Logo
image

সোঁতত দলংসহ উটি গ’ল চাৰিজন, চিৰাঙত হাহাকাৰ

আমাৰ অসম, ৬ জুনঃ ভূটানৰ বানে তাণ্ডৱ চলাইছে নামনি অসমত৷ ভূটানৰ পাহাৰৰ পৰা বৈ অহা বাঢ়নী পানীয়ে চিৰাং জিলাৰ বিভিন্ন স্থানত প্ৰলয়ৰ সৃষ্টি কৰিছে৷ ভূটানৰ পানীৰ সোঁতে নাঙলভাঙা নৈৰ ওপৰত থকা এখন বাঁহৰ দলং উটুৱাই নিয়ে৷ দলঙৰ  ওপৰৰে নৈখন পাৰ হ’বলৈ চেষ্টা কৰোতেই চাৰিজন লোকক দলংসহ উটুৱাই নিয়ে পানীৰ ধলে৷ ফলত হাহাকাৰ লাগে নাঙলভাঙা নৈৰ পাৰৰ লোকসকলৰ মাজত৷ অৱশ্যে কোবাল সোঁতত দলংসহ বহু দূৰ উটি যোৱা লোককেইজনে সাঁতুৰি কোনো মতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়৷ বাঢ়নী পানীয়ে চাৰিজন লোক উটুৱাই নিয়া শিহৰণকাৰী দৃশ্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে৷ চুবুৰীয়া ভূটানত নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ বাবেই পাহাৰৰ পৰা বৈ অহা পানীয়ে নামনিৰ বিভিন্ন অঞ্চলত প্ৰলয়ৰ সৃষ্টি কৰিছে৷ ইপিনে, ৰাজ্যৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও ডিমা হাচাওত বৰষুণৰ বাবে পুনৰ ভূমিস্খলন আৰম্ভ হৈছে৷ ভূমিস্খলন আৰু বানৰ কৱলত পৰি বিগত প্ৰায় এমাহ ধৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত ৰে’ল সেৱা বন্ধ হৈ আছে৷ কেতিয়া পুনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত ৰে’ল সেৱা স্বাভাৱিক হৈ উঠিব সেয়া এতিয়াও অনিশ্চিত৷ কিন্তু ইয়াৰ মাজতে আন এক ভয়ংকৰ ভূমিস্খলনৰ কৱলত পৰে জিলাখন৷ দুদিন ধৰি হোৱা বৰষুণৰ ফলত পুনৰ লামডিং-শিলচৰ ৰে’লপথৰ নিউ জাতিংগা লামপুৰ ষ্টেচনৰ সমীপতে ১০৮/৭-৯ কিলোমিটাৰ এলেকাত ভূমিস্খলন হয়৷ যিটো সময়ত শিলচৰ-লামডিং ব্ৰডগজ ৰে’লপথ সুচল কৰি তোলাৰ বাবে ৰে’ল বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ শ্ৰমিকসকলে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে৷ তেনে সময়তে পুনৰ ভূমিস্খলন হোৱাৰ লগে লগে এতিয়া উদ্বিগ্ন সংশ্লিষ্ট বিভাগসমূহ৷ উত্তৰ-পূব সীমান্ত ৰে’ল কতৃৰ্পক্ষই ১০ জুলাইৰ ভিতৰত এই ৰে’লপথটো সুচল কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও পাহাৰৰ প্ৰতিকূল বতৰে ৰে’লপথটো মেৰামতি কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বাধাৰ সৃষ্টি কৰিছে৷ আনহাতে লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ মাজতে থকা বিধবস্ত নিউ হাফলং ষ্টেচনত পাহাৰৰ পৰা নামি অহা মাটি পৰিষ্কাৰ কৰাৰ কাম চলি আছে৷ বিগত ১৪ মে’ত ভূমিস্খলন আৰু বানৰ কৱলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ প্ৰায় ৮৫ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰে৷ ইফালে ভূমিস্খলনৰ ফলতে বান্দৰখাল আৰু ডিটেকচৰাৰ মাজত ক্ষতিগ্ৰস্ত ২৯৮ নম্বৰ ৰে’ল দলংখন মেৰামতি কৰাৰ পাছত পৰীক্ষামূলকভাৱে এখন লাইট ইঞ্জিন চলোৱা হয়৷ ইয়াৰ পাছতে বদৰপুৰৰ পৰা দুখন যাত্ৰীবাহী ৰে’লৰ ডবা লৈ এই দলংখনেৰে পাৰ হৈ নিউ হাৰেংগাজাও ষ্টেচনলৈ আহে৷ অহা ১৫ জুনৰ পূৰ্বে বদৰপুৰ-নিউ হাফলঙৰ মাজত আংশিক ৰে’লপথ সুচল হৈ উঠাৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব ৰে’ল সূত্ৰই জানিবলৈ দিয়ে কিন্তু অহা ১০ জুলাইৰ আগতে লামডিং-শিলচৰ সম্পূৰ্ণ ৰে’লপথটো সুচল হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ৰে’ল সূত্ৰই জানিবলৈ দিছে৷