Logo
image

মহানগৰীত মুখ্যমন্ত্ৰীৰ নৈশ বিহাৰ

আমাৰ অসম, ৬ জুনঃ এইবাৰ নৈশ চফৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ গুৱাহাটী মহানগৰীৰ সমস্যাৰ বুজ লোৱাৰ বাবে নিশা ৰাজপথত নামিল মুখ্যমন্ত্ৰী৷ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰাজপথে ৰাজপথে মহানগৰীৰ বিভিন্ন স্থান  পৰিদৰ্শন কৰে৷ শেহতীয়াকৈ কৃত্ৰিম বানে গুৱাহাটীৰ বিভিন্ন স্থানত ৰাইজক জলাকলা খুৱাইছে৷ এজাক বৰষুণ দিলেই হাতীগাঁও, বেলতলা, ৰুক্মিণীগাঁও, চানমাৰি, জু-ৰোড, অনিল নগৰ আদি অঞ্চল মহাসাগৰত পৰিণত হয়৷ চলিত সপ্তাহত কৃত্ৰিম বানত যোৰাবাটত এখন বাহন উটি যোৱা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ আনকি কৃত্ৰিম বানৰ ফলত মহানগৰীত কলগছৰ ভূৰ চলোৱাও পৰিলক্ষিত হৈছে৷ ইপিনে কৃত্ৰিম বানৰ সমান্তৰালভাৱে ষ্ট্ৰীট লাইটৰ অভাৱত মহানগৰীত ক্ৰমাৎ চুৰি-ডকাইতি ঘটনা বৃদ্ধি পোৱা বুলিও ৰাইজে অভিযোগ কৰিছে৷ একেদৰে বিভিন্ন পথত পানী যোগান আঁচনি আৰু গেছ লাইনৰ পাইপ পোতাৰ বাবে জাইকাৰ লগতে সংশ্লিষ্ট বিভাগেও পথ খান্দি মেৰামতি নকৰাত ৰাজপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দুৰ্ঘটনা বৃদ্ধি পোৱা ঘটনাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল বিভিন্নজনে৷ যাৰ  পৰিপ্ৰেক্ষিতত এনে সমস্যাত জৰ্জৰিত পথ, উপ-পথসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ সৈতে এই চফৰত সংগ দিয়ে কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াই৷ উপায়ুক্ত, জি এম চি আয়ুক্ত, লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ লগতে জি এম ডি এৰ বিষয়াও উপস্থিত থাকে৷ মন্ত্ৰী অশোক সিংঘাল  আৰু মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ  বিশেষকৈ ষ্ট্ৰীট লাইটৰ শেহতীয়া অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী শৰ্মাই সন্ধিয়া খানাপাৰা, লখৰা, জালুকবাৰী, আদাবাৰী, মালিগাঁও, ভৰলুমুখ, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, ভি আই পি ৰোড, ছয়মাইল, গণেশগুৰি, উলুবাৰী তথা ৰাধা গোবিন্দ বৰুৱা পথৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন পথত থকা ষ্ট্ৰীট লাইটৰ বিষয়টো বুজ লয়৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মহানগৰীৰ যিবোৰ পথত ষ্ট্ৰীট লাইট নাই, সেই পথসমূহত অতিশীঘ্ৰে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ লগতে মহানগৰীত চলি থকা উৰণীয়া সেঁতুসমূহ সময়মতে নিৰ্মাণ হৈ উঠিব বুলি সদৰী কৰি মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুখন ২০২৩ চনৰ দুৰ্গা পূজাৰ আগত সম্পূৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে৷ তদুপৰি জু-ৰোডত নিৰ্মীয়মান উৰণ সেঁতুখন ২০২৪ চনৰ বিহুৰ আগত জনগণৰ সেৱাৰ বাবে মুকলি কৰাৰ লগতে চেৰাবভাটিত নিৰ্মীয়মান উৰণ সেঁতুখন চলিত বৰ্ষৰ দুৰ্গা পূজাৰ আগত সম্পূৰ্ণ হৈ উঠিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷