Logo
image

দিল্লীৰ পৰা উভতিহে সম্প্ৰসাৰণৰ চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

কাৰ্বি পাহাৰত প্ৰচাৰ সামৰিলে

কাইলৈ দিল্লীলৈ

আমাৰ অসম, ৫ জুনঃ ৯ জুনত কোন কোন বিধায়কৰ ভাগ্য উদয় হ’ব? কোনে কোনে স্থান লাভ কৰিব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত? এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি বিজেপি দল আৰু চৰকাৰত অব্যাহত আছে জল্পনা-কল্পনাৰ৷ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে আচম্বিতে ঘোষণা কৰিছিল মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত৷ এই সম্প্ৰসাৰণত পাহাৰৰ এজন প্ৰতিনিধি অন্তৰ্ভুক্ত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিলে৷ ৯ জুনত হ’ব এই সম্প্ৰসাৰণ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ ঘোষণা কৰিলে এই সম্প্ৰসাৰণ অতি ক্ষুদ্ৰ পৰিসৰত হ’ব আৰু বৰ্তমানৰ কোনো মন্ত্ৰী এই সম্প্ৰসাৰণত বাদ নপৰে৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ক্ষুদ্ৰ পৰিসৰত হোৱাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতে বহু মন্ত্ৰিত্বপ্ৰত্যাশী বিধায়কৰ আশাত যেন চেঁচা পানীহে পৰে৷ বিজেপি আৰু ইয়াৰ দুই মিত্ৰদলৰ বহু বিধায়ক মন্ত্ৰিত্বৰ দৌৰত আছে৷ এই দুদিনৰ ঘোষণাৰ পিছত আজি পুনৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত এক নতুন সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি পাহাৰৰ নিৰ্বাচনী ব্যস্ততা শেষ হোৱাৰ পিছতে তেওঁ নতুন দিল্লীলৈ যাব আৰু দলৰ হাইকামাণ্ডক সৈতে সাক্ষাৎ কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ সমান্তৰালভাৱে বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে আজি ঘোষণা কৰিছে যে ৯ জুনৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ইউ পি পি এলৰ এজন বিধায়কো স্থান লাভ কৰিব৷ উল্লেখ্য বৰ্তমান মন্ত্ৰীসভাত ৫টা মন্ত্ৰীপদ খালী হৈ আছে৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি পাহাৰৰ এজন বিধায়কে এই সম্প্ৰসাৰণত স্থান লাভ কৰাটো নিশ্চিত৷ আনহাতে, প্ৰমোদ বড়োৰ ঘোষণা অনুসৰি ইউ পি পি এলৰ এজন বিধায়কেও এই সম্প্ৰসাৰণত স্থান লাভ কৰিব৷ অথচ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এই সম্প্ৰসাৰণ অতি ক্ষুদ্ৰ পৰিসৰত হ’ব৷ যদি সেইটোৱে হয় তেন্তে এইবাৰৰ সম্প্ৰসাৰণত বিজেপিৰ বিধায়কে স্থান পোৱাৰ আশা যথেষ্ট ক্ষীণ৷ বিভাগৰ মিত্ৰদল অগপত তেওঁলোকৰ দলৰ এজন বিধায়কৰ এই সম্প্ৰসাৰণত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে যদিও দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– এইবাৰৰ সম্প্ৰসাৰণত কাক মন্ত্ৰী হিচাপে লয়, সেইটো মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ বিষয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ ঘোষণা অনুসৰি দলৰ হাইকামাণ্ডৰে হোৱা আলোচনাৰ পিছতহে চূড়ান্ত হ’ব নতুন মন্ত্ৰীৰ নাম৷ ৬ জুনত তেওঁ দিল্লীলৈ যাব আৰু ৮ জুনত নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিব৷ ৯ জুনত হ’ব শপতগ্ৰহণ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত শাসকীয় দলৰ সাংসদ কুইন ওজাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়– তিনিগৰাকী মহিলা বিধায়কৰ নাম মন্ত্ৰিত্বৰ বাবে চৰ্চালৈ অহিছে৷ ইয়াৰে এগৰাকীয়ে মন্ত্ৰিত্ব পাব বুলি মই যথেষ্ট আশাবাদী৷ এই সম্প্ৰসাৰণত অন্ততঃ এগৰাকী মহিলাই মন্ত্ৰিত্ব পোৱাটো মহিলা হিচাপে ময়ো বিচাৰোঁ৷

মন্ত্ৰীসভাৰ ৫টা পদ পূৰণ নহয়, দুই-এক মন্ত্ৰীৰ দপ্তৰ সলনি হ’বঃ মুখ্যমন্ত্ৰী

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিগত পাঁচটা দিন মাৰাথন প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে আজি তেওঁৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰে চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণেৰে৷ আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে পৰিষদৰ দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিছাৰ্ড টকবিৰ হৈ দেইথৰত, দ্বিতীয়খন সভাত লুম্বাজং পৰিষদীয় সমষ্টিৰ জনী তিমুঙৰ হৈ ডিফুত, তাৰাবাছাত ফুলনি পৰিষদীয় সমষ্টিৰ কাংবুৰা কিলিঙৰ হৈ আৰু চতুৰ্থ তথা অন্তিমখন সভাত পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহসমষ্টি বিথুং ৰেংথেমাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ডিফুত অনুষ্ঠিত নিৰ্বাচনী সভাখনত পাহাৰৰ এসময়ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা চ’মাং ক্ৰ’য়ে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি আংলঙৰ ২৬টা পৰিষদীয় সমষ্টিতেই ষ্টেডিয়াম নিৰ্মাণ হৈছে৷ দুইলেনযুক্ত আৰু চাৰিলেনযুক্ত পথ হৈছে৷ বিজেপিৰ দিনত কাৰ্বি আংলঙৰ জনজীৱনলৈ বৃহৎ পৰিৱৰ্তন আহিছে৷ নাগালেণ্ডৰ মন্ত্ৰীসকলে কৈছে কাৰ্বি আংলঙৰ পথ ভাল হোৱাৰ বাবে এতিয়া গুৱাহাটীলৈ যাবলৈ তেওঁলোকৰ সুবিধা হৈছে৷ ডিফুৰ দৰে ষ্টেডিয়াম, তাৰালাংছ’ৰ দৰে ডিজিটেল মিউজিয়াম অসমৰ আন জিলাত নাই৷ ডিফুত চিকিৎসা মহাবিদ্যালয় হৈছে, এতিয়া কেন্সাৰ হাস্পতাল নিৰ্মাণ হৈ আছে৷ এতিয়া বাহিৰৰ লোক ডিফুলৈ চিকিৎসাৰ বাবে আহিব কিন্তু ডিফুৰ লোক চিকিৎসাৰ বাবে আৰু বাহিৰলৈ যাব নালাগে৷ কাৰ্বি আংলং জিলাত এতিয়া কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, বিএড কলেজ, ল কলেজ হৈছে৷ গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ছাত্ৰ-ছাত্ৰী পঢ়িবলৈ আহিছে৷ ডিফু অসমৰ আটাইতকৈ উন্নত চহৰ আখ্যা দি যোৰহাট, ডিব্ৰুগড়তো ডিফুৰ দৰে সুবিধা নাই বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷ পাহাৰত এতিয়া শান্তি আছে, গতিকে এতিয়া উন্নয়ন হৈছে৷ পাহাৰত এটা দলৰ টৰ্চ লাইট চিহ্নৰ সন্দৰ্ভত কটাক্ষ কৰি ড॰ শৰ্মাই কয় যে বেটেৰী নোহোৱা টৰ্চ লাইটৰ কাম নাই, একেদৰে কটা হাতৰো কাম নাই৷ কাৰণ, কংগ্ৰেছত এতিয়া নেতা নাই, সকলো বিজেপি দললৈ আহিল৷ পাহাৰত কোনো দলৰ প্ৰতিদ্বন্দ্বী নাই বুলি উল্লেখ কৰি সকলোতে কেৱল পদুম ফুল ফুলি আছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷ আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, গুৱাহাটী পৌৰসভা নিৰ্বাচনেই হওক অসমৰ ৰাইজে আজি দেখিছে পৰিৱৰ্তন৷ তাক লৈ এতিয়া অসমৰ ৰাইজ সন্তুষ্ট৷ তথাপিও আমি আৰু বহুদূৰ বাট আগুৱাই যাব লাগিব৷ আম আদমী পাৰ্টীৰ ৰাজনৈতিক উত্থান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আপৰ নাম ৰাইজে শুনা নাই, কেৱল সাংবাদিকেহে লৈ থাকে৷ আমাৰ দলৰ মানুহ একেই আছে বুলি উল্লেখ কৰি আমাৰ দলক ভোট নিদিয়া মানুহখিনিৰ মাজত তেওঁলোক ঘূৰি আছে বুলি মন্তব্য কৰে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ৰ সংখ্যা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ২০১৭ চনৰ নিৰ্বাচনত আমি ২৪টা সমষ্টিত বিজয় সাব্যস্ত কৰিছিলোঁ৷ বহুকেইটা সমষ্টিত আমি কম পৰিমাণৰ ভোটত জয় লাভ কৰিছিলোঁ যদিও এইবাৰ আমাৰ ছিটৰ সংখ্যাও বাঢ়িব আৰু ভোটৰ মাৰ্জিনো যথেষ্ট বাঢ়িব বুলি মন্তব্য কৰে৷ মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসম মন্ত্ৰীসভাত পাঁচটা ছিট খালী হৈ আছে৷ এই পাঁচটা মন্ত্ৰী পদ পূৰণ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইয়াৰে এটা অংশহে পূৰণ হ’ব৷ নম্বৰটো মই আজিয়েই কৈ নিদিওঁ৷ ৬ জুনত মই দিল্লীলৈ যাম দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ লগত আলোচনাৰ অন্তত ৮ জুনত মই ঘোষণা কৰিম মন্ত্ৰীৰ নাম৷ সেয়া এজনো হ’ব পাৰে বা এজনতকৈ বেছিও হ’ব পাৰে৷ মুঠতে এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ হ’ব আৰু পাহাৰৰ পৰা এজন প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব৷ বৰ্তমান মন্ত্ৰীসভাৰ কোনো মন্ত্ৰী অপসাৰণ কৰা নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, দুই-এটা মন্ত্ৰী দপ্তৰ অৱশ্যে সাল-সলনি ঘটিব৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক মুখ্য কাৰ্যবাহী সদস্য কোন হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ মাজত এটা সন্মতি আছে যে বিগত পাঁচটা বছৰত তুলিৰাম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত যথেষ্ট ভাল কাম কৰিছে৷ এই সন্দৰ্ভত দলে সিদ্ধান্ত ল’ব যদিও পাহাৰৰ ৰাইজে তুলিৰাম ৰংহাঙক মুখ্য কাৰ্যবাহী সদস্যৰূপে বিচাৰে বুলি ড॰ শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আগন্তুক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য যে তুলিৰাম ৰংহাঙেই হ’ব তাৰে ইংগিত প্ৰদান কৰে৷ পাহাৰৰ পাঁচজন বিধায়কৰ মাজৰ পৰা এজন মন্ত্ৰী হ’ব বুলি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাহাৰৰ পৰা আমাক পাঁচজন বিধায়ক ৰাইজে দিছে৷ সেয়ে পাহাৰৰ পৰা এজন আমি মন্ত্ৰীৰূপে ল’বই লাগিব৷ ৬ তাৰিখে মই দিল্লীলৈ যোৱাৰ পাছতহে স্বৰূপটো ওলাব বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় যে, ৯ তাৰিখে বিয়লি ৩ বজাত শপতগ্ৰহণ হ’ব, আবেলি হ’ব দপ্তৰ বিতৰণ৷ সকলো প্ৰণালীবদ্ধভাৱে হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ আনহাতে, কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই বিজেপি দলৰ মন্ত্ৰীসভা সম্পৰ্কে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপি দলত মন্ত্ৰী-বিধায়ক মানে একোটা দায়িত্ব৷ কংগ্ৰেছ দলৰ দৰে মন্ত্ৰী-বিধায়ক হোৱা নুবুজায়৷

ইউপিপিএলৰ পৰা এজনে পাব মন্ত্ৰিত্বঃ প্ৰমোদ বড়ো

৯ জুনত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভাৰ৷  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে হ’ব এয়া ক্ষুদ্ৰ সম্প্ৰসাৰণ৷ তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে কাৰো মন্ত্ৰিত্ব কটা নাযায়৷  দুই এজন নতুন মন্ত্ৰীহে অন্তৰ্ভুক্ত হ’ব৷ পিছে নতুনকৈ কোনে মন্ত্ৰিত্ব পাব তাক লৈ শাসক দলৰ মাজত চলিছে নানা জল্পনা-কল্পনা৷  চৰ্চা চলিছে মিত্ৰ দলসমূহৰ বিধায়কে লাভ কৰিবনে মন্ত্ৰিত্ব?  চৰ্চা নাই বিপিএফ দলৰ মজিয়াত৷ এনে চৰ্চা চলি থকাৰ মাজতে আজি বিটিআৰবাসীলৈ আহিছে এটা ভাল খবৰ৷ ইউ পি পি এল দলৰ এজন বিধায়কে লাভ কৰিব মন্ত্ৰিত্ব৷  মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ আজি এই কথা জানিবলৈ দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে৷ বাগ্‌সা জালাহত ককলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ ইউ পি পি এল প্ৰাৰ্থী মণ্টু বড়োৰ হৈ প্ৰচাৰ কৰা এখন জনাকীৰ্ণ নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক কয়, ইউ পি পি এল দলৰ পৰা এজন বিধায়কে ন জুনৰ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত মন্ত্ৰিত্ব লাভ কৰিব৷  ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনা চূড়ান্ত কৰা হৈছে৷ একেলগে চলি আছে তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ৷ আনহাতে, বিটিআৰত অৰুণোদয় আঁচনি ৰূপায়ণত যাতে খেলি-মেলি নহয় তাৰ বাবে এটি টোল ফ্ৰী নম্বৰ প্ৰদান কৰিব বুলিও বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে৷ আজিৰ নিৰ্বাচনী সভাত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,  ইউ জি ব্ৰহ্মৰ লগতে বিটিচিৰ কেইবাজনো ই এমে অংশ লয়৷

মন্ত্ৰিত্বৰ প্ৰতি মই লালায়িতঃ পৰমানন্দ ৰাজবংশী

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে আৰু আমাৰ দলৰো বিধায়কক মন্ত্ৰিত্ব দিব লাগে৷ মন্ত্ৰীসভাত কাক ল’ব বা কাক স্থান দিব সেয়া মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয়৷ কিন্তু মই নিজে মন্ত্ৰিত্বৰ প্ৰতি লালায়িত নহয়৷ এই মন্তব্য ছিপাঝাৰ সমষ্টিৰ বিজেপি বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীৰ৷ শনিবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা চমু বাৰ্তালাপত এই মন্তব্য কৰে বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে৷ ড॰ ৰাজবংশীয়ে কয় মন্ত্ৰিত্বই হওক বা আন যি দায়িত্বই হওক দলে দিয়া যিকোনো দায়িত্ব সদায় নিষ্ঠা সহকাৰে পালন কৰি যাব৷ আগতে অসম সাহিত্য সভাৰ দায়িত্বত থাকোতে চৰকাৰৰ সৈতে আলোচনা কৰি কাম কৰিব বুলি আশ্বাস দিব লগা হৈছিল৷ কিন্তু এতিয়া সেই কাম নিজে কৰিবলৈ সুযোগ পাইছে৷ আৰু তাতে যথেষ্ট সন্তুষ্টি লাভ কৰিছে৷ আনহাতে আগন্তুক তিনিটা বছৰত ছিপাঝাৰ সমষ্টিৰ চেহেৰাই সলনি কৰি দিব বুলি ব্যক্ত কৰি ড॰ পৰমানন্দ ৰাজবংশীয়ে তিনি বছৰ পাছত ছিপাঝাৰলৈ সাংবাদিকক আমন্ত্ৰণ কৰিব বুলি সদৰি কৰে৷

কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

সামৰণি পৰিল বহু চৰ্চিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ৷ শনিবাৰে বিয়লি ৫ বজাত সামৰণি পৰে পৰিষদী নিৰ্বাচনৰ প্ৰচাৰ৷ পৰিষদখন নিজৰ দখললৈ আনিবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা চলাইছে শাসকীয় দলটোৱে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পৰিষদখন দখল কৰাৰ লক্ষ্যৰে প্ৰায় এসপ্তাহ ধৰি বাহৰ পাতিছে পাহাৰীয়া জিলাখনত৷ ৩০ মে’ত পাহাৰীয়া জিলাখনলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই ১৯খন নিৰ্বাচনী সভাত ভাগ লয়৷ পাহাৰীয়া জিলাখনৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ মেলি দিছে প্ৰতিশ্ৰুতিৰ পোহাৰ৷ বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিমান বন্দৰ, ৰাস্তা কি প্ৰতিশ্ৰুতি দিয়া নাই নিৰ্বাচনী সভাসমূহত৷ মন্ত্ৰী পীয়ূষ হাজৰিকা, যোগেন মহনে কেইবাদিন ধৰি বাহৰ পাতিছে জিলাখনত৷ শনিবাৰে মন্ত্ৰী বিমল বৰাও ৰাওনা হৈছে পাহাৰীয়া জিলাখনলৈ৷ বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছেও চলাইছে জোৰদাৰ প্ৰচাৰ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেইবাদিন ধৰি বাহৰ পাতিছে পাহাৰীয়া জিলাখনত৷

গুড়ৰ বজাৰ বন্ধ হ’ল, আগৰৰ ব্যৱসায় বন্ধ নহ’লঃ ৰাণা গোস্বামী

কাৰ্বি পাহাৰৰ ২৬টা পৰিষদীয় সমষ্টিতে স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ প্ৰচাৰ সভাসমূহত বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধই আমোদ দিছে শ্ৰোতাক৷ আজি ১১ নং লাংফেৰ সমষ্টিত প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ দুহিতা তথা কংগ্ৰেছ প্ৰাৰ্থী পূৰ্ণিমা ৰংহাংপীৰ উদ্ধাৰ অভিযানত নামি পৰিল কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাণা গোস্বামীৰ লগতে বট্ৰদৱাৰ বিধায়িকা শিৱামণি বৰা৷ সমষ্টিটোৰ লংছেকজানত ৰাণা গোস্বামীৰ দাবী, পূৰ্ণিমা ৰংহাংপীৰ জয় নিশ্চিত৷ নিৰ্বাচনী সাভাত গোস্বামীৰ বিস্ফোৰক মন্তব্য, কাৰ্বি আংলঙত এশজন মানুহ কেৱল ধনী হৈ ওপৰলৈ উঠিছে৷ বাকী ৰাইজ আজিলৈকে তলতে পৰি ৰ’ল৷ তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বিদেশত পঢ়া-শুনা কৰে, গুৱাহাটী কলকাতাত বজাৰ কৰে৷ কিন্তু গাঁৱৰ সাধাৰণ ৰাইজৰ অৱস্থা আজিলৈকে তথৈৱছ৷ মুখ্যমন্ত্ৰী কাৰ্বি আংলঙলৈ ইমান বেছিকৈ অহাৰ কাৰণটো হ’ল, কাৰ্বি আংলঙৰ উন্নয়নৰ ধনৰ এটা অংশ দিছপুৰলৈ নিয়া৷ সম্প্ৰতি কাৰ্বি আংলঙত গুড়ৰ ব্যৱসায় বন্ধ হোৱাৰ মূলতে বিজেপি চৰকাৰখনকে গোস্বামীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে৷ দুমুখীয়া নীতিৰ ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদক এই নিৰ্বাচনতে এশিকনি দি কংগ্ৰেছ দলক জয়যুক্ত কৰিবলৈ ৰাণা গোস্বামীয়ে আহ্বান জনায়৷ ৰাজ্যৰ দুখীয়া কৃষকৰ কষ্টোপাৰ্জিত গুড়ৰ ব্যৱসায় বন্ধ কৰি এজন মহাপ্ৰতাপী ব্যক্তিক আগৰ ব্যৱসায় কৰিবলৈ দিয়া বুলিও গোস্বামীয়ে অভিযোগ কৰে৷ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই মহিলা সৱলীকৰণ, আৰু লাংফেৰ সমষ্টিৰ দ্ৰুত উন্নয়নৰ স্বাৰ্থতে পূৰ্ণিমা ৰংহাংপীক ভোট দিবলৈ ৰাইজক তেওঁ আহ্বান জনায়৷ সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছুম ৰংহাঙৰ লগতে মহেশ চৌহান, মহকান্ত হাজৰিকাৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে৷