Logo
image

আলফাৰ ওচৰত আত্মসমৰ্পণ কৰিও সাৰি গ’ল মন্ত্ৰী কিষাণ

আমাৰ অসম, ৪ জুনঃ আলফা [স্বাধীন]ৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতো যেন সাৰি গ’ল মন্ত্ৰী সঞ্জয় কিষাণ৷ অথচ পৰেশ বৰুৱাৰ ওচৰত ৰাজহুৱাভাৱে বিচৰা ক্ষমা প্ৰাৰ্থনা এই পৰ্যন্ত প্ৰত্যাহাৰ কৰা দেখা নগ’ল মন্ত্ৰী কিষাণে৷ উল্লেখ্য যে, পৰেশ বৰুৱাৰ ভাবুকিৰ পিছতে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত আলফা [স্বাধীন]ৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিলে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে৷ সংবিধানৰ নামত শপত লোৱা চৰকাৰৰ মন্ত্ৰী এজনে এনেদৰে নিষিদ্ধঘোষিত বিছিন্নতাবাদী সংগঠন এটাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচৰা কাৰ্যক কেন্দ্ৰ কৰি ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দেশৰ অখণ্ডতা ৰক্ষাৰ নামত শপত বাক্য পাঠ কৰা মন্ত্ৰী এজনে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা সংগঠন এটাৰ ওচৰত ক্ষমা বিচৰা কাৰ্যই শল’ঠেকত পেলায় ৰাজ্য চৰকাৰক৷ মন্ত্ৰী কিষাণৰ এনে কাৰ্যত বিমোৰত পৰে বিজেপি দল আৰু চৰকাৰ৷ আনকি সমস্ত বিষয়টোত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়েও অসন্তোষ প্ৰকাশ কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সঞ্জয় কিষাণক শ্বকজ কৰে৷ আনকি মন্ত্ৰী কিষাণে আলফা [স্বাধীন]ৰ ওচৰত কথা বিচাৰি ভাল কাম নকৰা বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীৰ ৰোষত পৰা মন্ত্ৰী কিষাণে শ্বকজ উত্তৰ সময়মতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জমা দিয়ে৷ ৰাজনৈতিক মহলৰ মতে, ক্ষমা বিচৰা কাৰ্যই মন্ত্ৰী সঞ্জয় কিষাণৰ ৰাজনৈতিক ভৱিষ্যত চৰম অনিশ্চয়তাৰ দিশত ঠেলি দিলে৷ কিন্তু কাৰ্যক্ষেত্ৰত যেন সেয়া নহ’ল৷ আলফা [স্বাধীন]ৰ ওচৰত নিজৰ বক্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ পিছতো যেন ৰক্ষা পালে মন্ত্ৰী কিষাণে৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব সৰ্মাই এই সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰি কয়– ‘‘বৰ্তমানৰ কোনো মন্ত্ৰী ৯ জুনৰ সম্প্ৰসাৰনত বাদ নপৰে৷’’ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে এটা কথা চূড়ান্ত হ’ল যে আলফাৰ ওচৰত ক্ষমা বিচৰাৰ পিচতো সঞ্জয় কিষাণৰ মন্ত্ৰীত্ব অক্ষুন্ন থাকিব৷ কোনোধৰণৰ ৰাজনৈতিক শাস্তিৰ সমুখীন নহয় মন্ত্ৰী কিষাণ৷ অৰ্থাত মন্ত্ৰী সঞ্জয় কিষাণে শ্বকজৰ উত্তৰক লৈ মুখ্যমন্ত্ৰী সম্পূৰ্ণ সন্তুষ্ট৷ মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে যেন উৎকণ্ঠাৰ অন্ত পৰিল মন্ত্ৰী কিষাণৰ৷ কিন্তু মন্ত্ৰী কিষাণে আলফাৰ ওচৰত ৰাজহুৱাভাৱে বিচৰা ক্ষমা প্ৰত্যাহাৰ কৰিলে নে নাই সেই সন্দৰ্ভটো কিন্তু কোনোধৰণৰ মন্তব্য কৰা নাই মুখ্যমন্ত্ৰী বা মন্ত্ৰী কিষাণে৷ মন্ত্ৰী সঞ্জয় কিষাণ সাৰি গলেও আলফা [স্বাধীন] সমৰ্থনত বা সপক্ষে সামাজিক মাধ্যমত মতামত দিয়া অসংখ্য যুৱক-যুৱতীক অসম আৰক্ষীয়ে অকণো সময় নষ্ট নকৰাকৈ গ্ৰেপ্তাৰ কৰি আছে৷ হয়তো আৰক্ষীৰ দৃষ্টিত ৰাজনৈতিক নেতা আৰু সৰ্বসাধাৰণৰ লোকৰ ক্ষেত্ৰত আলফাক সমৰ্থন কৰাৰ ধাৰণাও সুকীয়া সুকীয়া৷ আনকি মন্ত্ৰী সঞ্জয় কিষাণে আলফা [স্বাধীন]ৰ ওচৰত ৰাজহুৱাভাৱে কথা বিচৰা বিষয়টো মন্ত্ৰীজনৰ ব্যক্তিগত বিষয় বুলি সংবাদ মাধ্যমত মত প্ৰকাশ কৰিছিল স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷