Logo
image

ফেটী হাৰ্টৰ সমস্যা আছিল কেকেৰ, জানি থওক কি এই ফেটী হাৰ্ট

মৰণোত্তৰ পৰীক্ষাত কেকেৰ হৃদযন্ত্ৰ প্ৰায় বগা হৈ পৰা বুলি ধৰা পৰিছে৷ হৃদযন্ত্ৰ বা হাৰ্টৰ ওপৰত পৰিছিল মেদৰ আচ্ছাদন৷ হৃদযন্ত্ৰৰ প্ৰায় ভাগ ভাল্‌ভ টান হৈ গৈছিল৷ চিকিৎসক সকলে প্ৰকাশ কৰা মতে এইবোৰ ফেটি হাৰ্টৰ উপসৰ্গ৷

◾ফেটী হাৰ্ট কিঃ ফেটী লিভাৰ সম্পৰ্কে আজিকালি প্ৰায়েই আলোচনা হয়৷ বিশেষকৈ যিসকলে নিয়মিত সুৰাপান কৰে তেওঁলোকৰ বেছিভাগেই ফেটী লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱাৰ আশংকা থাকে বুলি চিকিৎসকসকলে কয়৷ সেয়ে অত্যধিক সুৰাপানৰ পৰা আঁতৰি থাকিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়ায়৷ কিন্তু ফেটী হাৰ্ট সম্পৰ্কে বহুতেই নাজানে বা এইক্ষেত্ৰত সতৰ্ক হোৱাও দেখা নাযায়৷ হৃদযন্ত্ৰৰ চৌপাশে মেদৰ আচ্ছাদন পৰিলে ইয়াক  ফেটী হাৰ্ট হোৱা বুলি কোৱা হয়৷ মেদৰ এই আচ্ছাদন লাহে লাহে ডাঠ হ’বলৈ ধৰিলে দেহত প্ৰদাহ আৰম্ভ হয়৷ ইয়াৰ লগে লগে শৰীৰত বিভিন্ন ধৰণৰ অস্বস্তি অনুভৱ হয়৷ ফেটী হাৰ্টৰ সমস্যা থাকিলে ষ্ট্ৰোক আৰু হাৰ্টএটেক হোৱাৰ আশংকা বাঢ়ে৷ লগতে হৃদযন্ত্ৰত অন্যান্য ৰোগেও দেখা দিব পাৰে৷

◾কোনবোৰ ভুলৰ বাবে ফেটী হাৰ্ট হয়ঃ খোৱাবোৱা আৰু শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আজিকালি বিশেষভাৱে সচেতন হোৱা উচিত৷ শৰীৰ চৰ্চা আৰু খাদ্যাভ্যাসৰ বাবেই মূলতঃ ফেটী হাৰ্টৰ সমস্যা আৰম্ভ হয়৷ এই ক্ষেত্ৰত প্ৰথমে শৰীৰ চৰ্চাৰ বিষয়ে উল্লেখ কৰা হওকঃ দৈনিক কিমান কেলৰি বৃদ্ধি কৰিছে তালৈ নজৰ দিয়ক৷ যিহেতু  ফেটীহাৰ্টৰ সমস্যা দৈনন্দিন জীৱন-যাপনৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে ব্যায়াম কৰাৰ অভ্যাস কৰক৷ নহ’লে ফেটী হাৰ্টৰ সমস্যা হ’ব পাৰে৷ এইবাৰ খাদ্যাভ্যাসৰ বিষয়ে জানো আহকঃ শৰীৰ চৰ্চা কৰি আপুনি যিমান কেল’ৰি কমাই আছে খাদ্যৰ জৰিয়তে তাতকৈ বেছি কেল’ৰি আহৰণ কৰি আছে নেকি, এইক্ষেত্ৰত মনোযোগ দিয়ক৷ নিয়মিত যি পৰিমাণৰ খাদ্য আপোনাৰ বাবে প্ৰয়োজন, তাতকৈ অধিক নাখাব৷ নহ’লে আপোনাৰো হৃদযন্ত্ৰত মেদৰ আচ্ছাদন হ’ব পাৰে৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ফেটী হাৰ্ট বুলি কোৱা হয়৷ 

◾ফেটী হাৰ্ট সমস্যা থাকিলে কেনেদৰে জানিবঃ ফেটী হাৰ্ট হোৱাৰ লগে লগে হৃদযন্ত্ৰ সংক্ৰান্তীয় বিভিন্ন  সমস্যাই দেখা দিবলৈ ধৰে৷ এনেক্ষেত্ৰত লগে লগে চিটিস্কেন কৰাৰ প্ৰয়োজন আহি পৰে৷ সাধাৰণতে ফেটী হাৰ্টৰ সমস্যাক লৈ চিটিস্কেন কৰা নহয়৷ হৃদযন্ত্ৰজনিত সমস্যা আৰম্ভ হ’লেহে চিকিৎসকে চিটিস্কেন কৰিবলৈ দিয়ে৷ তেতিয়াই ধৰা পৰে ফেটীহাৰ্টৰ সমস্যা৷