, পৰিষদসকলৰ সৈতে আলোচনা কৰা বুলিও সাংবাদিকৰ আগত সদৰি কৰে সাংসদ কুইন ওজাই৷ লক্ষণীয় যে এজাক বৰষুণতে এতিয়া গুৱাহাটীৰ ৰাজপথত চাৰিচকীয়া বাহন পথত কাগজৰ নাওৰ দৰে ভাহি যোৱাৰ দৃশ্য সুলভ হৈ পৰিছে৷ এজাক বৰষুণতে গুৱাহাটীৰ নলা, নৰ্দমা, ফুটপাথ, সকলো একাকাৰ হৈ পৰে৷ বৰষুণ মানেই এতিয়া গুৱাহাটীত ত্ৰাস, ভয় শংকাৰ অলেখ কাৰণ৷ চান্দমাৰি, জটিয়া, হাতীগাঁও, ৱায়াৰলেছ, কাহিলীপাৰা, জুৰ’ড, আৰ্জি বৰুৱা ৰোড, গীতানগৰ, নবীন নগৰ, বিৰুবাৰী আদি অঞ্চলত আজিকালি প্ৰায়েই সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়৷ শুকুৰবাৰে পুৱাতে অহা এজাক মুষলধাৰ বৰষুণতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পৰা এককালপৰ্যন্ত পানী উঠে৷ ফলত এখন বাহন পানীত ওপঙি উঠে৷ বহুতো সৰু বৰ বাহন পানীৰ মাজেদিয়ে পাৰ হৈ যাবলগীয়া হোৱাত বাহন বিকল হৈ পৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জুন, জুলাইৰ পৰা চৰকাৰী পানী যোগানৰ কাম আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল যদিও সেয়াও এতিয়া বুমেৰাং হোৱাহে পৰিলক্ষিত হ’ল৷ নিৰ্বাচনী প্ৰেক্ষাপটৰ গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ প্ৰসংগ যেন বিজেপিৰ পৌৰ নিগম দখলৰ বিজয় উল্লাসতে লীন গ’ল৷