Logo
image

শোচনীয় বান পৰিস্থিতি গাঁৱে-ভূঞে ঘূৰিছে ইজৰাইলী গৱেষক

আমাৰ অসম, ৫ জুনঃ ৰাজ্যৰ বান পৰিস্থিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও ৭ জিলাৰ ১৩৭ খন গাঁও আজিও পানীৰ তলতে আছে৷ ইপিনে বাঢ়নী পানী শুকুৱাৰ পাছত বানপীড়িত লোকসকল ঘৰমুখী হ’লেও একাংশ লোক বৰ্তমান আশ্ৰয় শিবিৰতে আছে৷ বিশেষকৈ নগাঁও জিলাত ২৭০টা বাসগৃহ বানত সম্পূৰ্ণৰূপে ধবংস হোৱাৰ বিপৰীতে আন ৭ শতাধিক বাসগৃহ বানত আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়৷ চলিত বানত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটো হৈছে নগাঁও জিলাৰ কামপুৰ৷ কপিলীৰ বানৰ বিভীষিকা যেন আজিও পাহৰিব পৰা নাই দুৰ্ভগীয়া কামপুৰবাসীয়ে৷ কামপুৰৰ এইসকল বান-বিধবস্ত লোকৰ কাষত উপস্থিত হৈছে সুদূৰ ইজৰাইলৰ এজন গৱেষক৷ ইজৰাইলৰ এণ্টন ট্ৰিজে নামৰ গৱেষকজনে কামপুৰৰ বান বিধবস্ত গাঁৱে গাঁৱে পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয়৷  মংকি ডট কম হৈ গৱেষণাৰ বাবে অহা ইজৰাইলৰ এণ্টন ট্ৰিজেক সংগ দিয়ে উত্তৰ-পূবৰ স্বেচ্ছাসেৱী সংস্থা নিড্‌চ আৰু ইউৰেকাৰ কৰ্মকৰ্তাসকলে৷ গৱেষকজনে কামপুৰৰ বিভিন্ন অঞ্চলত খোজ কাঢ়ি গৈ পৰ্যবেক্ষণ কৰে ক্ষয় ক্ষতিৰ৷ আনকি বান বিভীষিকাৰ ধবংসলীলাৰ দৃশ্য নিজৰ কেমেৰাতো বন্দী কৰি ৰাখিছে৷ বান বিধবস্ত অঞ্চলসমূহত জৰীপ সম্পূৰ্ণ হোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ বান সমস্যা সমাধান আৰু দুৰ্ভগীয়া ৰাইজৰ সহায়ৰ বাবে প্ৰচাৰ চলাব বুলিও গৱেষক এল্টন ট্ৰিজে সদৰী কৰিছে৷