নিৰ্দোষিতা প্ৰমাণ কৰক
দুটা বৰ্ষ প্ৰকৃতিয়ে মানুহৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল৷ মানুহৰ চিন্তাৰ পৰিধিৰ বাহিৰত ঘটা এই ঘটনাই বিশ্ব সম্প্ৰদায়ক বহু কথাই শিকাই গ’ল৷ প্ৰকৃতি আৰু মানুহৰ সহাৱস্থান নে সংঘাত, নে প্ৰকৃতিক জয় কৰাৰ মাজেৰে মানৱ কুলৰ ভৱিষ্যৎ সুৰক্ষিত, সেই কথা বাৰে বাৰে চিন্তা কৰিবলৈ বাধ্য কৰালে৷ কৰ’নাৰ ৰুদ্ৰ ৰূপ দেখি সাধাৰণ জনতাই ত্ৰাহি মধুসুদন সুঁৱৰিলে আৰু পৰিত্ৰাণৰ একমাত্ৰ উপায় হিচাপে চৰকাৰে যিয়েই ক’লে তাকেই পালন কৰিবলৈ বাধ্য হ’ল৷ ইয়াৰ বিপৰীতে কিন্তু দেখা গ’ল চৰকাৰৰ প্ৰতিনিধিসকলৰ বেপেৰোৱা ৰূপ৷ চৰকাৰে পৰিকল্পনাহীনভাৱে জনগণক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ যি লকডাউন ঘোষণা কৰিলে, সেই লকডাউনে দেশখনৰ কোটি কোটি মানুহৰ জীৱন-জীৱিকা সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলালে আৰু এটকা উপাৰ্জন কৰিবলৈ হাবাথুৰি খাবলগা হ’ল৷ একাংশ ধনৱন্ত তথা সমাজিক ব্যক্তিয়ে দিয়া সাহায্যৰ টোপোলাটোৰ বাবে আগ্ৰহেৰে বাট চাই থাকি সন্তানৰ মুখত এমুঠি অন্ন দিবলৈ চিন্তা কৰিবলগা হ’ল৷ বন্ধ হ’ল বহু উদ্যোগ, কল-কাৰখানা, লাখ লাখ শ্ৰমিকে কাম হেৰুৱাই গাঁৱলৈ গমন কৰিলে৷ ইয়াৰ বিপৰীতে কিন্তু পৰিস্থিতিৰ সুযোগ লৈ এটা অংশই যে ৰমৰমীয়া বেপাৰ-বাণিজ্য চলাই গ’ল সেইটো নিশ্চিত৷ বিশেষকৈ এইক্ষেত্ৰত যদি চৰকাৰৰ প্ৰতিনিধিসকলৰ প্ৰতি সন্দেহৰ আঙুলি উঠে, তেন্তে গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা হেৰাই যাব৷ শেহতীয়াকৈ অসমৰ পিপিই কীট প্ৰসংগই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ঠাই পাইছে৷ বিশেষকৈ ‘আপ’ৰ নেতা আৰু দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ¸ ছিছ’ডিয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰ্কযুদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ তৰাৰো ভাবুকি দিছে৷ উল্লেখ্য দুটা সংবাদ মাধ্যমে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ঠিকা লাভ কৰাৰ তথ্য পোহৰলৈ আনিছে৷ বিশেষকৈ এখন ফটো, যিখন ফটোত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰীজনে নিশা বাৰ বজাত এখন উৰাজাহাজৰ সন্মুখত থিয় হৈ ৫০ হাজাৰ পিপিই কীট চীনৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰিছিল৷ কিন্তু সেইসমূহৰ কাৰ্যকাৰিতাৰ বিষয়ে স্বাস্থ্য বিভাগৰ ওচৰত কোনো ধৰণৰ তথ্য নথকা কাৰ্যই বিষয়টো ৰহস্যঘন কৰি তুলিছে৷ আৰ টি আই তথ্যত প্ৰকাশ যে পিপিই কীট আৰু ছেনিটাইজাৰ ক্ৰয়ৰ ঘটনাত পৰিয়ালৰ নাম সাঙোৰ খাই পৰিছে৷ পিপিই কীটৰ প্ৰকৃত মূল্যতকৈ অধিক মূল্যত ইয়াৰ দাম নিৰ্ধাৰণ কৰা ঘটনায়ো কৰ’নাক লৈ যে এক অবৈধ ব্যৱসায়িক লেন-দেন চলিছিল সেইটো প্ৰতীয়মান কৰিছে৷ ৬০০ টকীয়া পিপিই কীট কি কাৰণে! ৯০০ টকা আৰু তাৰ পাছত ২২০০ টকা পৰ্যন্ত মূল্য নিৰ্ধাৰণ কৰা হৈছিল সেই কথা চৰকাৰে জনোৱাটো দায়িত্ব৷ ছেনিটাইজাৰৰ ক্ষেত্ৰতো অতিৰিক্ত মূল্যত ঠিকা দিয়া হৈছিল– সেই কথা আৰ টি আইৰ তথ্যত প্ৰকাশ পাইছে৷ এই ক্ষেত্ৰত উত্থাপিত সকলো অভিযোগ তথা সৃষ্টি হোৱা সকলো সন্দেহ মৰিষণৰ বাবে এক নিৰপেক্ষ সংস্থাৰ দ্বাৰা সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক বিচাৰি উলিয়াই জনগণৰ ওচৰত চৰকাৰখনৰ নিৰ্দোষিতা প্ৰমাণ কৰাটো প্ৰয়োজন৷ এয়া চৰকাৰৰ দায়িত্ব৷ যদি এইক্ষেত্ৰত যদি চৰকাৰে হোহকা পিচলা কৰে, তেন্তে মানুহৰ সন্দেহ আৰু বৃদ্ধি পাব৷ তেতিয়া বিৰোধী দলৰ বিৰুদ্ধে চলোৱা যিকোনা তদন্তই চৰকাৰখনক অধিক বিপদত পেলাব৷






