Logo
image

ৰঞ্জন দৈমাৰীক মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ

আমাৰ অসম, ৬ জুনঃ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড উগ্ৰপন্থী নেতাজনৰ মুক্তিৰ আবেদনৰ শুনানি প্ৰক্ৰিয়া সম্পন্ন কৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অভিশপ্ত ৩০ অক্টোবৰ বোমা বিস্ফোৰণৰ গোচৰত চি বি আই আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা ৰঞ্জন দৈমাৰীসহ মুঠ ১০ জন উগ্ৰপন্থীক শাস্তিৰ পৰা ৰেহাই দি মুক্তি দিব নেকি সেই সন্দৰ্ভত অচিৰেই ৰায় প্ৰদান কৰিব উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে৷ ৰঞ্জন দৈমাৰীসহ অপৰাধী কেইজনে দাখিল কৰা ক্ৰিমিনেল পিটিশ্বন ১৯৫/২০১৯ নম্বৰ গোচৰটোৰ পহিলা জুনত দীঘলীয়া শুনানি প্ৰক্ৰিয়া সম্পন্ন কৰে ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীৰ দুজনীয়া বিচাৰপীঠে৷ বিচাৰপীঠখনে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ১৪ জুন৷ হয়টো সেই দিনটোতে উচ্ছ ন্যায়ালয়ে ৰঞ্জন দৈমাৰীসহ দোষী সাব্যস্ত কৰা ১০ জন উগ্ৰপন্থী নেতা-কেডাৰৰ মুক্তিৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ উল্লেখ্য, ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰত ৰাজ্যত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত ৮৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৫৪০ জন লোক আহত হৈছিল৷ বোমা বিস্ফোৰণত চিৰদিনলৈ পংগুত্ব জীৱন লৈ আজিও জীৱন মৃত্যুৰে যুঁজ দি আছে বহু দুৰ্ভগীয়া আঘাতপ্ৰাপ্তই৷ এই গোচৰটোৰ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৯ চনৰ ৩০ জানুৱাৰীত চি বি আইৰ বিশেষ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে আদালতে ঐতিহাসিক ৰায় দি বোমা বিস্ফোৰণৰ মূল পৰিকল্পনাকাৰী ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আন আন উগ্ৰপন্থী নেতা-কেডাৰ কেইজন হৈছে–জৰ্জ বড়ো, অজয় বসুমতাৰী, ৰাজু সৰকাৰ,  প্ৰভাত বড়ো, ৰাজেন্দ্ৰ গয়াৰী, বি থৰাই, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, ল’ক বসুমতাৰী আৰু খৰ্গেশ্বৰ বসুমতাৰী৷ তদুপৰি জয়ন্ত ব্ৰহ্ম, প্ৰভাত বড়ো, মধুৰাম ব্ৰহ্মাকে ধৰি আন ৪ জনকো দোষী সাব্যস্ত কৰে আদালতে৷ অৱশ্যে ২০২০ চনত বড়ো শান্তি চুক্তিৰ স্বাক্ষৰত পৰিপ্ৰেক্ষিতত চৰকাৰৰ অনুৰোধ মৰ্মে আদালতে ৰঞ্জন দৈমাৰীক জামিনত মুক্তি দিছিল যদিও জামিনত ম্যাদ অন্ত পৰাত পুনৰ কাৰাবন্দী জীৱন কটাবলগীয়া হৈ আছে৷ অৱশ্যে নামত ৰঞ্জন দৈমাৰীয়ে যাৱজ্জীৱন কাৰাণ্ডৰে কাৰাবন্দী হৈ আছে যদিও অসম চৰকাৰে ৰাজ আতিথ্য দিহে ৰাখিছে একালৰ উগ্ৰপন্থী নেতাজনক৷ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে গুৱাহাটীক কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ গেষ্ট হাউচত ৰাজকীয় আতিথ্যত আছে দৈমাৰী৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তি অনুসৰি উগ্ৰপন্থী সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ সুযোগ গ্ৰহণ কৰি ৰঞ্জন দৈমাৰীৰ অধিবক্তাইও ন্যায়ালয়ক কাৰাবন্দী নেতাজনক মুক্তিৰ প্ৰসংগটো সজোৰে উপস্থাপন কৰিছে৷ ইপিনে অসম চৰকাৰেও বিভিন্ন সময়ত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ সপেক্ষে ৰাইজহুৱাকৈ মত ব্যক্ত কৰি আহিছে৷ স্বাভাৱিকতেই অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰৰ মূল খলনায়কজনৰ ক্ষেত্ৰত কি ৰায় দিব, তাৰ বাবে এতিয়া ৰাজ্যবাসীয়ে গভীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে৷ অৱশ্যে উগ্ৰপন্থী নেতা ৰঞ্জন দৈমাৰী মুক্তি পালে ৰাজনৈতিক সংস্থাপনৰ বাবে সাংসদ হিচাপে দিল্লীলৈ প্ৰেৰণ কৰাৰো চিন্তা কৰিছে মিত্ৰজোঁট বিজেপি-ইউপিপিএলে৷