Logo
image

ভূটানৰ পৰা নামি আহিছে বৃহদাকাৰ মাছ

আমাৰ অসম, ৭ জুনঃ অসম বংগ সীমান্ত অঞ্চলেদি বৈ যোৱা তীব্ৰবেগী সংকোষ নদীত এটাৰ পাছত আন এটা প্ৰকাণ্ড প্ৰকাণ্ড আঁৰি মাছ জালত পৰিছে৷  কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা ঘোলা পানীৰ ঢলত নামি আহিছে প্ৰায় ৮০ কেজি ওজনৰ প্ৰকাণ্ড প্ৰকাণ্ড আঁৰি মাছ৷ কালি ৮৫ কেজি ওজনৰ এটা আঁৰি মাছ জালত পৰাৰ পাছত আজি পুনৰ ৭০ কেজি ওজনৰ দুটা আঁৰি মাছ মাছমৰীয়াৰ জালত ধৰা পৰে৷ ইয়াৰে এটা সংকোষ নদীৰ বিষ্ণু নগৰত আৰু আনটো মাছ শিমূলটাপু গাঁৱৰ সংকোষ নদীত  জালত পৰে৷ উক্ত মাছসমূহ নদীৰ ঘাটত বিক্ৰী হোৱাৰ লগতে অসমৰ ধুবুৰী মাছ বজাৰৰ উপৰি পশ্চিম বংগৰ মাছ বজাৰত বিক্ৰী হৈ আহিছে৷ স্থানীয় নদীত পোৱা মাছসমূহৰ চাহিদা যথেষ্ট আছে৷ পাইকাৰী দৰত প্ৰতি কেজি মাছ ৫০০ ৰ পৰা ৬৫০ টকা দৰত বিক্ৰী কৰি আহিছে৷ চিৰাজুল শ্বেখ, নুৰুদ্দিন শ্বেখ, ৰেজাউল শ্বেখ, চলেমান শ্বেখৰ নামৰ মাছমৰীয়াৰ জালত পৰে এই প্ৰকাণ্ড মাছ দুটা৷ জালত পৰা ইয়াৰে এটা মাছ ৪২ হাজাৰ আৰু আন এটা ৩৩ হাজাৰ টকাত বিক্ৰী কৰে মাছমৰীয়াই৷ কেতিয়া এইবেলি আগতীয়াকৈও প্ৰকাণ্ড আঁৰি মাছ সংকোষ নদীত জালত পৰা নাছিল যদিও বৰষুণ হোৱাত ভূটানৰ পৰা নামি অহা পানী নামি অহাত মাছ জালত পৰিছে৷ ৭০-৮০ কেজি ওজনৰ মাছ এইবছৰত প্ৰথম আছিল৷ ইয়াৰ আগতে সংকোষ নদীত মাছমৰীয়াই পাতি ৰখা জালত ১০-১৫ কেজিৰ ঘড়ীয়া মাছ পাইছিল৷ শেহতীয়াকৈ সংকোষ নদীৰ মাজেৰে যোৱা ৰে’ল দলঙৰ দক্ষিণ পিনে শিমূলটাপুত এখন আৰু বংগৰ সীমান্তৱৰ্তী কৃষ্ণ নগৰত এখন জাল বহুৱাই ৰাখিছে৷ যোৱাকেইদিন ধৰি নদীৰ বিভিন্ন স্থানত আঁৰি মাছৰ লগতে অন্যান্য মাছ ধৰা পৰাত বৰ্তমান নদীৰ পাৰত ব্যাপক ভিৰ হোৱা দেখা গৈছে৷ মাছ দেখিবলৈ নদীৰ পাৰত ৰাইজে হেতা-ওপৰা কৰা দেখিবলৈ পোৱা যায়৷ অতি তাৎপৰ্যপূৰ্ণ কথা যে শিমূলটাপুত যোৱা কালি জালত পৰা ৮০ কেজি ওজনৰ মাছটো ৪৮ হাজাৰ টকাত বিক্ৰী কৰে৷