Logo
image

এনকাউণ্টাৰৰ হিচাপ দিয়াত অপাৰগ আৰক্ষী

ন্যায়ালয়ক পুনৰ বিচাৰিলে সময়

আমাৰ অসম, ৮ জুনঃ নিশা হ’লেই জিম্মাত থকা অভিযুক্তক এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শৰ্ন কৰা স্মাৰ্ট অসম আৰক্ষীয়ে বিগত ৩ মাহেও মিলাব পৰা নাই এনকাউণ্টাৰৰ হিচাপ-নিকাচ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুখ্যাত অপৰাধীক আঁঠুৰ তলত গুলীয়াবলৈ আৰক্ষীক ৰাজহুৱাকৈ সেউজ সংকেত দিয়াৰ পাছতে ই এতিয়া নিশা অভিযুক্ত দেখিলেই এনকাউণ্টাৰ কৰিবলৈ আৰক্ষী থানাত যেন হেতা-ওপৰা লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অসম আৰক্ষীয়ে ৰাইজক ভয় খুৱাবলৈ এনকাউণ্টাৰ কৰি অপৰাধ নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ নামত নিৰপৰাধী সাধাৰণ লোকক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰিবলৈও যেন কুণ্ঠাবোধ কৰা নাই৷ একেখন চিত্ৰনাট্য বৰ্ণনা কৰি অসম আৰক্ষীয়ে এনকাউণ্টাৰৰ নামত সন্ত্ৰাস অব্যাহত ৰাখিছে যদিও আজিলৈকে কিমানটা এনকাউণ্টাৰ কৰিলে আৰু ঘটনা সম্পৰ্কীয় এজাহাৰ সমূহো একগোট কৰি আদালতত দাখিল কৰিবলৈ গৈ বাৰে বাৰে উজুটি খাব লগা হৈছে গৃহ বিভাগৰ৷ অসম আৰক্ষীয়ে সংঘটিত কৰা এনকাউণ্টাৰ সমূহ ভুৱা বুলি অভিহিত কৰি স্বতন্ত্ৰ সংস্থা বা আন ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা নিৰপেক্ষ তদন্ত বিচাৰি দিল্লীৰ অধিবক্তা আৰিফ জোৱাদ্দাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰত বিগত তিনি মাহেও এনকাউণ্টাৰৰ সঠিত তথ্যসহ শপতনামা দাখিল কৰাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা আৰক্ষী সঞ্চালক প্ৰধান৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৮৬/২০২১ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোত বিগত ২৫ ফেব্ৰুৱাৰীৰ শুনানিতে গৃহ বিভাগ তথা আৰক্ষী সঞ্চালক প্ৰধানক প্ৰতিটো এনকাউণ্টাৰৰ এফ আই আৰ সহ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷ ইয়াৰ পূৰ্বে উক্ত তথ্য দাখিলৰ বাবে তিনি সপ্তাহৰ চৰকাৰে সময় লৈছিল যদিও বুধবাৰে গোচৰটোৰ শুনানিতো এনকাউণ্টাৰৰ তথ্য আদালতক দাখিল কৰাত ব্যৰ্থ হয়৷ আৰক্ষীয়ে সংঘটিত কৰা এনকাউণ্টাৰ সমূহৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত থকা বুলি অৱগত কৰি ন্যায়ালয়ক অতিৰিক্ত তিনি সপ্তাহৰ সময় বিচাৰে অসম চৰকাৰে৷ অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়াই এই অপৰাগতা প্ৰকাশ কৰাত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে এনকাউণ্টাৰৰ তথ্য দাখিলৰ বাবে চৰকাৰক অতিৰিক্ত তিনি সপ্তাহ সময় দিয়ে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছত বৰ্তমানলৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰি প্ৰায় ৪৯ জন লোকক হত্যা কৰাৰ বিপৰীতে আন প্ৰায় ১৫০ জন লোকক গুলীবিদ্ধ কৰিছে৷ অৱশ্যে অসম আৰক্ষীয়ে বৰ্তমানলৈ ৪১টা এনকাউণ্টাৰৰ ঘটনাৰহে এফ আৰ আই দাখিল কৰিবলৈ সক্ষম হৈছে গোচৰীয় পক্ষক৷ গোচৰীয়া অধিবক্তা আৰিফ জোৱাদ্দাৰে এনকাউণ্টাৰ সংঘটিত কৰা উক্ত ৪১ জন ব্যক্তিৰ বিৰুদ্ধে এনকাউণ্টৰৰ পূৰ্বে কোনো এফ আই আৰ¸ দাখিল হোৱা নাছিল বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে৷