Logo
image

অক্সিজেনবিহীন পৃথিৱীত জীয়াই থকাটো সম্ভৱনে!

কি হ’ব পাৰে ! যদি আমি উশাহত গ্ৰহণ কৰা অক্সিজেনৰ (O2) পৰিমাণ বায়ুমণ্ডলত ক্ৰমে কমি আহে বা নোহোৱা হৈ আহে (Anoxic Atmosphere)৷ তেতিয়া আপুনি বা মই কিমান সময়লৈ জীয়াই থাকিব পাৰিম ! আমি জানো Hypoxia tolerance animal হয়, যিয়ে নেকি কম পৰিমাণৰ O2 লৈও জীয়াই থাকিব পাৰে ! নে প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তনে আমাক প্ৰত্যেককে Hypoxia tolerance animal লৈ এদিন ৰূপান্তৰ ঘটাব !

সম্প্ৰতি প্ৰকৃতি আমাৰ ওপৰত ৰুষ্ট৷ এতিয়া সম্ভৱতঃ আমাৰ হাতত ৩টা বিকল্পহে আছে৷ হয় অক্সিজেনবিহীন পৰিৱেশত এদিন মৃত্যুক আঁকোৱালি ল’বৰ বাবে অপেক্ষা কৰিম, নহয় Hypoxia tolerance animal অৰ্থাৎ কম পৰিমাণৰ O2 লৈও জীয়াই থাকিব পৰা জন্তু হ’বলৈ কুচকাৱাজ কৰিম, নহয় আমি জীয়াই থকা এই বিনন্দীয়া পৃথিৱীখন Anoxic planetলৈ ৰূপান্তৰ হোৱাত বাধা প্ৰদান কৰিম৷

উশাহত O2 নোলোৱাকৈ আমি কিমান সময় জীয়াই থাকিব পাৰিম? খুব বেছি দুই বা তিনি মিনিট, নহয় জানো? কাৰণ বিভিন্ন গৱেষণাই উল্লেখ কৰা অনুসৰি কিবা কাৰণত যদি আমি উশাহ লোৱা বন্ধ কৰো তেন্তে প্ৰথম ৩০ ছেকেণ্ডমানলৈ আমাৰ শৰীৰটোৱে অলপ সময় শিথিলতা অনুভৱ কৰিব, ২ মিনিটৰ ভিতৰত অস্বস্তি বাঢ়ি গৈ হাওঁফাওঁত প্ৰচণ্ড বিষ অনুভৱ হোৱাৰ লগতে পাকস্থলী সংকুচিত হ’ব৷ ৩ মিনিটৰ ভিতৰত বিভিন্ন অংগৰ কোষবোৰ অপ্ৰত্যাশিতভাৱে সংকুচিত হোৱাৰ লগতে মগজুৰ কোষবোৰৰ মৃত্যু হোৱা আৰম্ভ কৰিব আৰু ৪ মিনিটমানৰ ভিতৰতে মৃত্যু অনিবাৰ্য৷ কাৰণ জীয়াই থাকিবলৈ পৰ্যাপ্ত পৰিমাণে উশাহত O2 লাগিব৷ প্ৰতি মিনিটত গড়ে ৭ ৰ পৰা ৮ লিটাৰ O2 আমাক লাগে৷ আমাৰ দেহৰ হাওঁফাওঁৱে সেই O2 তেজৰ স’তে মিহলি কৰি বিভিন্ন অংগলৈ প্ৰেৰণ কৰা হেতুকে আমি জীয়াই থাকিব পাৰো৷

বৰ্তমান আমি যি পৰ্যাপ্ত পৰিমাণে O2 লৈ জীয়াই আছো, তেনেকৈ আৰু কিমান দিনলৈ পাম? আমাৰ চৌপাশে যদি Anoxic Atmosphere ক্ৰমে গা কৰি উঠে বা আমাৰ পৃথিৱীখন এদিন Anoxic planet লৈ যদি ৰূপান্তৰ হয় তেতিয়া বাৰু আমি জীয়াই থাকিব পাৰিমনে? আমাৰ চৌপাশৰ পৰিৱেশ আৰু পৃথিৱীখন ক্ৰমে Anoxic Anoxia লৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে৷ আৰু ইয়াৰ কু-প্ৰভাৱ ইতিমধ্যেই সাগৰ-মহাসাগৰত প্ৰকট হৈ উঠিছে আৰু জলজ প্ৰাণীবোৰে ইয়াৰ কু-ফল ভুগিছে৷ বিভিন্ন গৱেষণাত ইতিমধ্যে জানিব পৰা গৈছে যে মহাসাগৰবোৰ (Ocean) anoxic Ocean লৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে য’ত নেকি পানীত সংপৃক্ত O2 (Dissolve oxygen) ৰ পৰিমাণ ৫০ শতাংশ লৈ হ্ৰাস হৈছে৷ বিজ্ঞানীসকলে ঠাৱৰ কৰা অনুসৰি এয়া হ’ল কুৰি শতিকাটোত মানৱ সভ্যতাই কৰা প্ৰগতিৰ পৰোক্ষ অৱদানস্বৰূপ, কাৰণ ১৯৬০ চনলৈ সাগৰত মুঠ Anoxic Area ৪৬টা চিনাক্ত কৰা হৈছিল কিন্তু ২০১১ চনলৈ বৃদ্ধি হৈ ৭০০ পালেগৈ৷ এনেকৈ হ’লে ২১০০ চনৰ ভিতৰত মহাসাগৰৰ সকলো অঞ্চল Anoxic পৰ্যায়লৈ ৰূপান্তৰ হ’ব৷ তেনে অৱস্থাত সেইবোৰ জলজ প্ৰাণীহে জীয়াই থাকিব পাৰিব যিবোৰ Hypoxia tolerance যেনে Microbes, Jelifish ইত্যাাদি৷ মহাসাগৰত এনে অৱস্থা হোৱাৰ মূলতে হ’ল সাগৰৰ পানীৰ উষ্ণতা বৃদ্ধি, তাৰ আকৌ কাৰণ হ’ল গোলকীয় উষ্ণতা বৃদ্ধি, তাৰ কাৰণ হ’ল সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি আৰু তাৰ অন্যতম কাৰণ হ’ল বনাঞ্চল ধবংস আৰু মানৱ সভ্যতাই অবিবেচকভাৱে কৰা সেউজগৃহ গেছ নিৰ্গমনৰ কাম-কাজ বা কল-কাৰখানা৷

আপুনি নিশ্চয় জানে যে পৃথিৱীখনৰ ৭০ ভাগেই হ’ল পানী, বাকী প্ৰায় ৩০ ভাগহে মাটি৷ মাটিভাগৰ পৰিস্থিতিতন্ত্ৰ নিৰ্ভৰ কৰে পানীভাগৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত৷ গতিকে Anoxic Ocean এ এদিন Anoxic Continent গঢ় নিদিবনে? তেতিয়া Anoxic Continent ত আপুনি কেনেকৈ জীয়াই থাকিব যদিহে Hypoxia tolerance animal নহয়৷ যদি আপুনি উশাহ নোলোৱাকৈ ৩ মিনিটো জীয়াই থাকিব নোৱাৰে তেন্তে Anoxic Continentত আপুনি কিমান সময় জীয়াই থাকিব ! ছাগে মই আপোনাক আৰু বেছি কোৱাৰ প্ৰাসঙ্গিকতা নাই৷ Save the Earth from Anoxic Anoxia, Othrwise......! [ফোনঃ ৯৪৩৫২-৮৪১০১]