Logo
image

এইড্‌ছৰ বলি হৈছে জিম্বাবৱেৰ বহু যুৱতী

চাকৰিৰ বিনিময়ত ঘোচ দিবলৈ আৰু দেহদান কৰিবলৈ বাধ্য যুৱতী!

আমাৰ অসম, ৬ জুনঃ আফ্ৰিকাৰ দক্ষিণ দিশে থকা দেশ জিম্বাবৱেই বহু বছৰৰ পৰাই ভয়ংকৰ দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ সৈতে যুঁজ দি আহিছে৷ দেশখনৰ প্ৰায় ৯০ শতাংশ যুৱক-যুৱতীয়েই হৈছে নিবনুৱা৷ ফলত হতাশ হৈ একাংশ যুৱকে উৎকোচ দি অতি নিম্নমানৰ কাম কৰিবলৈ বাধ্য হৈছে৷ কিন্তু যুৱতীসকলৰ বাবে পৰিস্থিতি আৰু অধিক ভয়ংকৰ৷ কাৰণ তেওঁলোকে বেচৰকাৰী সৰু-সুৰা চাকৰিৰ বাবে ঘোচ বা উৎকোচ হিচাপে টকা নহয়, শৰীৰ দিবলগীয়া হয়৷ অৰ্থাৎ চাকৰি দিওঁতাসকলৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰিবলৈ মান্তি হ’লেহে যুৱতীসকলক সৰু-সুৰা কামত নিয়োগ কৰা হয়৷ এনেদৰে এটা চাকৰিৰ বাবদ যুৱতীসকলে শৰীৰটো দান দিয়াৰ ফলত বহু যুৱতী এতিয়া এইড্‌ছৰ দৰে গম্ভীৰ ৰোগৰ বলি হৈছে৷ এটা চুক্তিভিত্তিক চাকৰিৰ বাবেও ঘোচ দিয়াটো এতিয়া নিয়মত পৰিণত হৈছে দেশখনত৷ যিয়ে ঘোচ দিব নোৱাৰে, তেওঁ চাকৰি পাবলৈ হ’লে শৰীৰ দান দিব লাগিব৷ এনেকৈয়ে শোষণৰ বলি হৈছে দেশখনৰ যুৱক-যুৱতীসকল৷ ‘আল জাজিৰা’ নামৰ সংবাদ মাধ্যমে লোৱা জিম্বাবৱেৰ এনে বহু যুৱক-যুৱতীৰ সাক্ষাৎকাৰে বৰ্তমান বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ এগৰাকী যুৱতীয়ে স্বীকাৰ কৰে যে তেওঁক এখন ছুপাৰ মাৰ্কেটত কাম দিয়াৰ বাবদ ৫০ ডলাৰ বিচৰা হৈছিল উৎকোচ হিচাপে৷ কিন্তু তেওঁ হাতত ইমান ধন নাছিল৷ গতিকে তেওঁ দেহদানৰ বিনিময়ত উক্ত চাকৰি ল’বলৈ বাধ্য হয়৷ বিভিন্ন ছুপাৰ মাৰ্কেট, সৰু-সুৰা উদ্যোগ, কল-কাৰখানা আদিৰ মালিক বা ওপৰৰ পৰ্যায়ৰ লোকে উৎকোচ দিব নোৱৰা যুৱতীসকলক এনে পন্থা অৱলম্বন কৰিবলৈ বাধ্য কৰে৷ জিম্বাবৱেৰ সকলো স্থানতে এনে ঘটনা ঘটিছে৷ কোম্পানীবোৰৰ মেনেজাৰ পৰ্যায়ৰ লোকে নিজৰ সম্পৰ্কীয় লোকক চাকৰিত মকৰল কৰাৰ ফলতে আন যুৱক-যুৱতীয়ে এটা কামৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷