Logo
image

হকে-বিহকে ঔষধ নাখাই এচিডিটিৰ পৰা সকাহ পোৱাৰ উপায়

আজি-কালি প্ৰায়ভাগ লোকৰে কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যা থাকে৷ ফলত এই সমস্যাৰ পৰা সকাহ পাবলৈ মুঠিয়ে মুঠিয়ে দৰৱ খাবলগীয়া হয়৷ কেতিয়াবা দৰৱ খায়ো এচিডিটিৰ পৰা পৰিত্ৰাণ পাব পৰা নাযায়৷ সেয়ে কিবা এটা খোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়৷ কিন্তু এচিডিটিৰ পৰা সকাহ পোৱাৰ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল এচিডিটিৰ পৰা সকাহ পোৱাৰ কেইটামান ঘৰুৱা উপায়–

[১] আদাঃ এচিডিটিৰ ক্ষেত্ৰত আদা অত্যন্ত উপকাৰী৷ এটুকুৰা আদা খালে এচিডিটিৰ যন্ত্ৰণা বহু পৰিমাণে কমি যায়৷ আদা উতলা পানীৰ সৈতে খালেও উপকাৰ পোৱা যায়৷ দিনে দুই বা তিনিবাৰ গৰম পানীৰ সৈতে আদাৰ ৰস মিহলাই খালে বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

[২] কলঃ কল খায়ো এচিডিটিৰ সমস্যা আঁতৰাব পৰা যায়৷ কলত প্ৰাকৃতিক এণ্টাচিড থাকে৷ এই উপাদানে এচিড ৰিফ্লেক্সৰ বিৰুদ্ধে কাম কৰে৷ এচিডিটিৰ পৰা পৰিত্ৰাণ পোৱাৰ ই সহজ ঘৰুৱা উপায়৷ দৈনিক এটাকৈ কল খাব পাৰিলে এচিডিটিৰ পৰা নিৰাময় পাব পৰা যায়৷

[৩] আপেল চিডাৰ ভিনেগাৰঃ একাপ পানীৰ সৈতে এক বা দুই চামুচ আপেল চিডাৰ ভিনেগাৰ মিহলাই দিনে এবাৰ বা দুবাৰ খালে এচিডিটিৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়৷

[৪] ঠাণ্ডা গাখীৰঃ গাখীৰে গেষ্ট্ৰিক এচিড স্থিতিশীল কৰাত সহায় কৰে৷ গাখীৰত কেলছিয়াম থাকে৷ কেলছিয়ামে পেটত এচিড তৈয়াৰ হোৱাত বাধাৰ সৃষ্টি কৰে৷ সেয়ে এচিডিটিৰ সমস্যা থাকিলে ঠাণ্ডা গাখীৰ খাওক৷

[৫] দালচিনিঃ দালচিনিক প্ৰাকৃতিক এণ্টাচিড বুলি কোৱা হয়৷ ই হজমত সহায় কৰে৷ একাপ পানীৰ সৈতে আধা চাহ চামুচ দালচিনিৰ গুৰি মিহলাই উতলাই লওক৷ ঠাণ্ডা হোৱাৰ পাছত সেই পানী খাওক৷ দেখিব আপোনাৰ এচিডিটিৰ সমস্যা নাইকিয়া হৈছে৷