Logo
image

পুৱাই এটাকৈ ইলাচী খালেও পাব অনেক উপকাৰ

ইলাচীৰ আছে বহুতো ঔষধি গুণ৷ পুৱাই এটাকৈ ইলাচী খালে ইয়াৰ পৰা পোৱা উপকাৰিতাই শৰীৰত যাদুৰ দৰে কাম কৰে৷

◾ইলাচী আৰু আদা প্ৰায় সমগোত্ৰীয়৷ আদাই পেটৰ নানা সমস্যা আৰু হজম শক্তি বৃদ্ধি কৰাৰ দৰে এইক্ষেত্ৰত ইলাচীও অতি উপযোগী৷ বুকুৰ জ্বলাপোৰা, বমি ভাব, পেটফুলা, এচিডিটিৰ পৰা হাত সাৰিবলৈ পুৱাই এটাকৈ ইলাচী খাওক৷

◾দেহৰ ক্ষতিকাৰক টক্সিন দূৰ কৰাত ইলাচীয়ে সহায় কৰে৷

◾ৰক্তনলীত ৰক্ত জমা হোৱাৰ সমস্যাত ভুগিলে ইলাচী খালে ভাল ফল পাব পাৰি৷ ইলাচীয়ে তেজ পাতল কৰে৷ প্ৰতিদিনে এটাকৈ ইলাচী খালে তেজৰ ঘনত্ব সঠিকভাৱে থাকে৷

◾ইলাচীৰ আছে ডিউৰেটিক উপাদান৷ এই উপাদানে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷

◾মুখৰ দুৰ্গন্ধ দূৰ কৰাত ইলাচীয়ে যাদুৰ দৰে কাম কৰে৷ মুখৰ দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰীয়া ধবংস কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰে৷

◾নিয়মীয়াকৈ এটাকৈ ইলাচী খালে কেন্সাৰ প্ৰতিৰোধত সহায়ক হয়৷ ইলাচীয়ে দেহত কেন্সাৰ কোষ গঠনত বাধা দিয়ে৷

◾ইলাচীত আছে এণ্টিঅক্সিডেণ্ট উপাদান৷ যাৰ বাবে বয়সৰ ছাপ পৰাত বাধা দিয়ে৷ সেইবাবেই প্ৰতিদিনে এটাকৈ ইলাচী খোৱাৰ অভ্যাস গঢ়ি তোলক৷