Logo
image

মন্ত্ৰী হ’ব কোন? বিজেপিত ন-পুৰণিৰ দ্বন্দ্ব

নতুনকৈ অহা দুজন মুখ্যমন্ত্ৰী হ’ল

ৰঞ্জিত-সিদ্ধাৰ্থক মন্ত্ৰিত্ব নিদিয়ে কিয়

ৰাজেন গোহাঁইৰ বিস্ফোৰণ

আমাৰ অসম, ৬ জুনঃ ন-পুৰণি বিজেপিৰ মাজত উমি উমি জ্বলি থকা ক্ষোভ যেন ভমককৈ জ্বলি উঠিল দলটোৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাইৰ এক মন্তব্যৰ পৰা৷ দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাইৰ শেহতীয়া স্থিতি আৰু ভাষ্যই যে মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণক স্পষ্ট প্ৰভাৱ পৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণত দলৰ দুই প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীত্ব দিবলৈ ৰাজেন গোহাঁইয়ে দেওবাৰে দৃঢ়তাৰে দাবী জনায়৷ দুয়োজন নেতাক যথাযোগ্য সন্মান প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাৱে সকীয়াই দিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে৷ ৰাজেন গোহাই, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে নেতাক নিজৰ ওচৰত বিচাৰে নে নাই সেই সিদ্ধান্ত ল’বলৈ গোহাইয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক মুকলি আহ্বান জনায়৷ উল্লেখ্য যে, কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আচম্বিতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ ৯ জুনত হ’বলগীয়া এই সম্প্ৰসাৰণ অতি ক্ষুদ্ৰ পৰিসৰত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ বৰ্তমানে মন্ত্ৰীসভাত খালী হৈ থকা পাঁচটা মন্ত্ৰীপদ সম্পূৰ্ণৰূপে পূৰণ কৰা নহ’ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, পাহাৰৰ এজন বিধায়ক এই সম্প্ৰসাৰণত স্থান লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ এই ঘোষণা কৰিলেও এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ হাই কামাণ্ডেহে৷ সোমবাৰে মুখ্যমন্ত্ৰী নতুন দিল্লীত এই সন্দৰ্ভত হাইকামাণ্ডাৰে আলোচনা কৰিব৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণা যেন এতিয়া নিমিলা অংকত পৰিণত হৈছে৷ বিজেপিৰ মিত্ৰদল প্ৰমোদ বড়োয়ে ৰাজহুৱা সভাত দাবী কৰিছে যে এইবাৰৰ সম্প্ৰসাৰণত ইউ পি পি এলৰ এজন বিধায়কে স্থান লাভ কৰিব৷ আনহাতে, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই এই সম্প্ৰসাৰণত তিনিগৰাকী মহিলা বিধায়কৰ নাম চৰ্চালৈ অহা বুলি দাবী  কৰিছে৷ ইয়াৰে এগৰাকী মহিলা বিধায়ক এই সম্প্ৰসাৰণত স্থান লাভ কৰিব লাগে বুলি সাংসদ ওজাই মন্তব্য কৰিছে৷ সকলোকে চেৰ পেলাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইয়ে দলৰ দুই জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জিত দত্তক মন্ত্ৰীত্ব দিবলৈ আজি মুখ্যমন্ত্ৰীক এক প্ৰকাৰে ভাবুকিয়ে দিয়ে৷ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে সুশান্ত বৰগোহাই, জয়ন্ত মল্ল বৰুৱা, ৰূপজ্যোতি কুৰ্মী আদিৰ দৰে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান বিজেপি বিধায়কসকল ৰাজনৈতিকভাৱে তৎপৰ হৈ পৰিছে মন্ত্ৰীত্ব লাভৰ বাবে৷ পূৰ্বৰ চুক্তি অনুসৰি মিত্ৰ দল অগপ এতিয়াও এটা মন্ত্ৰী পদ পাবলৈ বাকী আছে৷ অথচ মন্ত্ৰীপদ খালী আছে মাত্ৰ পাঁচটা৷ বৰ্তমানৰ কোনো মন্ত্ৰী বাদ নপৰে বুলিও ঘোষণা কৰি থৈছে মুখ্যমন্ত্ৰীয়ে৷ যাৰ ফলত বান্দৰৰ পিঠা ভগোৱাৰ দৰে হৈ পৰিছে নতুন মন্ত্ৰী নিৰ্বাচনৰ বিষয়টো৷ কিদৰে সকলো সমীকৰণ মিলাই ক্ষুদ্ৰ পৰিষদৰত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব সেইটো মুখ্যমন্ত্ৰীৰ বাবে এতিয়া যথেষ্ট প্ৰত্যাহ্বান হৈ পৰিছে৷ আনহাতে, অন্য দলৰ পৰা বিজেপিলৈ অহা দুজনকৈ মুখ্যমন্ত্ৰী হোৱা বুলি মন্তব্য কৰি দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাইয়ে ন-পুৰণি বিজেপিৰ মাজত চলি থকা সংঘাট ৰাজহুৱা কৰি কয়– সৰ্বানন্দ সোণোৱাল আছে, হিমন্ত বিশ্ব শৰ্মা– আমি এই দুয়োজনকে বাহিৰৰ পৰা আনিছো৷ দুয়োজনকে আমাৰ দলীয় সতীৰ্থসকলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে৷ তেওঁলোকৰ পিছে পিছে দলৰ পতাকা লৈ দৌৰি দৌৰি উন্মাদনাৰে সৈতে দৌৰি ফুৰিছে৷ আমাৰ পুৰণি দলীয় কৰ্মীৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা কিমান সেইটো বিচাৰ্য বিষয়৷ পুৰণি দলীয় কৰ্মীৰ প্ৰতি কিমান আন্তৰিকতা থাকিব লাগিছিল সেয়া তেওঁলোকৰ হে বিচাৰ্যৰ বিষয়৷ মোৰ নহয়৷ আগৰজনে হওক বা এতিয়াৰ জনে হওক৷ ৰাজ্যৰ বৰ্তমানৰ বিজেপি চৰকাৰখন প্ৰাক্তন কংগ্ৰেছীৰ চৰকাৰ বুলি যিটো বুবু-বাবা হৈছে সেইটো তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰাটো বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ দায়িত্ব৷ দলটোৰ ভৱিষ্যৎ তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছে৷ যিয়ে নেতৃত্বত আছে তেওঁৰ হাততে দল আৰু অসমৰ ভৱিষ্যত সোমাই আছে৷ সকলোবিলাক কথা তেওঁ চালি-জাৰি চাই আমাক নেতৃত্ব দিব লাগিব৷ দলীয় কৰ্মীসকল তেওঁৰ মুখলৈ চাই আছে৷ পুৰণা নতুন সকলো কৰ্মীয়ে তেওঁলোকৰ নেতৃত্ব গ্ৰহণ কৰিছে৷ তেতিয়া মাতব্বৰী আৰম্ভ কৰিলে৷ ৰকিবুলে ভাবিলে মইয়ে ৰজা, মোৰ কথা মতে চলি থাকিব লাগিব, আৰু এজনে ভাবে মায়ে সকলো তেতিয়া কংগ্ৰেছত সংঘাট আৰম্ভ হ’ল৷ এই সংঘাট বাঢ়ি বাঢ়ি কংগ্ৰেছ ধবংস হৈ গ’ল৷ সম্পূৰ্ণ শেষ হৈ গ’ল৷ পুৰণি জ্যেষ্ঠ সকলক সন্মান দিব লাগে৷ ৰঞ্জিত দত্ত মন্ত্ৰীত্ব পোৱাটো বিচাৰো৷ তেওঁ মন্ত্ৰীত্ব পাব লাগে৷ তেওঁ দলৰ প্ৰাক্তন সভাপতি৷ তেৱেই সৰ্বানন্দ সোণোৱালক দললৈ আনি মুখ্যমন্ত্ৰী পাতিলে৷ তেওঁৰ অৰিহণা দলত আছে৷ আজি ৰাজ্যত বিজেপি চৰকাৰ যিহেতু আছে সেয়েহে তেওঁ মন্ত্ৰীত্ব পোৱাটো অতি প্ৰয়োজন৷ তেওঁক অগ্ৰাধিকাৰ দিব লাগিব৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে প্ৰতিভাসম্পন্ন মানুহক বহুৱাই থোৱাটো উচিত হোৱা নাই৷ দুয়োজনকে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে৷ এইটো তেওঁলোকৰ প্ৰাপ্য৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জিত দত্ত দুয়ো দলৰ প্ৰাক্তন সভাপতি৷ দুয়োজনৰে দলটোৰ প্ৰতি বহু ত্যাগ আছে৷ কিমান বছৰৰ পৰা দুয়ো দলৰ কাৰণে কাম কৰি আছে৷ তেওঁলোকক সন্মান দিয়াটো আজি দলৰ নেতৃত্বৰ কৰ্তব্য আৰু দায়িত্ব৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোক দুজনক মন্ত্ৰীত্ব দিব লাগে৷ অৱশ্যে দিয়ে নিদিয়ে সেইটো তেওঁৰ বিচাৰ্য বিষয়৷ ক্ষমতা পালে মানুহে অন্ধ হ’ব নাপায়৷ এই সকলোবিলাক কথা বিবেচনা কৰি চলিলে মুখ্যমন্ত্ৰীৰ কাৰণে ভাল৷ তেওঁক ভাল পাব তেতিয়া৷ তেতিয়া সকলোৱে তেওঁৰ কাষ চাপি যাব৷ তেওঁৰ কাষলৈ মানুহ চাপি যোৱাটো বিচাৰে নে তেওঁৰ কাষৰ পৰা মানুহ আঁতৰি যোৱাটো বিচাৰে সেই বিচাৰ মুখ্যমন্ত্ৰীয়ে নিজে কৰিব লাগিব৷ সেইটো বিচাৰ মই কৰি লাভ নাই৷ মই বা সকলো তেওঁৰ কাষ চাপি তেওঁৰ সমৰ্থনত থাকি তেওঁক শক্তিশালী কৰাটো বিচাৰে নে তেওঁৰ পৰা আঁতৰি যোৱাটো বিচাৰে সেইটো তেওঁ সিদ্ধান্ত ল’ব৷ সেই সিদ্ধান্ত মোৰ, ৰঞ্জিত দত্ত বা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নহয়৷ ৰাজেন গোহাইৰ এই বিস্ফোৰণৰ পিছতে তীব্ৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে বাজপেয়ী ভৱনত৷

সোণোৱাল-শৰ্মাক বেলেগ দলৰ পৰা আনি মুখ্যমন্ত্ৰী পাতিছিলোঁ

‘ক্ষমতা হাতত থাকিলেই মানুহ অন্ধ হ’ব নাপায়৷ বিজেপিৰ পুৰণা আৰু জ্যেষ্ঠ নেতা-কৰ্মীসকলক সন্মান দিয়াটো মই বিচাৰোঁ৷ মই নিশ্চিতভাৱে বিচাৰিম ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰিত্ব দিয়াটো৷ তেজপুৰত আজি এইদৰে মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে৷ তেওঁ আৰু কয়, ‘অসম ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকাৰ সময়ত ৰণজিৎ দত্তই সৰ্বানন্দ সোণোৱালক বিজেপিলৈ আনি মুখ্যমন্ত্ৰী পাতিছে৷ গতিকে বিজেপিৰ প্ৰতি বিধায়ক দত্তৰ যথেষ্ট অৰিহণা আছে আৰু সেয়ে চৰকাৰৰ শাসনকালত তেওক গুৰুত্ব দি মন্ত্ৰিত্বটো দিব লাগে৷’ উল্লেখ্য যে শোণিতপুৰ জিলা বিজেপিৰ অবিচি মৰ্চাই  বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেজপুৰ গেৰেকিত ব্ৰহ্মপুত্ৰৰ পাৰত এক বৃক্ষৰোপণ কাৰ্যসুচীৰ অনুষ্ঠিত কৰে৷ কলাগুৰু বিঞ্চুৰাভা সমাধিক্ষেত্ৰৰ সন্মুখতৰ পৰা মাইথান পৰ্যন্ত ৫০টা গছপুলি ৰোপণ কৰা এই কাৰ্যসূচীত অংশ লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোঁহায়ে শাসনাধিষ্ঠিত ৰাজ্যিক বিজেপিত পুৰণি বিজেপি আৰু ন বিজেপিৰ মাজত অব্যাহত শীতল সংঘাত উদঙাই দিয়ে৷ এইক্ষেত্ৰত গোঁহায়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিচিনা চোকা মানুহ আৰু ৰণজিৎ দত্তৰ দৰে লোকক বহুৱাই থোৱাটো উচিত হোৱা নাই৷ তেওঁলোকক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেয়া প্ৰাপ্য, মন্ত্ৰিত্ব পাব লাগে ভট্টাচাৰ্য আৰু দত্তই কাৰণ তেওঁলোক অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি বুলিও গোঁহায়ে মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে, দুবাৰ তিনিবাৰকৈ তেওঁলোকক বিধায়ক নিৰ্বাচিত হৈছে আৰু বহু বছৰ ধৰি দুয়োজনে বিজেপিৰ কাৰণে অশেষ কষ্ট কৰিছে৷ এনেক্ষেত্ৰত দুয়োজনকে দলে এই সন্মান দিয়াটো কৰ্তব্য আৰু দায়িত্ব৷ গোঁহায়ে কয় যে, ক্ষমতা মানুহৰ হাতত থাকিলে আৰু ক্ষমতা পালেই মানুহ অন্ধ হব নেপায়৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ কাষৰ পৰা মানুহ আঁতৰি যোৱাটো বিচাৰেনে ছাপি যোৱাটো বিচাৰে এইটো তেওঁহে বিচাৰ কৰিব লাগিব৷ আনহাতে বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যৰ পুৰণা বিজেপি নেতা-কৰ্মীসকলৰ মাজত কিয় যথেষ্ট ক্ষোভ দেখা পোৱা গৈছে বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোঁহায়ে কয় ‘ময়ো অন্য এজন কাৰ্যকৰ্তাৰ নিচিনা কাৰ্যকৰ্তা আৰু মোৰ নেতৃত্বটো নগাঁও লোকসভা ২০ বছৰলৈ ধৰি ৰাখিছিলো আৰু মোৰ দিনতো কোনো কোনো কৰ্মী অসন্তুষ্ট হোৱা দেখা পালে তেতিয়া মই তেওঁলোকৰ কাষ চাপি মোৰ ভুল ক’ত বুলি কৈ সেইখিনি শুধৰাই মই ঘূৰাই আনো৷ যদি ব্যক্তিগত ৰাজনৈতিক লক্ষ্যকেই প্ৰাধান্য আৰু গুৰুত্ব দিয়া যায় তেতিয়াই ক’ৰবাত কোনোবা অসন্তুষ্ট¸ হবই৷ গোঁহায়ে লগতে এইবুলিও কয় যে ‘ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰৰ পৰা আনিছো আৰু দুয়োজনকে আমাৰ দলীয় কৰ্মী- সতীৰ্থসকলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে৷ বিজেপিৰ প্ৰবীণ নেতা গোঁহায়ে এই ক্ষেত্ৰত সাৱধান বাণী শুনাই কয় যে কংগ্ৰেছো তেনেকৈ ধবংস হৈছে৷  ৰকিবুল হুছেইনে যেতিয়াই ভাৱে ময়ে ৰজা মোৰ কথা মতেই সকলো চলিব লাগিব, তেতিয়াই সংঘাত বাঢ়ি বাঢ়ি তেওঁলোক একগোট হবই নোৱাৰা হ’ল বুলিও গোঁহায়ে কয়৷