Logo
image

টানেল খহি পোত গ’ল কৰ্মৰত শ্ৰমিক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত দুৰ্ঘটনা

আমাৰ অসম, ৭ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আজি পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত জিতু হাতীবৰুৱা নামৰ এজন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে এনএইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনিয়াৰিঙৰ ছজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ঠিকাদাৰৰ অধীনস্থ এই কৰ্মচাৰীকেইজনে প্ৰকল্পটোৰ ২নং টানেলৰ ভিতৰত ক্ৰংকিটৰ ৰিব লগাই থকা অৱস্থাতে পুৱা ১১.৩০ মান বজাত ৰিব খহি জিতু হাতীবৰুৱাৰ অকাল মৃত্যু হয়৷ ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং পাৰ্বতীপুৰ নিৱাসী ফণীধৰ হাতীবৰুৱাৰ পুত্ৰ জিতু হাতীবৰুৱাই পূৰ্বৰ দৰে আজি পুৱাই এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনিয়াৰিঙৰ কাম কৰিবলৈ যায়৷ জিতু হাতীবৰুৱাই পাটেল ইঞ্জিনিয়াৰিঙৰ এছ আৰ টি ২ত বিপদসংকুলভাৱে সুৰংগৰ ভিতৰত ক্ৰংকিটৰ ৰিব লগাই থকা অৱস্থাতে উক্ত ৰিব খহি জিতু হাতীবৰুৱাৰ মৃত্যু হয়৷ এই ঘটনাত পাটেল ইঞ্জিনিয়াৰিঙৰ আন দুজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়৷ উল্লেখনীয় কথা যে, চলিত সপ্তাহত অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৃষ্টিপাত হৈ থকাৰ লগতে ঠায়ে ঠায়ে প্ৰবল ভূমিস্খলন হৈছে৷ এনে সময়ত এন এইচ পি চিয়ে শ্ৰমিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সাময়িকভাৱে স্থগিত ৰাখিব লাগিছিল যদিও শ্ৰমিক আৰু জনসাধাৰণৰ জীৱনক বন্ধকত ৰাখি এন এইচ পি চিয়ে প্ৰকল্প নিৰ্মাণ বিপদসংকুলভাৱে  অব্যাহত ৰাখিছে৷ এন এইচ পি চিৰ এনে কাৰ্যৰ বিৰুদ্ধে বহুশ্ৰমিকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল যদিও এন এইচ পি চিয়ে কৌশলেৰে সকলো শ্ৰমিকক ছুটী দিয়ে৷ এন এইচ পি চিৰ এনে অমানৱীয় কাৰ্যক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছে আৰু এনএইচপিচিক নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ হুংকাৰ দিছে৷

এশৰো অধিক শ্ৰমিকৰ মৃত্যু!

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাত এতিয়ালৈকে দুৰ্ঘটনাবশতঃ শতাধিক শ্ৰমিকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ প্ৰাপ্ত অভিযোগ মতে, অকালতে প্ৰাণ হেৰুওৱা এই শ্ৰমিকসকলৰ ভিতৰত মাত্ৰ দুজন শ্ৰমিকৰ বাহিৰে আনসকল শ্ৰমিকে শ্ৰমিকৰ ক্ষতিপূৰণ আইনৰ অধীনত কোনো সাহায্য, ক্ষতিপূৰণ বা সংস্থাপন পোৱা নাই৷ তেওঁলোকৰ পৰিয়ালক মানৱীয়তাৰ খাতিৰতো এনএইচপিচিয়ে একো সহায় কৰা নাই৷ এই প্ৰসংগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত চলা আন্দোলনৰ অন্যতম নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা সম্প্ৰতি অসম গণ পৰিষদৰ নেতা আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা তুলাৰাম গগৈয়ে ‘আমাৰ অসম’ক এইদৰে কয়– ‘সোৱণশিৰি বান্ধ নিৰ্মাণত কৰ্মৰত শ্ৰমিক গোগামুখৰ পাৰ্বতীপুৰ গাঁৱৰ জিতু বৰুৱাৰ আজি মৃত্যু হয়৷ ইয়াৰ পূৰ্বেও মৃত্যুক সাবটি লোৱা শ্ৰমিকসকল হ’ল ঘিলামৰা গাঁৱৰ মিলিম চমুৱা, গেৰুকামুখৰ বিশ্বজিৎ পেগু আৰু সুৰেশ্বৰ পেগু, মোধামপুৰ গাঁৱৰ ৰোহিত তায়েং আৰু একেখন গাঁৱৰে ৰাজেশ চুব্বা আদি৷ আমি সকলো নিহত শ্ৰমিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ৷ উল্লেখযোগ্য যে শ্ৰমিকে কৰ্মৰত অৱস্থাত মৃত্যুক সাবটি ল’লে সোৱণশিৰি নদীবান্ধ কতৃৰ্পক্ষই কোনোধৰণৰ ৰাজহুৱা জাননী নিদিয়ে৷ ই নিয়মৰ পৰিপন্থী৷ বিধিব্যৱস্থা মতে, কৰ্মৰত অৱস্থাত মৃত্যুক সাবটি লোৱা কৰ্মচাৰীসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে৷ এনেবোৰ আইনী বাধ্যবাধকতা লুকুৱাই ৰাখিবলৈকে নদীবান্ধ কতৃৰ্পক্ষই সকলো বাতৰি হেঁচা মাৰি থয়৷ আমি নদীবান্ধ কতৃৰ্পক্ষৰ এনে অমানৱীয় দৃষ্টিভংগীৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ৷ নদীবান্ধ কতৃৰ্পক্ষক আজিলৈকে মৃত্যুক সাবটি লোৱা সকলো শ্ৰমিকৰ নাম-ঠিকনা ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ দাবী জনালোঁ৷ লগতে বিধি অনুসৰি পাবলগীয়া ক্ষতিপূৰণ দিবলৈ দাবী জনালোঁ৷ মৃত শ্ৰমিকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে৷ শীঘ্ৰে ইয়াৰ অৱসান ঘটা উচিত৷ মানৱ অধিকাৰৰ লগত জড়িত সংস্থাসমূহকো এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনালোঁ৷’