Logo
image

ৰুটী টান নহ’বলৈ কি কৰিব

ৰুটী খাবলৈ ভাল পালেও বনাবলৈ বহুতেই অনিচ্ছা কৰে৷ কাৰণ ৰুটী বনাবলৈ হ’লে কিছুসময়ৰ প্ৰয়োজন হয় আৰু ই একপ্ৰকাৰ কঠিন কামো৷ সেয়েহে বহুতেই একেলগে বেছিকৈ ৰুটী বনাই ফ্ৰীজত ৰাখে৷ ৰুটী ফ্ৰীজত ৰখাৰ পিছতেই সৃষ্টি আন এক সমস্যাৰ৷ কিয়নো ফ্ৰীজত ৰুটী থলে ই কাৰ্যতঃ কঠিন হৈ পৰে৷ আগদিনাই বনোৱা ৰুটী ফ্ৰীজত ৰখাৰ পাছত পিছদিনাই টান হৈ পৰে৷ সেই টান ৰুটী খোৱাটো কোনো কাৰণতে সুবিধাজনক নহয়৷ সেয়েহে কিছুমান উপায় জানি থলে বাহী ৰুটীও সহজতেই নৰম কৰি খোৱাৰ উপযোগী কৰি তুলিব পাৰি৷ কেনেকৈ নৰম কৰিব পাৰি বাহী ৰুটী? তেন্তে জানি লওক এই উপায়বোৰ–

◾বাহী ৰুটী কুহুমীয়া পানীত তিয়াই কিছুসময় ৰাখি থলেই সহজতেই নৰম হৈ পৰে আৰু সেই ৰুটী খাবলৈ সোৱাদযুক্ত হয়৷ 

◾কুহুমীয়া গৰম পানীত এখন কাপোৰ তিয়াই তাত আগদিনাই বনোৱা ৰুটী কিছুসময় মেৰিয়াই ৰাখিলে সহজতে নৰম হৈ পৰে আৰু খাবলৈও ভাল লাগে৷ 

◾বাহী ৰুটীৰ দ্বাৰা অন্য এক সোৱাদ লব পাৰি৷ কেৰাহীত এটুকুৰা মাখন দি তাতে বাহী ৰুটি ভাজি লওক৷ এনে কৰিলে ৰুটী নৰমো হৈ পৰে আৰু সেই ৰুটীৰ অন্য এক নতুন সোৱাদো লাভ কৰিব পাৰি৷