Logo
image

হাল বাই দৃষ্টান্ত দেখুৱালে ধনশিৰিৰ মহকুমাধিপতিয়ে

আমাৰ অসম, ৫ জুনঃ সেউজী ধৰণী সপোন বাস্তৱত সফল ৰূপায়ণ কৰি তোলাৰ মহান উদ্দেশ্যৰে এক ব্যতিক্ৰমী ৰূপত এইবাৰ দেখা গ’ল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত নতুনকৈ যোগদান কৰা অতিৰিক্ত উপায়ুক্ত তথা ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক৷ উল্লেখ্য, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানি অঞ্চলৰ মাজেৰে বৈ যোৱা দৈয়াং আৰু ধনশিৰি নৈৰ দুই সংগমস্থলী দুই নৈৰ মুখত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একেদিনাই ১ লাখ গছপুলি ৰোপণ কৰিবলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত প্ৰায় ৪০ হেক্টৰ ভূমি প্ৰস্তুত কৰি উলিয়াইছে৷ ইতিমধ্যে কেইবাদিনো ধৰি উক্ত ভূমিত কেইবাখনো ট্ৰেক্টৰে হাল বাই গছপুলি ৰোপণৰ বাবে মাটি প্ৰস্তুত কৰি তোলা পৰিলক্ষিত হৈছে৷ উক্ত ভূমি পৰিদৰ্শন কৰিবলৈ যোৱা অসম চৰকাৰৰ দক্ষ প্ৰশাসনিক বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱাই নিজে উক্ত ভূমিত এখন ট্ৰেক্টৰে হাল বাই গছপুলি ৰোপণৰ বাবে মাটি চহ কৰা পৰিলক্ষিত হয়৷ ইয়াৰ সমান্তৰালকৈ মহকুমাধিপতিগৰাকীৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকো একে ৰূপত হালবোৱা দেখা পোৱা যায়৷  অসম চৰকাৰৰ এগৰাকী দক্ষ মহিলা প্ৰশাসনিক বিষয়াই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণৰ বাবে নিজে ট্ৰেক্টৰে হাল বাই মাটি চহাই থকা ফটো সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে৷ বৰ্তমান উক্ত ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে৷ এগৰাকী মহিলা প্ৰশাসনিক বিষয়া হৈয়ো নিজে ট্ৰেক্টৰ চলাই হাল বাই মাটি চহ কৰা দৃশ্য বৰ্তমান সময়ত দেখিবলৈ খুবেই বিৰল৷ ইফালে ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱাক তেওঁৰ উক্ত ভাইৰেল হৈ পৰা ফটোখনক লৈ সোধাত তেওঁ কয় মিডিয়া নাইবা সামাজিক মাধ্যমত চৰ্চা লাভ কৰিবলৈ বুলি ট্ৰেক্টৰে হাল বাই মাটি চহ কৰা নাছিলোঁ, বৰঞ্চ মহকুমাটোৰ টেঙানিৰ দুই নৈৰ মুখত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণৰ বাবে দল, সংগঠন তথা ৰাইজক উৎসাহ যোগাবৰ বাবেহে মই নিজে ট্ৰেক্টৰে হাল বোৱা বুলি কয়৷ উল্লেখ্য, ১৯৮৭ চনতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাক চৰকাৰে মহকুমা হিচাপে স্বীকৃতি প্ৰদান কৰা আজি বহুবছৰ অতিক্ৰম কৰিলে৷ মহকুমাটোত বহুকেইজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ উপৰিও অসম প্ৰশাসনিক সেৱাৰ বিষয়া আহি মহকুমাধিপতি হিচাপে যোগদান কৰি মহকুমাটোত সেৱা আগবঢ়াই গ’ল যদিও মহকুমাটোত মহকুমাধিপতি হিচাপে যোগদান কৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱাই হ’ল প্ৰথমগৰাকী মহিলা মহকুমাধিপতি৷